Logo
image

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বাভাস

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বাভাস¸

সোনকালেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ অসমত ২১ খন জিলা পৰিষদ, ১৮৫খন আঞ্চলিক পৰিষদ আৰু ২২০১খন গাঁও পঞ্চায়ত আছে৷ জিলা পৰিষদ, আঞ্চলিক পৰিষদ আৰু গাঁও পঞ্চায়তৰ সৰহভাগ প্ৰতিনিধি ৰাইজে প্ৰত্যক্ষভাৱে নিৰ্বাচন কৰিব, কিছুসংখ্যক ৰাইজে নিৰ্বাচন কৰা প্ৰতিনিধিয়ে পৰোক্ষভাৱে নিৰ্বাচন কৰিব৷ অসমৰ ভোটাৰে লোকসভালৈ ১৪জন আৰু বিধানসভালৈ ১২৬জন জনপ্ৰতিনিধি নিৰ্বাচিত কৰে৷ তাৰ বিপৰীতে ২,২০১ খন গাঁও পঞ্চায়তলৈ ২২,০১০ জন প্ৰতিনিধিক নিৰ্বাচিত কৰে৷ অৰ্থাৎ প্ৰতিখন গাঁৱৰ মানুহে নিজৰ গাঁৱখনৰ পৰা ১০জন প্ৰতিনিধি গাঁও পঞ্চায়তলৈ নিৰ্বাচিত কৰে৷ দেখদেখকৈ গাঁও পঞ্চায়ত বিধানসভা বা লোকসভাতকৈ বহু বেছি পৰিমাণে প্ৰতিনিধিত্বমূলক৷ গাঁৱৰ ৰাইজে নিজৰ পঞ্চায়তৰ প্ৰতিনিধিক ব্যক্তিগত পৰ্যায়ত চিনি পায়, যিটো বিধায়ক বা সাংসদৰ ক্ষেত্ৰত সম্ভৱ নহয়৷ সমীক্ষা মতে, ২০২৪ চনত ভাৰতৰ ৬৩.৪ শতাংশ মানুহ গাঁৱত বাস কৰে, আৰু বাকী ৩৬.৬ শতাংশ মানুহ নগৰত বাস কৰে৷ শেহতীয়াভাৱে ভাৰতত দ্ৰুত নগৰীকৰণ হৈছে আৰু নগৰত বাস কৰা মানুহৰ সংখ্যা ক্ৰমাগতভাৱে বাঢ়িবলৈ ধৰিছে৷ ২০৩০ চনলৈ ৪০ শতাংশ মানুহ চহৰবাসী হ’ব৷ পৃথিৱীৰ ৫৭.৫ শতাংশ মানুহ চহৰত বাস কৰে৷ ৰাষ্ট্ৰ  সংঘৰ হিচাপ অনুসৰি, ২০০৭ চনত পৃথিৱীত চহৰত বাস কৰা মানুহৰ সংখ্যা গাঁৱত বাস কৰা মানুহৰ সংখ্যাতকৈ অধিক আৰু এই বৃদ্ধি অব্যাহত আছে৷ অসমৰ ছবিখন ইয়াৰ সম্পূৰ্ণ বিপৰীত৷ অসমৰ মাত্ৰ ১৪ শতাংশ মানুহ চহৰত বাস কৰে, আৰু ৮৬ শতাংশ মানুহ গাঁৱত বাস কৰে৷ অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ গুৱাহাটীত বাদে হয়তো এনে এটাও সমষ্টি নাই যিটো সম্পূৰ্ণৰূপে নগৰ অঞ্চলক লৈ গঠিত৷ নগৰীকৰণ উন্নয়নৰ প্ৰমাণ৷ আনহাতে, এই উন্নয়নে পৰিৱেশ ধবংস কৰিছে৷ গতিকে অসম উন্নত নোহোৱাৰ বাবে আৰু নগৰীকৰণ নোহোৱাৰ বাবে সামগ্ৰিকভাৱে আৰু তুলনামূলকভাৱে অসমৰ পৰিৱেশ এতিয়ালৈ সিমান বিষাক্ত হোৱা নাই৷ কিন্তু মাত্ৰ ১৪ শতাংশ মানুহ চহৰত বাস কৰাটোৱে অসম যে এখন উদ্যোগীকৰণৰ ক্ষেত্ৰত অত্যন্ত পিছপৰা প্ৰদেশ, তাক প্ৰমাণ কৰিছে৷ আমাৰ চুবুৰীয়া পশ্চিম বংগৰো উদ্যোগীকৰণ বা নগৰীকৰণৰ ক্ষেত্ৰত অভিলেখ বৰ এটা উল্লেখযোগ্য নহয়; কিন্তু তাত অসমতকৈ দুগুণতকৈও অধিক– প্ৰায় ৩২ শতাংশ লোক নগৰত বাস কৰে৷ অসমৰ যিহেতু ৮৬ শতাংশ লোক গাঁৱত বাস কৰে, গতিকে স্বাভাৱিকতে অসমৰ ৰাজনীতিৰ সিদ্ধান্ত গাঁৱত হয়৷ গাঁওসমূহে নিৰ্ণয় কৰে অসমত কোন দলৰ চৰকাৰ হ’ব৷ নগৰৰ ভূমিকা এইক্ষেত্ৰত নাই বুলিবই পাৰি৷ 

