ছাৰ্জন জেনেৰেলৰ সতৰ্কবাণী
এই জানুৱাৰী মাহতে আমেৰিকাৰ ছাৰ্জন জেনেৰেল ডাঃ বিবেক মূৰ্তিয়ে মদ্যপান আৰু কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধিৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্ক আছে বুলি এক গুৰুত্বপূৰ্ণ পৰামৰ্শ জাৰি কৰিলে৷ ধঁপাত সেৱন আৰু মেদবহুলতাৰ পাছত আমেৰিকাত কৰ্কট ৰোগৰ তৃতীয়টো প্ৰতিৰোধযোগ্য কাৰণ হিচাপে মদ্যপান বুলি তেওঁ সদৰি কৰিছে৷ সুৰাকে ৰাজ্যৰ অৰ্থনীতিৰ এক অন্যতম উৎস বুলি জ্ঞান কৰা বুলি অভিযোগ থকা অসম চৰকাৰে এইটো বিষয় গুৰুত্বসহকাৰে লোৱা উচিত৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী আছিল, ‘কিমান পৰিমাণৰ সুৰাপান কৰিলে স্বাস্থ্যৰ কোনোধৰণৰ ক্ষতি নহয়? ইয়াৰ তেনেকুৱা কোনো মাপ নাই৷ এলকহলৰ কোনো ‘ছেফ লেভেল’ নাথাকে৷ এটোপাল সুৰাও শৰীৰলৈ যোৱাটো ক্ষতিকাৰক৷’ অসমত লাখ লাখ মানুহে সুৰাপান কৰে৷ সুৰাপায়ী চালকৰ বাবে হোৱা দুৰ্ঘটনা আন এক প্ৰসংগ৷ সামাজিক, মানসিক, সাংস্কৃতিক কাৰককে ধৰি বিভিন্ন কাৰণত মানুহে মদ খায়৷ কিছুমানে মানসিক চাপৰ পৰা উপশম পাবলৈ, মুড ভাল কৰিবলৈ বা কৌতূহলৰ বাবেও মদ্যপান কৰে, বিশেষকৈ নতুন অভিজ্ঞতাৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰা কম বয়সীয়া ব্যক্তিৰ মাজত মদ্যপানৰ কাৰণ এইটোৱেই৷ অসমৰো বেছিভাগ কলেজৰ হোষ্টেলত ছাত্ৰই কৌতূহল আৰু সমনীয়াৰ চাপৰ বাবেই এই অভ্যাস লয় আৰু পাছলৈকে ইয়াক ধৰি ৰাখে৷ কিছুমানৰ বাবে মদ্যপান কৰাটো এটা অভ্যাসত পৰিণত হয় আৰু নিৰ্ভৰশীলতালৈ বৃদ্ধি পায়৷ বেছিভাগ অসমীয়া পৰিয়ালত ঘৰত মদ খোৱাটো এক ‘টেবু’ হৈ আছে, হয়তো ই এক ইতিবাচক কথা৷
ছাৰ্জন জেনেৰেলৰ পৰামৰ্শটোত গুৰুত্ব আৰোপ কৰা হৈছে যে মদ্যপানে স্তন, বৃহদান্ত্ৰ, খাদ্যনলী, যকৃত আদিকে ধৰি কমেও সাতবিধ কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি কৰে৷ উল্লেখ্য যে মধ্যমীয়া মদ্যপানেও এই বিপদসমূহ বৃদ্ধি কৰিব পাৰে, যিয়ে পূৰ্বৰ ধাৰণাক প্ৰত্যাহ্বান জনায় যে কেৱল অধিক মদ্যপানেই ক্ষতিকাৰক৷ এইক্ষেত্ৰত স্বাস্থ্য বিভাগে স্পষ্ট নিয়মাৱলী জাৰি কৰা উচিত৷
