Logo
image

উক্তি-বক্ৰোক্তি

প্ৰধানমন্ত্ৰী মোদীজীয়ে মনমোহন সিং চৰকাৰৰ কাৰ্যকালত টকাৰ মূল্য হ্ৰাস পোৱাটো দেশৰ সন্মানৰ সৈতে তুলনা কৰিছিল৷ তেতিয়া প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য আছিল ৫৬ টকা৷ এতিয়া মোদীজীৰ দিনত টকাৰ মূল্য কিয় ৮৬ টকালৈ নামিল?
– কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী

পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা নকৰিলে আমি ২০২৬ত কংগ্ৰেছক সহায় নকৰোঁ৷ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে নিজেই শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি আছে৷ সেয়া তেওঁলোকৰ বাবে হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰে হ’ব৷ 
– শিৱসাগৰৰ বিধায়ক অখিল গগৈ

যুৱৰাজ সিঙৰ ক্ৰিকেটৰ কেৰিয়াৰৰ সমাপ্তি ঘটাৰ বাবে আওপকীয়াকৈ দায়ী বিৰাট কোহলি৷ কেন্সাৰ ভাল হোৱাৰ পাছত দললৈ উভতি আহিবলৈ তেওঁ কেইটামান ফিটনেছ এক্সাৰচাইজ ৰেহাই দিবলৈ অনুৰোধ জনাইছিল৷ পিছে অধিনায়ক কোহলিয়ে ৰেহাই নিদিলে৷ 
– ক্ৰিকেটাৰ ৰবীন উত্থাপা

ডিমা হাছাওত চলি থকা কয়লাৰ খনি অবৈধ নহয়৷ সেই কয়লাৰ খনিত কয়লা খনন কৰাহে অবৈধ৷ 
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মানুহ মাত্ৰেই ভুল হয়৷ ময়ো মানুহ৷ ভুল অনিবাৰ্য৷ কিন্তু মই ইচ্ছা কৰি ভুল নকৰোঁ৷ 
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিকভাৱে অসম ৩১ নম্বৰত৷ কিন্তু ধনী মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মা ৯ নম্বৰত৷ ২০২৬ত দেশৰ পাঁচ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত থাকিব হিমন্ত বিশ্ব শৰ্মাৰ নাম৷
– যোৰহাটৰ সাংসদ গৌৰৱ গগৈ

গীতাত কোৱা হৈছে– কৰ্মণ্যেৱাধিকাৰাষ্টে...৷ ময়ো কাম কৰি ফলাফল ভগৱানৰ ওচৰত এৰি দিওঁ৷ মুখ্যমন্ত্ৰী হ’বলৈ মই চেষ্টা চলাই থকা নাই৷ সেয়াও ভগৱানৰ ইচ্ছা৷ 
– কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ

অখিল গগৈৰ কথাত গুৰুত্ব নিদিয়ে কংগ্ৰেছে৷ অখিলে যি কয় কৈ থাকক৷ আমি ব্যক্তিগত স্বাৰ্থত ৰাজনীতি কৰা নাই৷ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যিক ভিত্তিত মিত্ৰতা সম্ভৱ নহয়৷ 
– প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

বিজেপিয়ে কেইদিনমানৰ ভিতৰতে ৰমেশ বিধুৰীৰ নাম দিল্লীৰ সম্ভাৱ্য মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব৷ কিয়নো তেওঁ বিজেপিয়ে ভাল পোৱাৰ দৰেই মুখেৰে বেয়া বেয়া কথা ক’ব পাৰিছে৷ 
– আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল

ভূপেন বৰা কংগ্ৰেছৰ সভাপতি হৈ থকালৈকে দলটোৰ কোনো দিশত উন্নতি নহ’ব৷ 
– টি এম চিৰ ৰাজ্যিক সভাপতি ৰমেন বৰঠাকুৰ

উদ্ধৱ সেনাই মুম্বাইৰ পৌৰসভা নিৰ্বাচনত এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব৷ 
– শিৱসেনাৰ নেতা সঞ্জয় ৰাউত