এনে খাদ্যাভাসৰ বাবেই জাপানীসকলৰ ওজন নাবাঢ়ে
জাপান ভিন্ ভিন্ ক্ষেত্ৰত ভিন্ ভিন্ দেশৰ বাবে ৰোল মডেল৷ ইয়াৰ বাসিন্দাসকলৰ শাৰীৰিক গঠন প্ৰায় একে ধৰণৰ৷ জাপানৰ নাগৰিকৰ অতিৰিক্ত ওজনৰ সমস্যা কেতিয়াও নহয়৷ কিয়নো তেওঁলোকে দৈনিক কিছুমান বিশেষ খাদ্যাভাস মানি চলে৷ উল্লেখ কৰা হ’ল জাপানীসকলৰ খাদ্যাভাস–
(১) জাপানীসকলে খাদ্য সৰু সৰুকৈ ভাগ কৰি লৈ খায়৷ তেওঁলোকে যেতিয়া কাৰ্ব-হাইড্ৰেট খায়, তেতিয়া তাৰ সৈতে প্ৰ’টিন সমৃদ্ধ পাচলিও খায়৷ অত্যধিক খাদ্য কেতিয়াও নাখায়৷ সেই বাবে তেওঁলোকৰ শৰীৰৰ গঠন স্বাভাৱিক হয়৷ খোৱা-লোৱাৰ ক্ষেত্ৰত জাপানীসকলে সদায় সৰু সৰু বাটি ব্যৱহাৰ কৰে৷
(২) সন্মুখত মন পছন্দৰ সুস্বাদু খাদ্য পালে বুলিয়েই জাপানীসকলে লৰালৰিকৈ নাখায়৷ ইয়াৰ পৰিৱৰ্তে লাহে লাহে আৰু সময় লৈ খোৱা-বোৱা কৰে৷ লাহে লাহে খালে হজম শক্তি ভাল হয় আৰু শৰীৰটোৱে খাদ্য হজম কৰাত সময় পায়৷ ফলত অতিৰিক্ত ওজন নহয়৷
(৩) জাপানীসকলে যিকোনো খাদ্য গ্ৰহণৰ সময়ত স্বাস্থ্যকৰ পানীয় পান কৰে৷ উদাহৰণ স্বৰূপে জাপানৰ প্ৰায়ভাগ লোকেই গ্ৰীণ টী পছন্দ কৰে৷ গ্ৰীণ টীত থকা এণ্টিঅক্সিডেণ্টে মেটাবলিজ’ম বঢ়োৱাত আৰু মেদ কমোৱাত সহায় কৰে৷ গ্ৰীণ টীয়ে হূদযন্ত্ৰ সুস্থ কৰি ৰখাতো সহায় কৰে৷ সেয়ে জাপানীসকলৰ সাৰ্বিক স্বাস্থ্য ভালে থাকে৷ তদুপৰি গ্ৰীণ টীয়ে শৰীৰৰ এলডিএল কলেষ্টেৰল কমোৱাত সহায় কৰে৷
(৪) জাপানীসকলে দৈনিক খাদ্য তালিকাত প্ৰক্ৰিয়াবিহীন খাদ্য অন্তৰ্ভুক্ত কৰে৷ বিশেষকৈ পাচলি, ফল আৰু প্ৰ’টিন সমৃদ্ধ লঘু আহাৰ খোৱা কৰে৷ প্ৰক্ৰিয়াজাত খাদ্য গ্ৰহণৰ পৰা তেওঁলোক আঁতৰি থাকে৷ ফলত তেওঁলোকৰ স্বাস্থ্য সদায় ফিট্ থাকে৷
(৫) জাপানীসকলে দৈনিক সক্ৰিয় কাৰ্যকলাপত অংশগ্ৰহণ কৰে৷ তেওঁলোকে খোজ কাঢ়ে, দীৰ্ঘ দূৰত্ব চাইকেল চলায় আৰু অট্টালিকাত লিফ্টৰ পৰিৱৰ্তে ছিৰি ব্যৱহাৰ কৰে৷ এইবোৰ অভ্যাসে তেওঁলোকৰ স্বাস্থ্য স্বাভাৱিক কৰি ৰখাত সহায় কৰে৷