উক্তি-বক্ৰোক্তি
মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিল, তেওঁ নিশা নোশোৱাকৈ সকলো মনিটৰ কৰি আছে৷ তেওঁৰ ইণ্টাৰনেট আছিল নে নাই জানিব খুজিছোঁ৷ তথ্য-প্ৰমাণ যে নষ্ট কৰা হৈছে সেয়া চিবিআয়ে কৈছে৷ মুখ্যমন্ত্ৰীয়ে তেন্তে কি কৰি আছিল।
– আৰ জি কৰৰ নিহত নিৰ্যাতিতা চিকিৎসকৰ পিতৃ
আমি দিল্লীৰ বাসিন্দাক বিনামূলীয়া বিদ্যুৎ আৰু পানী যোগান দিছিলোঁ৷ ভাৰাতীয়াসকলক আমি দিব নোৱাৰিলোঁ৷ এইবাৰ পুনৰ চৰকাৰ গঠন কৰিলে ভাৰাতীয়াসকলক বিনামূলীয়া বিদ্যুৎ আৰু পানী যোগান ধৰিম৷
– ‘আপ’ৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল
কোটালীপাৰাত বোমা বিস্ফোৰণ ঘটাই আৰু প্ত আগষ্টত এদল আন্দোলনকাৰীয়ে মোক মাৰিবলৈ চেষ্টা চলাইছিল৷ শেহতীয়া ঘটনাত মই আৰু মোৰ ভগ্নী ২০-২৫ মিনিটৰ বাবে ৰক্ষা পৰিলোঁ৷ মই ভাবোঁ আল্লাইহে আমাক ৰক্ষা কৰিলে৷
– বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা
মূল্যৱান সকলো অলংকাৰ মুকলিতে আছিল৷ আক্ৰমণকাৰীয়ে সেইবোৰ স্পৰ্শই নকৰিলে৷ মই দুখ আৰু ভয়ত শিলৰ দৰে হৈ গৈছিলোঁ৷ মোক কৰিশ্মাই তেওঁৰ ঘৰলৈ লৈ গৈছিল৷
– বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰ
মমৰ দৰে পোহৰ বিলাই আনৰ বাবে বাট এৰি দিলে ভৱেশ কলিতাই৷ এই ত্যাগ বেলেগত নেদেখে৷ বিজেপিতহে দেখিব৷ বিজেপিৰ এয়া সৌন্দৰ্য৷ সৰ্বানন্দ সোণোৱালে এনে মহানতাৰেই মোক এৰি দিছিল মুখ্যমন্ত্ৰীৰ আসন৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰবিন্দ কেজৰিৱালে ৰাজনীতি কৰা নাই, ব্যৱসায় কৰিছে৷ মোক প্ৰথমে দলৰ প্ৰাৰ্থিত্ব দি ডেৰমাহ নিৰ্বাচনী প্ৰচাৰ চলোৱাই এতিয়া মোৰ টিকট কোটি টকাত আনৰ ওচৰত বিক্ৰী কৰি দিছে৷
– দিল্লীৰ বিদায়ী বিধায়ক ৰাজকুমাৰী ধিলন
ভয়ৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে মোক পৃথিৱী বিখ্যাত ভোটৰ ব্যৱধানত জয়ী কৰাইছে৷ কেৱল অসম আৰু ভাৰত নহয়, পৃথিৱীৰ ভিতৰত সৰ্বাধিক ভোটত মোক ৰাইজে জয়ী কৰাইছে৷
–সাংসদ ৰকিবুল হুছেইন
মই নমিনেটেড আই পি এছলৈ উন্নীত হ’লোঁ৷
– অসম আৰক্ষীৰ ডি আই জি মানৱেন্দ্ৰ দেৱৰয়
কংগ্ৰেছত ব্লু ব্লাড থকাটো সঁচা, কিন্তু গাড্ডাৰ নাই৷
– কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়া






