আঙুৰ খালে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে
আঙুৰক অভিজাত ফল ৰূপে গণ্য কৰা হয়৷ অন্য ফলৰ তুলনাত আঙুৰৰ দাম বেছি৷ আঙুৰ বিভিন্ন ধৰণৰ খাদ্যত ব্যৱহাৰ কৰিব পাৰি৷ আঙুৰৰ ৰসৰ পৰা ওৱাইনৰ লগতে জাম-জেলি আদি প্ৰস্তুত কৰা হয়৷ শুকান আঙুৰক কিচমিছ বুলি জনা যায়৷ এই কিচমিছৰো আছে অনেক উপকাৰিতা৷
কেঞ্চাৰ প্ৰতিৰোধঃ আঙুৰত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু এণ্টিইনফাৰ্মিটেৰীৰ দৰে গুৰুত্বপূৰ্ণ উপাদান আছে৷ আঙুৰত থকা এই উপাদানৰ বাবে আঙুৰ নিয়মীয়াকৈ খালে কেঞ্চাৰ প্ৰতিৰোধ হয়৷
ছালৰ সুৰক্ষাঃ আঙুৰত থকা ফাইটো কেমিকেল আৰু ফাইটো নিউটিয়েণ্টৰ বাবে আঙুৰ নিয়মীয়াকৈ খালে ছাল মসৃণ হৈ থাকে৷ তদুপৰি আঙুৰত আছে প্ৰচুৰ পৰিমাণে ভিটামিন-চি৷ ই ছালৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে৷
বয়সৰ ছাপ পৰাত বাধাঃ আঙুৰ নিয়মীয়াকৈ খালে বয়সৰ ছাপৰ পৰা মুক্ত হৈ থাকিব পাৰি৷
কিডনী ভালে ৰাখেঃ আঙুৰত থকা বিভিন্ন ভিটামিনে ইউৰিক এছিডৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷ তদুপৰি আঙুৰ নিয়মীয়াকৈ খালে কিডনী ভালে থাকে৷ তদুপৰি মাইগ্ৰেনজনিত সমস্যাত ভুগিলেও আঙুৰ খালে সুফল পাব পাৰি৷
নিয়মীয়া ৰক্ত সঞ্চালনঃ আঙুৰ জুছ নিয়মীয়াকৈ খালে ৰক্ত সঞ্চালন স্বাভাৱিক অৱস্থাত থাকে৷
স্মৃতিশক্তি বৃদ্ধিঃ আঙুৰ নিয়মীয়াকৈ খালে স্মৃতিবিভ্ৰমত ভোগাসকলে কম সময়তে ভাল ফল পাব পাৰে৷
স্তন কেঞ্চাৰ ৰোধঃ শেহতীয়া গৱেষণাত পোহৰলৈ আহিছে যে আঙুৰত থকা বিভিন্ন উপাদানে স্তন কেঞ্চাৰ ৰোধত সহায় কৰে৷ স্তন কেঞ্চাৰৰ আশংকাত ভুগিলে নিয়মীয়াকৈ আঙুৰ খোৱাৰ অভ্যাস কৰিব পাৰে৷
কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণঃ আঙুৰত টৰোষ্টেলবেন নামৰ এক ধৰণৰ যৌগ থাকে যি শৰীৰত কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে৷
মূৰৰ বিষ দূৰ কৰেঃ হঠাতে যদি মূৰৰ বিষ আৰম্ভ হয় ঔষধৰ পৰিৱৰ্তে কেইটামান আঙুৰ খালেই বিষৰ পৰা উপশম পাব পাৰে৷ তদুপৰি আঙুৰ নিয়মীয়াকৈ খালে চকুৰ বাবে অত্যন্ত উপকাৰী৷ এজমা, বদহজম দূৰ কৰাটো আঙুৰ অতি উত্তম৷ নিয়মিয়ীকৈ খাদ্য তালিকাত আঙুৰ ৰাখিলে এনেধৰণৰ বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