Logo
image

৮০ বছৰ পূৰ্বে কেনে আছিল আপোনাৰ এলেকা, জনাব গুগ্‌লে

আমাৰ অসম, ৩০ মাৰ্চঃ আপুনি বাস কৰা এলেকাটো ৮০ বছৰ পূৰ্বে কেনে আছিল? গুগলে দিব এই বিষয়ে বিস্তৃত তথ্য৷ ৰিপাব্লিক ৱল্ডৰ্ৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে টাইম মেছিনৰ দৰে শেহতীয়াকৈ আন এক নতুন ফিছাৰ আনিছে গুগল আৰ্থে৷ এই ফিছাৰৰ জৰিয়তে আজিৰ পৰা ৮০ বছৰ পূৰ্বে আপোনাৰ এলেকাটো কেনেধৰণৰ আছিল সেই বিষয়ে সহজেই অৱগত হ’ব পাৰিব৷ অৰ্থাৎ দলং, অট্টালিকা, বিভিন্ন টাৱাৰ আদিক বাদ দি গুগল আৰ্থত এলেকাটোৰ জলাশয়, নদীৰ পুৰণি গতিপথ বিভিন্ন পথাৰ আৰু গছ-লতিকা আদিৰ তথ্য পোৱা যাব৷ সম্প্ৰতি ৮০ বছৰলৈকে গুগল আৰ্থত এই তথ্য লাভ কৰিব পৰা যাব যদিও পৰৱৰ্তী সময়ত এলেকাটোৰ ইয়াতকৈও পুৰণি তথ্য বিচাৰি পোৱা যাব শেহতীয়া ফিছাৰটোত৷