Logo
image

বছৰটোত ভাৰতীয় ক্ৰীড়াৰ ভাল খবৰ

২০২৪ বৰ্ষৰ অন্তিম মাহটোৰ মাজভাগত ভাৰতীয় ক্ৰীড়ালৈ আহিছে এটা ভাল খবৰ৷ চীনৰ ডি লিৰেনক পৰাস্ত কৰি বিশ্বৰ সৰ্বকনিষ্ঠ দবা চেম্পিয়নৰ সন্মান লাভ কৰিছে চেন্নাইৰ ১৮ বছৰীয়া দবাৰু ডমাৰাজু গুকেশে৷ নিঃসন্দেহে ভাৰতীয় ক্ৰীড়াৰ বাবে এয়া এক বৃহৎ সাফল্য৷ কিয়নো, দবাৰ বিশ্ব চেম্পিয়ন হোৱা গুকেশ হৈছে দ্বিতীয়জন ভাৰতীয়৷ ইয়াৰ পূৰ্বে এই তালিকাত নাম আছিল কেৱল বিশ্বনাথন আনন্দৰ৷ যোৱা বছৰ সবাতোকৈ কম বয়সত ২,৭৫০ ৰেটিং পইণ্ট লাভ কৰিছিল গুকেশে৷ সেই বছৰতে আনন্দক চেৰ পেলাই ভাৰতীয় দবা ৰেংকিঙৰ শীৰ্ষস্থানত উপনীত হৈছিল গুকেশ৷ এইবাৰ তেওঁ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে শৈশৱৰ পৰা মনত পুহি ৰখা সপোনটো বাস্তৱত পৰিণত কৰিলে৷ দবাৰ ক্ষেত্ৰখনত ভাৰতৰ আন এক সফলতা আছিল বুডাপেষ্টত অনুষ্ঠিত দবা অলিম্পিয়াডত, য’ত ভাৰতৰ পুৰুষ আৰু মহিলা দলে স্বৰ্ণপদক লাভ কৰিছিল৷ বিদায় ল’বলগীয়া বছৰটোত ভাৰতীয় ক্ৰীড়াৰ আন এক ডাঙৰ সফলতা আছিল জুনত৷ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত টুৱেণ্টী২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাৰে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছিল ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে৷ টুৱেণ্টী২০ বিশ্বকাপৰ এই সফলতাৰ পাছতে অধিনায়ক ৰোহিত শৰ্মাৰ লগতে বিৰাট কোহলি আৰু ৰবীন্দ্ৰ জাদেজাই ক্ৰিকেটৰ এই চমু সংস্কৰণৰ পৰা অৱসৰৰ সিদ্ধান্ত লৈছিল৷ আনহাতে, দ্ৰাৱিড়েও টীম ইণ্ডিয়াৰ প্ৰশিক্ষক পদৰ পৰা অব্যাহতি লৈছিল৷

