বুকুৰ বিষ, অত্যধিক ক্লান্তি? সতৰ্ক হওক
আমাৰ সমস্ত শৰীৰটো ধমনীৰে ভৰা৷ ধমনী বা শিৰাৰ জৰিয়তে শৰীৰৰ প্ৰতিটো অংগলৈ তেজ আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ সৰবৰাহ হয়৷ গতিকে সুস্থ থাকিবলৈ হ’লে স্নায়ুৰ কাম-কাজ স্বাভাৱিক হৈ থকাটো জৰুৰী৷ স্নায়ুত কোনো সমস্যাই দেখা দিলে অংগ-প্ৰত্যংগসমূহত ইয়াৰ প্ৰভাৱ পৰা আৰম্ভ হয়৷ খোৱা-লোৱাৰ ভুল অভ্যাস আৰু ভুল জীৱনধাৰাৰ বাবে আমি স্নায়ু সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হওঁ৷ এনে সমস্যাৰ এটা অন্যতম হৈছে ধমনী বা শিৰাত হোৱা ব্লকেজৰ সমস্যা৷ ধমনীত ব্লকেজ হোৱা মানে ৰক্ত সঞ্চালন বাধাগ্ৰস্ত হয়৷ ৰক্তনলী বন্ধ বিভিন্ন কাৰণত হ’ব পাৰে৷ ভুল খাদ্যাভাস, দৈহিক শ্ৰম নকৰা, স্থূলতা, উচ্ছ কলেষ্টেৰ’ল, ধুমপান আদিৰ বাবে ৰক্তনলী বাধাগ্ৰস্ত হ’ব পাৰে৷ এনে সমস্যাত হাৰ্টএটেক আৰু ষ্ট্ৰোকৰ দৰে গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি পায়৷ ধমনীত ব্লকেজ হ’লে কিছুমান লক্ষণে দেখা দিয়ে৷ উল্লেখ কৰা হ’ল তেনে কেইটামান লক্ষণ–
১) বুকুৰ বিষ : ৰক্তনলীত বাধাৰ সৃষ্টি হ’লে বুকুত বিষ অনুভৱ হয়৷ ধমনী বা শিৰা বাধাগ্ৰস্ত হ’লে হূদপিণ্ডই পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনযুক্ত তেজ লাভ কৰাৰ পৰা বঞ্চিত হয়৷ ফলত বুকুৰ বিষ আৰম্ভ হয়৷
২) শ্বাস-প্ৰশ্বাসৰ সমস্যা : ধমনীত ব্লকেজ হ’লে উশাহ লোৱাত কষ্ট হয়৷ সাধাৰণ পৰিশ্ৰমৰ পাছতে শ্বাস-প্ৰশ্বাসত সমস্যা হোৱা যেন অনুভৱ কৰিলে চিকিৎসকৰ কাষ চাপক৷
৩) হাত-ভৰি চেঁচা : অনবৰতে হাত-ভৰি চেঁচা লাগিলে এয়া ব্লকেজৰ লক্ষণ হ’ব পাৰে৷ ধমনী বা শিৰাত ব্লকেজ হ’লে ৰক্ত সঞ্চালনত বাধা আহি পৰে৷ ফলত হাত-ভৰি চেচাঁ হৈ পৰে৷ এনেকুৱা হ’লে চিকিৎসকৰ পৰামৰ্শ লওক৷
৪) অত্যধিক ক্লান্তি : অত্যধিক ক্লান্তি লাগিলে বা অনবৰতে দুৰ্বল অনুভৱ কৰিলে সেয়াও ব্লকেজৰ লক্ষণ হ’ব পাৰে৷ ৰক্তনলীত বাধাৰ সৃষ্টি হ’লে হূদপিণ্ডই তেজ পাম্প কৰোতে বেছি পৰিশ্ৰম কৰিবলগীয়া হয়৷ ফলত অনবৰতে ক্লান্তি অনুভৱ হয় আৰু শৰীৰটো দুৰ্বল লাগে৷
৫) মূৰ ঘূৰণি : হঠাৎ মূৰ ঘূৰণি হোৱা সমস্যাক সহজভাৱে নল’ব৷ ধমনীত ব্লকেজ হ’লে মস্তিষ্কলৈ পৰ্যাপ্ত পৰিমাণে অক্সিজেনযুক্ত তেজ সৰবৰাহ হোৱাত বাধা আহি পৰে৷ ফলত মূৰ ঘূৰাই বা সংজ্ঞা হেৰুৱাবলগীয়া হয়৷ এনেধৰণৰ সমস্যা হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব৷