Logo
image

জীৱনৰ মূল্য কিমান

৬ জানুৱাৰীত ডিমা হাছাও জিলাৰ অবৈধ কয়লা খননস্থলীত সংঘটিত ঘটনাই সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ সকলো চৰকাৰী নীতি-নিয়মৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি অত্যন্ত বেপৰোৱাভাৱেৰে চলাই নিয়া এই অবৈধ কয়লা খননৰ ফলতেই পুনৰ এবাৰ ৰাজ্যত দৰিদ্ৰ শ্ৰমিকৰ মৃত্যুয়ে কিৰীলি পাৰিছে৷ চৰকাৰী তথ্য মতে, উমৰাংছুৰ তিনিকিলোস্থিত সেই অভিশপ্ত কয়লা খাদটোত কমেও ১০ জন শ্ৰমিক আবদ্ধ হৈ আছিল আৰু বৰ্তমানলৈ ইয়াৰে চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে৷ অৱশ্যে প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় লোকৰ মতে, উক্ত খাদটোত কমেও ১৫ জন শ্ৰমিক এতিয়াও আবদ্ধ হৈ আছে৷ দুৰ্ভগীয়া শ্ৰমিকসকলৰ উদ্ধাৰ কাৰ্যত বিগত দিনসমূহত বিভিন্ন চৰকাৰী উদ্ধাৰকাৰী সংস্থা যেনে এছ ডি আৰ এফ, এন ডি আৰ এফ, ভাৰতীয় সেনা, নৌ-সেনা আদিক নিয়োজিত কৰাৰ পাছতো অভিশপ্ত খাদটোৰ পানী সম্পূৰ্ণৰূপে সিঁচিবলৈ সক্ষম নোহোৱাৰ বাবেই উদ্ধাৰ কাৰ্যত আশা কৰাধৰণে সফল হ’ব পৰা নাই৷ কিন্তু প্ৰশ্ন হয়, ২০১৪ চনতে দেশৰ উচ্ছতম ন্যায়ালয়ে এক ৰায়দানযোগে বিজ্ঞানসন্মত ব্যৱস্থাৱলী উপলব্ধ নথকা অবৈধ কয়লা খনিসমূহক সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশনা দিয়াৰ পাছতো, চৰকাৰৰ নাকৰ তলতে কেনেকৈ এনে অবৈধ কাৰ্য সংঘটিত হৈ আছিল? বৰ্তমানৰ চৰকাৰখনে যিকোনো বে-আইনী কাৰ্যকলাপৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অৱলম্বন কৰাৰ কথা সততে দোহাৰি থকাৰ পাছতো সেই অবৈধ কামেই জ্ঝটাকৈ জীৱন কাঢ়ি নিয়াৰ পাছত সেই নীতি-বচনসমূহৰ ক্ষেত্ৰত এতিয়া চৰকাৰৰ স্থিতি কি হ’ব? নিশ্চিতভাৱে এইবোৰ লাখ টকীয়া প্ৰশ্ন যদিও চৰকাৰৰ পৰা ইয়াৰ সদুত্তৰ পোৱাৰ বেলিকা বা কাৰ্যক্ষেত্ৰত কিবা পৰিৱৰ্তন দেখাৰ সম্ভাৱনা কম বুলিয়ে ক’ব ক’ব পাৰি৷ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ  প্ৰতিজন ব্যক্তিৰে জীৱনৰ মূল্য আছে৷ সেইটো সুনিশ্চিত কৰিবলৈকে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ২১ত জীৱন আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে সন্নিৱিষ্ট কৰা হৈছে৷ গতিকে দেশৰ প্ৰতিজন নাগৰিকৰে জীৱনৰ নিৰাপত্তা আৰু মৰ্যাদাসম্পন্ন জীৱন যাপনৰ সুবিধা নিশ্চিত কৰাটো প্ৰতিখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ মৌলিক দায়িত্ব আৰু কৰ্তব্য৷ কিন্তু দুৰ্নীতি-ভ্ৰস্তাচাৰ আৰু পুঁজিপতি গোষ্ঠীসমূহৰ স্বাৰ্থ সুৰক্ষা কৰি যিকোনো প্ৰকাৰে শাসনৰ গাদীত আসীন হৈ থাকিব বিচৰাসকলৰ সমুখত সাধাৰণ নাগৰিকৰ মূল্য ক’ত? উমৰাংছুত যি দুৰ্ঘটনা সংঘটিত হ’ল, তাৰ পৰা এই কথা জলজল পটপটকৈ ওলাই পৰিছে যে, একাংশ মধ্যভোগীৰ দ্বাৰা নিয়ন্ত্ৰিত চৰকাৰে জনসাধাৰণক