টুৱেণ্টী২০ বিশ্বকাপৰ এই সফলতাৰ বিপৰীতে নিউজীলেণ্ডৰ বিৰুদ্ধে অক্টোবৰ-নৱেম্বৰত স্বদেশত অনুষ্ঠিত তিনিখন খেলৰ টেষ্ট শৃংখলাত হোৱাইট-ৱাশ্বৰ সন্মুখীন হৈ ভাৰতীয় ক্ৰিকেট দলটোৱে দেশবাসীক লজ্জানত কৰিছিল৷ ভাৰতীয় ক্ৰীড়ালৈ আন এটা ভাল খবৰ আহিছিল পেৰিছ অলিম্পিকৰ যোগেদি৷ অৱশ্যে, যি লক্ষ্য লৈ ভাৰতে পেৰিছ অলিম্পিকত ভাগ লৈছিল, সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিলে৷ অলিম্পিকলৈ যোৱাৰ পূৰ্বে ভাৰতীয় অলিম্পিক সন্থাৰ লগতে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ৰ ফালৰ পৰা দাবী কৰা হৈছিল যে পেৰিছত ভাৰতৰ পদকৰ সংখ্যা দ্বি-অংকৰ হ’ব৷ কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ’ল ভাৰতে এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদকতে ক্ষান্ত থাকিবলগীয়া হৈছিল৷ টকিঅ’ত স্বৰ্ণপদক লাভ কৰা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই ৰূপৰ পদকহে লাভ কৰিছিল যদিও ক্ৰমাগত দুবাৰৰ অলিম্পিকত পদক লাভ কৰাটো নীৰজৰ বাবে এক বিশেষ কৃতিত্ব৷ নীৰজৰ উপৰি এইবাৰৰ অলিম্পিকত ভাৰতে শ্বুটিঙত লাভ কৰিছে তিনিটাকৈ পদক৷ মানু ভাকেৰ, সৰৱজোৎ সিং আৰু স্বপ্নীল কুছালেই পাইছিল ব্ৰঞ্জৰ পদক৷ মল্লযুঁজত অমন শ্বেৰাৱাট আৰু ভাৰতীয় পুৰুষ হকী দলটোৱেও লাভ কৰিছিল ব্ৰঞ্জৰ পদক৷ ২০২০ চনৰ টকিঅ’ অলিম্পিকতো ভাৰতীয় হকী দলটোৱে পাইছিল ব্ৰঞ্জৰ পদক৷ পেৰিছ অলিম্পিকৰ পাছতে আগষ্ট-ছেপ্টেম্বৰত অনুষ্ঠিত পেৰালিম্পিকত ২৯টা পদক জয় কৰি ভাৰতে পাইছিল পদক তালিকাৰ অষ্টাদশ স্থান৷ ভাৰতীয় খেলুৱৈয়ে লাভ কৰিছিল সাতটা স্বৰ্ণ, জ্ঝটা ৰূপ আৰু ১৩টা ব্ৰঞ্জ৷

ক্ৰিকেট হৈছে ভাৰতৰ সবাতোকৈ জনপ্ৰিয় খেল৷ সেইবাবে ভাৰতীয় ক্ৰীড়াপ্ৰেমী ক্ৰিকেটক লৈ ব্যস্ত থকাটো অস্বাভাৱিক নহয়৷ কিন্তু শেহতীয়াভাৱে হকী, বক্সিং, এথলেটিকছৰ দৰে অলিম্পিক ইভেণ্টবোৰতো ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শন উন্নত হোৱাটো উৎসাহৰ বিষয়৷ ক্ৰিকেটত ভাৰতীয় দলৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) যথেষ্ট কাম কৰিছে৷ বি চি চি আই হৈছে দেশৰ ভিতৰতে এটা চহকী সংগঠন৷ সেইবাবে ক্ৰিকেটত অৰ্থৰ অভাৱ নহয়৷ কিন্তু আন খেলবোৰত ক্ৰিকেটৰ দৰে ধন বিনিয়োগ কৰা নহয়৷ ধনৰ লগতে প্ৰয়োজন দীৰ্ঘম্যাদী আৰু প্ৰণালীবদ্ধ পৰিকল্পনাৰ৷ এথলীট নীৰজ চোপ্ৰাকে যদি উদাহৰণ হিচাপে লোৱা হয়, তেওঁ বৰ্তমান বিশ্বৰ এজন পৰিচিত এথলীট৷ বিদেশৰ বহু আগশাৰীৰ টুৰ্নামেণ্টত তেওঁ নিয়মিতভাৱে ভাগ লৈ আহিছে৷ তদুপৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পোৱা সফলতাৰ বাবে তেওঁক স্পনছ’ৰ কৰাৰ বাবে আগবাঢ়ি আহিছে আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ৷ দেশৰ প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈসকলক যদি সঠিক দিশত আগবঢ়াই নিব পৰা যায়, তেওঁলোকেও খেলক পেছা হিচাপে ল’বলৈ আগ্ৰহী হ’ব আৰু ভৱিষ্যতলৈ আৰ্থিক দিশতো  লাভৱান হ’ব পাৰিব৷ কেৱল চৰকাৰৰ ওপৰতে নিৰ্ভৰশীল হ’লে নহ’ব, এইক্ষেত্ৰত ক্ৰীড়া সংগঠনবোৰৰো কৰিবলগীয়া বহুখিনি আছে৷