Logo
image

শোকৰ আৱহৰ মাজতেই ক’লা বজাৰত চৰা দামত বিক্ৰী দিলজিতৰ শ্ব’ৰ টিকট

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ ডিচেম্বৰঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ ৰাজ্যিক শোকৰ মাজতে দেওবাৰে সন্ধিয়া গুৱাহাটীবাসীক সংগীতৰ মায়াৰে মতলীয়া কৰিব জনপ্ৰিয় পাঞ্জাবী কণ্ঠশিল্পী দিলজিৎ সিং দোছেঞ্জে৷ অসমৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদজনক শেষ শ্ৰদ্ধা জনোৱাৰ বাবে ৰাজ্য চৰকাৰে সপ্তাহজোৰা শোক পালন কৰাই নহয়, সকলো ধৰণৰ চৰকাৰী মনোৰঞ্জনমূলক কাৰ্যসূচীও বাতিল কৰিছে৷ কিন্তু এই ৰাজ্যিক শোক সপ্তাহ চলি  থকাৰ মাজতে খোদ দিছপুৰৰ কাষৰে সৰুসজাই ষ্টেডিয়ামত কণ্ঠশিল্পী দিলজিৎ সিঙক মনোৰঞ্জনমূলক সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে চৰকাৰ তথা প্ৰশাসনে অনুমতি দিয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে৷



গুৱাহাটীৰ মাজমজিয়াত বহিঃ ৰাজ্যৰ ব্যৱসায়িক গোষ্ঠীয়ে আয়োজন কৰা চেলিব্ৰিটী কণ্ঠশিল্পী দিলজিৎ সিং দোছাঞ্জৰ সংগীতানুষ্ঠানৰ অনুমতি প্ৰদান কৰি ৰাজ্য চৰকাৰে দেশৰ বিশিষ্ট অৰ্থনীতিবিদ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিয়োগত শ্ৰদ্ধা জনোৱাৰ বাবে ৰাজ্যিক শোক পালনৰ অৰ্থ কি থাকিলে বুলিও বিভিন্নজনে সমালোচনা কৰা দেখা গৈছে৷ অথচ একেখন চৰকাৰে গুৱাহাটীৰ লাচিতঘাটত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ কাৰ্ণিভেলৰ লগতে খানাপাৰাৰ অসম গ্ৰন্থমেলাৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰিছে৷ চৰকাৰী সকলো ধৰণৰ মনোৰঞ্জনমূলক কাৰ্যসূচী বাতিল কৰিলে যদিও বহিঃৰাজ্যৰ ব্যৱসায়িক গোষ্ঠীয়ে ব্যক্তিগত লাভা লাভৰ বাবে আয়োজন কৰা মনোৰঞ্জনমূলক এই সংগীতানুষ্ঠানত গুৱাহাটী আৰক্ষীৰ শতাধিক জোৱান-বিষয়াই নিৰাপত্তাৰ দায়িত্ব পালন কৰিবলৈ কঁকালত টঙালি বান্ধিবলগীয়া হৈছে৷ 

দেওবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ হেলিপেডত অনুষ্ঠিত হ’বলগীয়া কণ্ঠশিল্পী দিলজিৎ সিং দোছাঞ্জৰ সংগীতানুষ্ঠানৰ টিকটক লৈ আৰক্ষীৰ চকুৰ সন্মুখতে এখন ক’লা বজাৰ গঢ়ি উঠা পৰিলক্ষিত হৈছে৷ শিল্পীজনৰ কনচাৰ্টৰ টিকট চৰা দামত ব্লেকত বিক্ৰী কৰিছে একাংশই৷ ছিলভাৰ শ্ৰেণীৰ ১,৬৯৯ টকীয়া  টিকট ব্লেকত ৮-১০ হাজাৰ টকাত বিক্ৰী হৈছে৷ একেদৰে গ’ল্ড শ্ৰেণীৰ ৬ হাজাৰ টকীয়া  টিকট ব্লেকত ১২-১৪ হাজাৰ টকাত বিক্ৰী কৰিছে৷ অনলাইন প্লেটফৰ্ম বুকমাই শ্ব’ৰ যোগেদি গুৱাহাটী সংগীতানুষ্ঠানৰ টিকট বিক্ৰীৰ বাবে মুকলি কৰি দিছিল যদিও বহু পূৰ্বেই সকলো টিকট বিক্ৰী হৈ গৈছে৷  বহুতে ক’লা বজাৰত বিক্ৰী কৰাৰ বাবেই আগতীয়াকৈ অনলাইনত অধিক টিকট ক্ৰয় কৰাও অভিযোগ উঠিছে৷ যাৰ বাবে একাংশই এতিয়া সুযোগ বুজি অধিক দামত টিকট বিক্ৰী কৰিছে৷ আনকি একাংশই সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত ব্লেটক টিকট বিক্ৰীৰ বাবে বিজ্ঞাপন দিয়াও দেখা গৈছে৷ দিলজিৎ সিঙৰ সংগীতানুষ্ঠানৰ টিকট মুকলিকৈ এনেদৰে চ’ৰা দামত বিক্ৰী হোৱাৰ পাছতো গুৱাহাটী আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে৷ দেওবাৰৰ সংগীতানুষ্ঠানৰ পূৰ্বে শনিবাৰে পুৱাই শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰে কণ্ঠশিল্পী দিলজিৎ সিং দোছাঞ্জে৷ শিল্পীজনে কামাখ্যা মন্দিৰত পূূজা-অৰ্চনা আগবঢ়োৱাৰ লগতে মন্দিৰৰ পুৰোহিতৰ লগত ফটোও উঠে৷