সেয়েহে পঞ্চায়ত নিৰ্বাচন অসমত বিশেষভাৱে গুৰুত্বপূৰ্ণ৷ অসমত পঞ্চায়ত নিৰ্বাচনত ৰাজনৈতিক দলবোৰে, ৰাজনীতিকসকলে উমান ল’ব পাৰে তেওঁলোকৰ শক্তি কিমান৷ অসমত ২০২৬ চনত বিধানসভাৰ নিৰ্বাচন হ’ব৷ আৰু ২০৩১ চনলৈ এটা নতুন কাৰ্যকালৰ বাবে নতুন চৰকাৰ গঠন হ’ব৷ পঞ্চায়তসমূহৰো কাৰ্যকাল পাঁচ বছৰ৷ ২০২৫ চনত নিৰ্বাচিত গাঁও পঞ্চায়তসমূহ ২০৩০ চনলৈ অৰ্থাৎ ২০২৬ চনত গঠন হ’ব লগা নতুন চৰকাৰখনৰ কাৰ্যকালৰ সৰহভাগ সময় দায়িত্বত থাকিব৷ সাধাৰণতে যিটো দল ক্ষমতাত থাকে, সেইটো দলেই পঞ্চায়তত অধিক সফলতা লাভ কৰাৰ সম্ভাৱনা থাকে৷ পঞ্চায়ত পৰ্যায়ত বিৰোধীক জয়ী কৰোৱাটো গাঁৱৰ ৰাইজেও ৰাজনৈতিক বিচক্ষণতাৰ পৰিচায়ক নহয় বুলিয়েই ভাবে৷ 