ডাঃ মূৰ্তিয়ে আনকি ধঁপাতজাতীয় সামগ্ৰীৰ দৰেই স্পষ্ট কৰ্কট ৰোগৰ আশংকাৰ সতৰ্কবাণী অন্তৰ্ভুক্ত কৰি মদ্যপানৰ ‘লেবেল আপডেট’ কৰাৰ পোষকতাও কৰিছে৷ বৰ্তমানৰ লেবেলসমূহত গৰ্ভাৱস্থাত মদ্যপান বৰ্জনীয় আৰু মদ খাই গাড়ী নচলাবলৈ দিয়া সতৰ্কবাণীহে দেখা যায়৷ প্ৰস্তাৱিত নতুন সতৰ্কবাণীৰ লক্ষ্য হৈছে গ্ৰাহকক মদৰ সৈতে জড়িত স্বাস্থ্যজনিত বিপদৰ বিষয়ে অধিক ফলপ্ৰসূভাৱে অৱগত কৰোৱা৷ ধূমপান আৰু স্বাস্থ্যৰ বিষয়ে ছাৰ্জন জেনেৰেলৰ প্ৰথম প্ৰতিবেদন ১৯৬৪ চনত প্ৰকাশ পাইছিল, যিয়ে আমেৰিকাৰ মানুহৰ স্বাস্থ্যত ধঁপাত সেৱনৰ প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল৷ অনুৰূপ ধৰণে ভাৰতীয় মূলৰ ডাক্তৰ মূৰ্তিৰ প্ৰতিবেদনেও মানুহক সজাগ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব বুলি আশা কৰিব পাৰি৷
এই পৰামৰ্শৰ পাছতেই আমেৰিকা আৰু কানাডাতো বৰ্তমানৰ মদ্যপানৰ নিৰ্দেশনাৰ পৰ্যাপ্ততা আৰু জনসচেতনতা বৃদ্ধিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোচনাৰ সূচনা হৈছে৷ ছাৰ্জন জেনেৰেলৰ পৰামৰ্শই মদৰ সৈতে জড়িত স্বাস্থ্যজনিত বিপদৰ বিষয়ে জনসাধাৰণক নিশ্চয়কৈ সজাগ কৰিব৷ অসমৰ জনসাধাৰণেও লাখ লাখ টকাৰ সুৰা ক্ৰয় কৰি স্বাস্থ্য হানি কৰাৰ আগতে গৱেষণা আৰু তথ্যবোৰৰ প্ৰতি চকু দিয়া উচিত হ’ব৷ এইক্ষেত্ৰত স্বাস্থ্য বিভাগেও স্পষ্টীকৰণ দিয়া উচিত– তেওঁলোকে আমেৰিকাৰ ছাৰ্জন জেনেৰেলৰ সতৰ্কবাণী সম্পৰ্কে কি ভাবে আৰু সুৰাৰ বিক্ৰী আৰু তাৰ লেবেলত লগাব লগা সতৰ্কবাণী লগোৱাৰ ক্ষেত্ৰত কেতিয়া আৰু কেনেকুৱা পদক্ষেপ ল’ব? স্পষ্ট সতৰ্কবাণী আৰু সজাগতা বৃদ্ধিৰ বাবেই বহু লোকে ধঁপাতজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকে৷ কিন্তু এনে সতৰ্কবাণী সুৰাৰ ক্ষেত্ৰত দেখা নগৈছিল৷ সুৰা একেবাৰে নোখোৱাকৈ বা খুব কমকৈ খায়ো মানুহে জীৱনটো উপভোগ কৰিব পাৰে৷ তথ্য আৰু গৱেষণাৰ ওপৰত প্ৰতিষ্ঠিত সতৰ্কবাণীবোৰ সুৰাৰ বটলত লিখা থাকিলে হয়তো মানুহে সুৰাই স্বাস্থ্যত পেলোৱা কু-প্ৰভাৱবোৰৰ প্ৰতি সচেতন হ’ব৷ ভাৰতীয় সংবিধানৰ ৰাজ্যিক নিৰ্দেশনামূলক নীতিৰ ৪৭নং অনুচ্ছেদত ৰাজ্যখনে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ড্ৰাগছ আৰু মাদক পানীয় সেৱন কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পোষকতা কৰিছে৷ বিহাৰ, গুজৰাট, মিজোৰাম, নাগালেণ্ডত সুৰাৰ নিষেধাজ্ঞা আছে৷ অসমেও এইক্ষেত্ৰত ইতিবাচক চিন্তা-চৰ্চা কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে৷