Logo
image

মুড়ি নে মাখানা! ওজন নাবাঢ়িবলৈ কোনটো খাব?

মুড়ি আৰু মাখানা, নামৰ ক্ষেত্ৰত দুয়োটাৰে মিল আছে৷ দুয়োটা মুখৰোচক খাদ্য সামগ্ৰীৰে ৰং প্ৰায় একেই৷ কিন্তু পুুষ্টিগুণৰ ক্ষেত্ৰত দুয়োটাৰে গুণ বেলেগ বেলেগ৷ ধানৰ পৰা তৈয়াৰ কৰা মুড়ি এটা সময়ত গ্ৰামাঞ্চলত খাদ্য সামগ্ৰী হিচাপে অবাধ ৰাজত্ব আছিল৷ পুৱাই গৰম গাখীৰৰ লগত মুড়ি খোৱাটো একপ্ৰকাৰে অঘোষিত নিয়মেই আছিল৷ সন্ধিয়া চাহৰ আড্ডাটো চানাচুৰৰ লগত চপ-মুড়ি চলিছিল৷ মুড়ি শুকানে, গুড়ৰ সৈতে লাড়ু কৰি, চিৰাৰ লগত মিহলাই  জলপান হিচাপে বা গাখীৰত তিয়াই খাব পাৰি৷ পেটৰ সমস্যা, বমি, এচিডিটি, মূৰৰ বিষ সকলোতে ঘৰুৱা পথ্য আছিল এইবিধ খাদ্য মুড়ি৷ মুড়িয়ে এচিডিটি ৰোধ কৰে৷ নিয়মীয়াকৈ মুড়ি খালে এচিডিটি কমে৷ সেইদৰে মুড়িয়ে হৃদৰোগৰ আশংকা কমায়৷ বজাৰত অতি সহজলভ্য মুড়িত প্ৰচুৰ পৰিমাণে কেলৰি, কাৰ্বহাইড্ৰেট পোৱা যায়৷ এইবিলাকে ওজন নিয়ন্ত্ৰণত সহায় নকৰে৷


আনহাতে মাখানা হ’ল পদুমৰ গুটি বা বীজ৷ বিশেষকৈ ওজন নাবাঢ়িবৰ বাবে এইবিধ সুস্বাদু খাদ্যই বিশেষভাৱে সহায় কৰে৷ পুষ্টিগুণেৰে ভৰপূৰ মাখানাত প্ৰচুৰ পৰিমাণে প্ৰটিন, ফাইবাৰ, কেলছিয়াম, কাৰ্বহাইড্ৰেট পোৱা যায়৷ ইয়াত কেলৰিৰ পৰিমাণ কম থাকে৷ সেয়ে মাখানা খালে ওজন নিয়ন্ত্ৰণত বিশেষভাৱে সহায়ক হয়৷ মাখানাই হাৰ্ট সংক্ৰান্তীয় ৰোগ দূৰ কৰে৷ তদুপৰি মাখানাত পটাছিয়াম, মেগনেছিয়াম আৰু আইৰণ পোৱা যায়৷ এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ মাখানাত গ্লাইচেমিট ইনডেক্সো মুড়িৰ তুলনাত কম থাকে৷ সেয়ে ডায়েট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মাখানাই বিশেষভাৱে কাম কৰে৷ পুষ্টিবিদসকলৰ মতে, তেল বা ঘিঁউ ব্যৱহাৰ নকৰাকৈ যদি মাখানা ভজা হয় তেনেহ’লে শৰীৰৰ কাৰণে ই অতি উত্তম৷ বিপাককাৰ্য ভালে ৰখাত প্ৰ’টিন আৰু ফাইবাৰৰ যথেষ্ট ভূমিকা আছে৷ মাখানাত এই খনিজ পদাৰ্থ যথেষ্ট পৰিমাণে পোৱা যায়৷ ৰাতি শোৱাৰ আগত গাখীৰৰ লগত মাখানা খালে টোপনি ভাল হয়৷ এই পুষ্টিগুণসম্পন্ন খাদ্য সামগ্ৰী দুবিধৰ বিচাৰ কৰিলে আৰু ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ মাখানা মুড়িতকৈ উৎকৃষ্ট৷