কিন্তু অসমৰ ভোটাৰে ২০২৬ চনত নতুন চৰকাৰ নিৰ্বাচন কৰিব৷ পঞ্চায়তবোৰে ইয়াৰ কাৰ্যকালৰ সৰহভাগ নতুন চৰকাৰৰ অধীনত কাৰ্যনিৰ্বাহ কৰিব৷ গতিকে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰভাৱ থাকিব৷ বৰ্তমানৰ বিধায়কজনে আৰু সেই বিধায়কজনৰ দলটোৱে এই পঞ্চায়ত নিৰ্বাচনত তেওঁৰ আৰু দলটোৰ প্ৰভাৱ অক্ষুণ্ণ আছেনে নাই তাক পৰীক্ষা কৰাৰ এটা সুযোগ লাভ কৰিব৷ পঞ্চায়ত পৰ্যায়ত যদি বিধায়কসকলে নিজৰ সমৰ্থকক জয়ী কৰাব নোৱাৰে, তেনেহ’লে সেয়া দেখদেখকৈ তেওঁৰ নিম্নগামী প্ৰভাৱৰ ফল বুলি পৰিগণিত হ’ব৷ গতিকে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনটো শাসক বিজেপি দলৰ বাবে তেওঁলোকৰ মন্ত্ৰী-বিধায়কৰ বাবে, বিজেপিক পৰাভূত কৰি শাসন ক্ষমতা দখল কৰিব বিচৰা বিৰোধী কংগ্ৰেছ দলৰ বাবে আৰু তেওঁলোকৰ বিধায়কসকলৰ বাবে তথা কংগ্ৰেছৰ দখলত নথকা সমষ্টিবোৰত কংগ্ৰেছৰ টিকট পাবলৈ আশা কৰি থকাসকলৰ বাবে প্ৰত্যাহ্বান আৰু সুযোগ৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে শাসক-বিৰোধীৰ বহু বিধায়কৰ ভাগ্য নিৰ্ণয় কৰিব পাৰে৷ বহুতৰে টিকট কটা যাব পাৰে৷

বিধানসভাত যিবোৰ বিষয় বা সমস্যাক লৈ ৰাইজে ভোট দিয়ে, পঞ্চায়ত নিৰ্বাচনত সেই সকলো ইছ্যু নহয়৷ স্থানীয় ইছ্যুবোৰে পঞ্চায়ত নিৰ্বাচনত অধিক প্ৰাধান্য লাভ কৰে৷ কিন্তু বিগত কালছোৱাত পঞ্চায়ত নিৰ্বাচনৰো অত্যধিক ৰাজনীতিকৰণ ঘটিছে আৰু ৰাজনৈতিক দলবোৰেও অধিক প্ৰত্যক্ষ আৰু সক্ৰিয় ভূমিকা ল’বলৈ আৰম্ভ কৰিছে বা ল’বলৈ বাধ্য হৈছে৷ কোনে দলেই ইয়াক এতিয়া স্থানীয় পৰ্যায়ৰ ৰাজনীতি বুলি আওকাণ কৰিব নোৱৰা হৈছে৷

অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, এ আই ইউ ডি এফ, বড়ো-কাৰ্বি-ডিমা হাছাওৰ ৰাজনৈতিক দলবোৰ, বামপন্থী দলবোৰকে ধৰি সকলোৱে এই পঞ্চায়ত নিৰ্বাচনটোত ২০২৬ চনৰ নিৰ্বাচনৰ বাবে নিজৰ শক্তি প্ৰদৰ্শন কৰা আৰু জুখি চোৱাৰ সুযোগ লাভ কৰিব৷ অগপ আৰু অধিক নিশকতীয়া হ’ব নে শক্তিশালী হ’ব, বিৰোধী ঐক্য হ’ব নে নহয়, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ কংগ্ৰেছৰ স’তে দৰদামৰ ক্ষমতা বাঢ়িব নে কমিব এইবোৰ বিষয়ত এই পঞ্চায়ত নিৰ্বাচনে প্ৰভাৱ পেলাব বা নিৰ্ণায়ক ভূমিকা ল’ব৷ ৰাইজে যদি ২০২৬ত পৰিৱৰ্তন ঘটোৱাৰ মন কৰিছে, তাৰ ইংগিতো এই পঞ্চায়ত নিৰ্বাচনত দেখিবলৈ পোৱা যাব৷ মুঠতে আগন্তুক পঞ্চায়ত নিৰ্বাচন এটা অতি আকৰ্ষণীয় নিৰ্বাচন হ’ব আৰু ই কেৱল গাঁও পঞ্চায়তৰ প্ৰতিনিধি নিৰ্বাচন কৰা নিৰ্বাচন হৈ নাথাকে৷