জীৱনৰ নিৰাপত্তা প্ৰদান কৰিবলৈ বাৰুকৈয়ে অপাৰগ৷ বিগত সময়বোৰতো এনে অবৈধ কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত অসমত বহুকেইটা জীৱন অকালতে হেৰাই গৈছে৷ সৌ-সিদিনা লিডুৰ অবৈধ কয়লা খনিত প্ৰাঞ্জল মৰাণ নামৰ দুৰ্ভগীয়া শ্ৰমিক এজন চিৰদিনৰ বাবে হেৰাই যোৱাৰ পাছত এতিয়া তেওঁৰ পৰিয়ালৰ খবৰ ল’বলৈ চৰকাৰৰ বৰমূৰীয়াসকলৰ সময় আছেনে? এইবাৰো একেই হ’ব নিয়ে কেইটামান টকাৰ বিনিময়ত অবৈধ কয়লা খনিৰ বিপদসংকুল পৰিৱেশত কাম কৰি পৰিয়ালৰ পোহ-পাল দিয়া এই দুৰ্ভগীয়া শ্ৰমিককেইজনৰ মৃত্যুক লৈ সৃষ্টি হোৱা খন্তেকীয়া উত্তেজনা প্ৰশমিত হোৱাৰ পাছত তেওঁলোকৰ পৰিয়ালবোৰে কেনেকৈ জীয়াই আছে, সেয়া খবৰ ল’বলৈ  সকলোৰে ওচৰত সময়ৰ অভাৱ হ’ব৷ চৰকাৰে ইতিমধ্যে এই দুৰ্ঘটনাক গাপ দিবলৈ সমস্ত শক্তি প্ৰয়োগ কৰিছেই, কিয়নো চৰকাৰৰ অজ্ঞাতে এনে কাম কৰিবলৈ কোনেও সাহস কৰিব নোৱাৰে৷ নহ’লেনো উমৰাংছুৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত উক্ত খাদটোত অবৈধভাৱে কৰা কয়লা খননৰ লগত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীৰ পত্নী জড়িত থকাৰ অভিযোগ চৌদিশে উত্থাপন হোৱাৰ পাছতো তেওঁক গ্ৰেপ্তাৰ কৰাটো দূৰৈৰ কথা, সোধা-পোছাৰ বাবে মাতিবলৈ পুলিচে সাহস দেখুৱাব পৰা নাই৷ ৰৌ-বৰালিক বাদ দি মাত্ৰ পুঠি-খলিহনাৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰিয়েই চৰকাৰে নিজৰ দায় সাৰিব বিচাৰিছে৷ কাৰণ চৰকাৰৰ পৃষ্ঠপোষকতাতে এনে অবৈধ কাৰ্যকলাপৰ সাম্ৰাজ্য গঢ়ি তোলা এইসকলৰ বিৰুদ্ধে আইনী পদক্ষেপ লয় কেনেকৈ, জানোচা জোলোঙাৰ মেকুৰী ওলায়ে পৰে। তদুপৰি এনে ক’লা ব্যৱসায়ৰ লগত জড়িতসকলেই যিহেতু নিৰ্বাচনৰ সময়ত শাসনাধিষ্ঠিত দলসমূহক ধনে-জনে সৰ্বতোপ্ৰকাৰে সহায়-সহযোগ কৰে, তেনে অৱস্থাত নিজৰে সান্দহ খোৱা বালি তল পৰাৰ ভয়ত এইসকল লোকৰ বিৰুদ্ধে যে চৰকাৰী পক্ষই কিবা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব, সেয়া মনে নধৰে৷ কিন্তু এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়তেই গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনে জনসাধাৰণৰ প্ৰতি নিজৰ সৰ্বোত্তম দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ উপযুক্ত সময় আৰু লগতে ভৱিষ্যতৰ দিনসমূহত যাতে পুনৰ এনে ঘটনা সংঘটিত নহয়, সেয়া সুনিশ্চিত কৰাৰ বাবেও প্ৰয়োজনীয় আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰা উচিত, যাতে চৰকাৰৰ অভিপ্ৰায়ক লৈ জনসাধাৰণ আশ্বস্ত হয়৷ কিন্তু যি সময়ত ধনবল আৰু জনবলেই চৰকাৰৰ বাবে সৰ্বস্ব, তেনে সময়ত চৰকাৰৰ পৰা এনে অবৈধ কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত কঠোৰ আৰু জনস্বাৰ্থ অনুকূল পদক্ষেপ গ্ৰহণ কৰাটো পৰ্বতত কাছ কণী বিচাৰৰ দৰে হ’ব যেনেই অনুমান হয়৷