Logo
image

টীম ইণ্ডিয়াক নেতৃত্ব দিব নোপোৱাৰ আক্ষেপ নাই অশ্বিনৰ

চেন্নাই, ১৯ ডিচেম্বৰ : ব্ৰীছবেন টেষ্ট সমাপ্ত হোৱাৰ দিনাই অৰ্থাৎ বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰিছিল ৰবিচন্দ্ৰন অশ্বিনে৷ অৱসৰৰ ঘোষণা কৰাৰ দিনাই নিশা তেওঁ স্বদেশলৈ উৰা মাৰিছিল৷ সময় কম থকাৰ বাবে সতীৰ্থসকলে তেওঁক ভালদৰে বিদায় জনাব নোৱাৰিলে৷ বৃহস্পতিবাৰে পুৱাই তেওঁ উপস্থিত হয় স্বদেশত৷ চেন্নাই বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত তেওঁ পোনে পোনে যায় স্বগৃহলৈ, য’ত আগৰে পৰা সমবেত হৈছিল বহুসংখ্যক অনুৰাগী৷ ঢাক-ধোল বজাই, ফুট চটিয়াই তেওঁক আদৰা হৈছিল৷ পিতৃ আগবাঢ়ি আহি তেওঁক  আকোঁৱালি ধৰিছিল৷ পিতৃৰ সৈতে আছিল মাতৃ  আৰু পৰিয়ালৰ আন সদস্য৷ সমৰ্থকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ছেলফি তোলাৰ লগতে অটোগ্ৰাফ দিছিল অশ্বিনে৷ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলা চলি থাকোঁতেই আচম্বিতে অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা সিদ্ধান্তৰ পাছত বহু কথা প্ৰকাশ পাইছে৷


স্বদেশত উপস্থিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখীন হৈ তেওঁ কয়–‘মোৰ অৱসৰৰ সিদ্ধান্তক হয়তো বহুতেই সহজভাৱে লব পৰা নাই৷ তেওঁলোকৰ এই আদৰক মই সন্মান জনাও৷ মোৰ বাবে এয়া হৈছে ডাঙৰ সন্মান৷ আপোনালোকক এটা কথা কৈ থওঁ যে টীম ইণ্ডিয়াক নেতৃত্ব দিব নোৱাৰাৰ বাবে মোৰ কোনো আক্ষেপ নাই৷ বহুতকে দেখিছো, কোনো এটা সিদ্ধান্ত লোৱাৰ পাছত আক্ষেপ কৰা৷ মই তেনেদৰে জীৱন কটাব নিবিচাৰো৷ বিগত দুটা বছৰত মনত ৰাখিবলগীয়া বিশেষ একো নাছিল৷ তেতিয়াই বুজিব পাৰিছিলো এইবাৰ আন পথ লোৱাৰ প্ৰয়োজন৷’ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সামৰাৰ পাছত অশ্বিনে এতিয়া আই পি এলত মনোনিবেশ কৰিব বিচাৰে৷ এই সন্দৰ্ভত তেওঁ কয়–‘এতিয়াই কোনো পৰিকল্পনা নাই৷ কিছুদিন আৰাম কৰিম৷ কিন্তু এটা কথা কওঁ, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মোৰ যাত্ৰা শেষ হৈছে যদিও ক্ৰিকেটাৰ অশ্বিন এতিয়াও শেষ হৈ যোৱা নাই৷’  নিজ ঘৰত উপস্থিত হোৱাৰ পাছত সমৰ্থকে তেওঁক যিদৰে আদৰিছিল, সেয়া দেখি অশ্বিনৰ ১৩ বছৰ পূৰ্বৰ বিশ্বকাপ জয়ৰস্মৃতি মনলৈ অহাৰ কথা উল্লেখ কৰি অনুৰাগীক উদ্দেশ্যি অশ্বিনে কয়–‘মোক আদৰিবলৈ ইমান মানুহ আহিব বুলি ভাবিবই পৰা নাছিলো৷ অন্তিমবাৰ ২০১১ চনৰ এদিনীয়া বিশ্বকাপ জয়ৰ সময়ত এনে দৃশ্য দেখিছিলো৷ সেই স্মৃতি মনত পৰি গ’ল৷’