দেশে দেশে একনায়কত্ব শাসন আৰু পতন
বুৰঞ্জীৰ পাতত দেখা যায় যে বিশ্বৰ বিভিন্ন দেশত বিভিন্ন সময়ত এক শ্ৰেণীৰ একনায়ক শাসকৰ কবলত পৰি দেশসমূহৰ জনতাই এক ভাবিব নোৱাৰা কষ্ট আৰু অশান্তিৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হৈ আহিছে৷ কিন্তু বেছিভাগ এক নায়ক শাসকে জনতাৰ প্ৰতিবাদত তিষ্ঠিব নোৱাৰি অৱশেষত হয় আত্মহত্যা কৰিছে, নহয় চুবুৰীয়া বন্ধু দেশলৈ পলাই গৈছে অথবা প্ৰতিবাদকাৰীৰ হাতত আত্মসমৰ্পণ কৰি আজীৱন বন্দিত্বৰ জীৱন কটাব লগা হৈছে৷ মূচো লিনী, হিটলাৰৰ পৰা আৰম্ভ কৰি সৌ সিদিনা ৰ ইৰাকৰ একছত্ৰী সম্ৰাট ছাদ্দাম হুছেইনলৈকে যিসকল নেতাই একনায়কত্বৰ শাসন চলাই জনতাক চৰম অত্যাচাৰ কৰি দেশ শাসন চলাইছিল সেইসকলৰ পতনো তেনেদৰেই হৈছে বা দুৰ্ঘোৰ বিপদৰ সন্মুখীন হৈ মুক্তিকামী জনতাৰ ওচৰত শিৰনত কৰিবলৈ বাধ্য হৈছে৷ অৰ্থাৎ বুৰঞ্জীয়ে প্ৰমাণ কৰিছে যে অত্যাচাৰী একনায়কত্ব শাসন কেতিয়াও স্থায়ী হ’ব নোৱাৰে৷ সেইসকলৰ এদিন পতন হ’বই৷ অতি সম্প্ৰতি ছিৰিয়াৰ একনায়ক শাসক বাশ্বাৰ আল আশ্বাদ ক্ষমতাচ্যুত হৈ দেশ এৰি পলাই যাবলগীয়া হৈছে দেশৰ জনতাৰ বিদ্ৰোহৰ ওচৰত হাৰ মানি৷ লগে লগে প্ৰায় ২৪ বছৰীয়া এক কুখ্যাত শাসনৰ অন্ত পৰে৷ ‘আৰব স্প্ৰিং’ বা আৰব বসন্তয়ো স্পৰ্শ কৰিব নোৱাৰা এইজন একনায়কত্ববাদী শাসকৰ ৰাজত্বত দেশখনৰ প্ৰায় পাঁচ লাখ লোকে প্ৰাণ হেৰুৱাইছিল আৰু শ শ লোক গৃহহাৰা হৈ চুবুৰীয়া ৰাষ্ট্ৰসমূহলৈ পলাই যাবলৈ বাধ্য হৈছিল৷ ওপৰত উল্লেখ কৰা কি এই আৰব বসন্ত বা Arob spring নো কি তাকো জানি থোৱা ভাল৷ ‘আৰব বসন্ত’ মধ্য প্ৰাচ্যৰ দেশ টিউনিছিয়াত ২০১০ চনত ইয়াৰ অত্যাচাৰী শাসকসকলৰ বিৰুদ্ধে জনতাই গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে আৰম্ভ কৰা এলানি সশস্ত্ৰ বিদ্ৰোহ৷ যাৰ প্ৰভাৱ পৰিছিল বিশ্বৰ পাঁচখন দেশৰ শাসকৰ বিৰুদ্ধেও, যিকেইখন দেশৰ শাসনকৰ্তাই দেশ শাসন কৰি গৈছিল বা চুড়ান্ত দুৰ্নীতি তথা দমন নীতিৰে দেশৰ জনতাৰ মুখ বন্ধ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল, সেই কেইখন দেশ হৈছে লিবিয়া, ইজিপ্ত, বাহৰেইন,য়েমেন আৰু ছিৰিয়া৷ পাছত সেই চৰকাৰবিৰোধী আন্দোলন বহুতো আৰব ৰাষ্ট˜লৈ বিয়পি পৰিছিল যদিও আন্দোলন সফল হ’ব পৰা নাছিল৷ ২০১৩ চনলৈকে চলা আৰব দেশসমূহৰ এই চৰকাৰবিৰোধী আন্দোলনক ‘আৰব বসন্ত’নাম দিয়া হৈছিল৷ আৰব বসন্তৰ হেঁচাত লিবিয়া, য়েমেন,আদি দেশৰ একনায়কত্ব শাসনৰ ওৰ পৰিল যদিও সদ্য লুপ্ত ছিৰিয়াৰ শাসনৰ কোনো পৰিৱৰ্তন কৰিবলৈ ছিৰিয়াৰ জনতা সক্ষম হোৱা নাছিল৷ অৰ্থাৎ ছিৰিয়াৰ অধুনা ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি আশ্বাদৰ কঠোৰ দমনত জনতাই মুক্তি লাভ কৰিব পৰা নাছিল৷ ছিৰিয়াত ২০০০ চনত পিতৃৰ পৰা ছিৰিয়াৰ শাসনৰ ভাৰ লোৱা অত্যাচাৰী আশ্বাদ চৰকাৰৰ বিৰুদ্ধে প্ৰায় ১৩ বছৰৰ আগতেই বিদ্ৰোহ ঘোষণা কৰিছিল এজন ১৪ বছৰীয়া ছাত্ৰই৷ ২০১১ চনত মুৱাভিয়া স্যাসন নামৰ ছাত্ৰজনে দাৰা নামৰ নগৰ খনৰ দেৱালত ৰাষ্ট্ৰপতি আশ্বাদক উদ্দেশ্যি ‘এজক এল্ জোৰ য়া ডাক্তৰ (এতিয়া তোমাৰ পাল ডাক্তৰ) বুলি লিখি চৰকাৰৰ ৰোষত পৰিব লগা হৈছিল৷ লগে লগে মুৱাভিয়া আৰু তেওঁৰ সতীৰ্থসকলক বন্দী কৰি ভীষণ অত্যাচাৰ কৰে৷ ২৬দিন তেওঁলোকক বন্দী কৰি অত্যাচাৰ কৰাৰ অন্তত মুক্তি দিয়ে যদিও এই কাৰ্যত দাৰা নগৰৰ বাসিন্দাই সেই অত্যাচাৰৰ কথা শুনি খঙত একো নাই হৈ দেশৰ স্বৈৰাছাৰী শাসকৰ বিৰুদ্ধে আন্দোলনত জঁপিয়াই পৰে৷ সেই বছৰৰ ১৫ মাৰ্চত দেশৰ জনতাই প্ৰথমবাৰলৈ দেশৰ চৰকাৰৰ বিৰুদ্ধে ‘দে অব ৰেইজ’ পালন কৰে৷ বিভিন্ন সময়ৰ এই ১৩ বছৰীয়া চৰকাৰ বিৰোধী আন্দোলনত ছিৰিয়াৰ মুক্তিকামী জনতাই অশেষ কষ্ট ভোগ কৰিব লগা হৈছিল৷ ইৰাণ ৰাছিয়া,আদি দেশে ছিৰিয়াৰ বিদ্ৰোহী দমনত ৰাষ্ট্ৰপতি আশ্বাদক বিভিন্ন প্ৰকাৰে সহায় আগবঢ়াই আহিছিল যদিও নিজৰ দেশৰ প্ৰতিৰক্ষা যেনে ৰাছিয়া ইউক্ৰেইন, ইৰান, ইজৰাইল আদি যুদ্ধত ব্যস্ত থাকিব লগাত ছিৰিয়াৰ গৃহযুদ্ধৰ প্ৰতি বিশেষ মনোযোগ দিব নোৱাৰাৰ সুযোগ বিদ্ৰোহীসকলে গ্ৰহণ কৰি নিজৰ উদ্দেশ্যত অৱশেষত সফল কাম হল৷ বৰ্তমানৰ প্ৰধান মন্ত্ৰীগৰাকীৰ হাতত এখন নতুন চৰকাৰ গঠন হোৱালৈকে শাসনৰ ভাৰ দিয়া হৈছে৷ পলাতক পদচ্যুত শাসক ৱাশ্বাৰ আল আশ্বাদ কলৈ পলাই গল তাৰ সম্ভেদ পাব পৰা নাই৷ বহুতৰ মতে, বিমান দুৰ্ঘটনাত ৰাষ্ট্ৰপতিৰ মৃত্যু হৈছে৷ মৃত্যু হ’লেও এনে অত্যাচাৰী শাসকৰ মৃত্যুত দেশৰ জনতাই দুঃখ নকৰাটোৱেই স্বাভাৱিক৷ মুঠতে বুৰঞ্জীয়ে আমাক এটা প্ৰমাণ দি থৈ গৈছে যে পৃথিৱীৰ কোনো দেশৰ শাসনকৰ্তাই জনতাৰ ওপৰত অত্যাচাৰ চলাই দীৰ্ঘ সময়ৰ বাবে শাসন চলালেও এদিন নহয় এদিন সেই শাসকৰ পতন হোৱাটো নিশ্চিত৷ বৰ্তমানেও উত্তৰ কোৰিয়াকে আদি কৰি যিকেইখন দেশৰ একছত্ৰী শাসকে ভয়-ভীতিৰে দেশৰ জনতাক দমন কৰি ওৰে জীৱন শাসনৰ সোৱাদ ল’ম বুলি ভাবি আছে সেইসকলেও ছিৰিয়া বৰ্তমানৰ দক্ষিণ কোৰিয়াৰ জনতাৰ বিদ্ৰোহৰ ঘটনাৰ পৰা শিক্ষা নল’লে সেইসকলৰো বিপদ সমাগত বুলি কোৱাৰ নিশ্চয় থল আছে৷






