Logo
image

নিৰ্দেশনা নে শাস্তি

১৯ ফেব্ৰুৱাৰীৰ পৰা  হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা কৰা হ’ল, য’ত প্ৰত্যাৱৰ্তন ঘটিছে পেচ বলাৰ মহম্মদ ছামিৰ৷ কিন্তু চেম্পিয়নছ ট্ৰফীতকৈ এই মুহূৰ্তত ভাৰতীয় ক্ৰিকেটত অধিক চৰ্চা পোৱা বিষয়টো হৈছে  ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) ক্ৰিকেটাৰসকলৰ বাবে প্ৰস্তুত কৰা দহটা নিৰ্দেশনা৷  নিউজীলেণ্ডৰ বিৰুদ্ধে স্বদেশত অনুষ্ঠিত টেষ্ট শৃংখলাত ‘হোৱাইট-ৱাশ্ব’ হোৱা আৰু অষ্টেলিয়াৰ বিৰুদ্ধে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাত টীম ইণ্ডিয়াৰ শোচনীয় প্ৰদৰ্শনৰ পাছত বি চি চি আয়ে যথেষ্ট কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ ক্ৰিকেট ব’ৰ্ডে যিকেইটা নতুন নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰিছে, তাক অমান্য কৰা ক্ৰিকেটাৰৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰাৰ লগতে তেওঁলোকক আই পি এলত খেলাৰ অনুমতি দিয়া নহ’ব বুলিও কোৱা হৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ দৰে টীম ইণ্ডিয়াৰ তাৰকা ক্ৰিকেটাৰৰ ক্ষেত্ৰতো এই নিৰ্দেশনা কাৰ্যকৰী কৰা হ’ব৷ বি চি চি আয়ে যি দহটা নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰিছে, তাৰ ভিতৰত অন্যতম হৈছে ক্ৰিকেট ব’ৰ্ডৰ বাৰ্ষিক চুক্তিত অন্তৰ্ভুক্ত ক্ৰিকেটাৰে ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক আৰু বিদেশ ভ্ৰমণৰ সময়ত ক্ৰিকেটাৰৰ সৈতে পত্নী আৰু পৰিয়ালৰ সদস্য যোৱাৰ ক্ষেত্ৰত বাধ্যবাধকতা৷ ব’ৰ্ডৰ  এই কঠোৰ স্থিতি সময়োচিত বুলি বহুতেই মন্তব্য কৰিছে৷ প্ৰাক্তন ক্ৰিকেটাৰ আৰু বৰ্তমানৰ টেলিভিশ্বন ধাৰাভাষ্যকাৰ সঞ্জয় মঞ্জৰেকাৰে এই সন্দৰ্ভত কয় যে দলৰ শৃংখলা বজাই ৰখা আৰু ঘৰুৱা ক্ৰিকেটৰ গুৰুত্ব বৃদ্ধি কৰাৰ ক্ষেত্ৰত এনেধৰণৰ পদক্ষেপৰ প্ৰয়োজন আছে৷ ভাৰতীয় ক্ৰিকেট সংস্কৃতিক বলীউডৰ সৈতে তুলনা কৰি মঞ্জৰেকাৰে কয় যে ৰাষ্ট্ৰীয়  ক্ৰিকেট দলত এনে ক্ৰিকেটাৰো আছে, যিসকলে দলৰ  আন সদস্যতকৈ পৃথক বুলি গণ্য কৰে৷  সা-সুবিধাৰ ক্ষেত্ৰতো তেওঁলোক দলৰ আন ক্ৰিকেটাৰতকৈ ব্যতিক্ৰম৷ এই পৰম্পৰা দলীয় স্বাৰ্থৰ পৰিপন্থী৷ বিদেশ ভ্ৰমণৰ সময়ত পৰিয়ালৰ সদস্যৰ উপস্থিতিৰ বিষয়েটোতো প্ৰশ্ন উত্থাপন কৰে মঞ্জৰেকাৰে৷ তেওঁ কয় যে দলৰ স্বাৰ্থই সদায় অগ্ৰাধিকাৰ পোৱা উচিত৷ ক্ৰিকেটাৰসকলো দলৰ প্ৰতি দায়বদ্ধ হোৱা উচিত৷ বিদেশ ভ্ৰমণৰ সময়ত পৰিয়ালৰ সদস্য লগত থাকিলে ক্ৰিকেটাৰৰ মনোসংযোগ বিঘ্নিত হোৱাৰ সম্ভাৱনা থাকে৷ আন এজন প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে অৱশ্যে কয় যে বি চি চি আইৰ শেহতীয়া নিৰ্দেশনাত কোনো নতুনত্ব নাই৷ দহটা নিৰ্দেশনাৰ জ্ঝটা আগৰ পৰাই আছিল৷ কিন্তু মাজতে সেইবোৰ কিয় বন্ধ কৰা হৈছিল তাৰ তদন্তৰ প্ৰয়োজন বুলি কয় হৰভজনে৷ মঞ্জৰেকাৰ আৰু হৰভজন সিঙৰ এনে মন্তব্যৰ বিপৰীতে আন একাংশই ক্ৰিকেট ব’ৰ্ডে প্ৰস্তুত কৰা নিৰ্দেশনাক ক্ৰিকেটাৰৰ বাবে শাস্তি বুলি অভিহিত কৰিছে৷ অৱশ্যে বি চি চি আইৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে এনেধৰণৰ যুক্তি অস্বীকাৰ কৰি কয় যে এয়া কোনো শাস্তি নহয়৷ সকলো ক্ষেত্ৰতে কেতবোৰ নিৰ্দিষ্ট নিয়ম থাকে আৰু খেলুৱৈসকলো এই নিয়মৰ ঊধবৰ্ত নহয়৷ নিজৰ যোগ্যতাৰ বলত ক্ৰিকেটাৰসকলে তাৰকাৰ মৰ্যাদা পাইছে৷ তেওঁলোক যথেষ্ট অভিজ্ঞ৷ কিন্তু ক্ৰিকেটাৰসকলে পাহৰিব নালাগিব যে দেশৰ হৈ খেলিয়েই তেওঁলোকে তাৰকাৰ মৰ্যাদা পাইছে৷ সেয়েহে দলৰ যিবোৰ নিয়ম থাকে, সেইবোৰ তেওঁলোকে মানি চলিব লাগিব৷ আগৰকাৰৰ এই মন্তব্যত নিয়ে কাৰোৱেই দ্বিমত নাথাকিব৷ ভাৰতীয় ক্ৰিকেটাৰে ক্ৰিকেট ব’ৰ্ডৰ পৰা সকলো সা-সুবিধা লাভ কৰে৷ বিশ্বৰ আন দেশৰ ক্ৰিকেটাৰৰ তুলনাত ভাৰতীয় ক্ৰিকেটাৰৰ পাৰিশ্ৰমিকো যথেষ্ট বেছি৷ তাৰ উপৰি ক্ৰিকেট বলিয়া দেশখনৰ ক্ৰীড়াপ্ৰেমীৰ মনতো ক্ৰিকেটাৰসকলৰ বিশেষ স্থান আছে৷ এই বিষয়বোৰক তেওঁলোকে আওকান কৰিব নোৱাৰে৷ ২০১১ চনৰ এদিনীয়া বিশ্বকাপ জয়ৰ পাছত ভাৰত ইংলেণ্ড আৰু অষ্টে˜লিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত হোৱাইট-ৱাশ্ব হ’বলগীয়া হৈছিল৷ সেই সময়তো দলটো কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল৷ কিন্তু তাৰ কেইমাহমান পাছতে বিৰাট কোহলি, ৰোহিত শৰ্মা, চেটেশ্বৰ পূজাৰা, অজিংক্য ৰাহানে, ৰবিচন্দ্ৰন অশ্বিনৰ দৰে ক্ৰিকেটাৰৰ উপস্থিতিত পুনৰুজ্জ্বীৱিত হৈ প্ৰায় এটা দশক টেষ্ট ক্ৰিকেটত নিজৰ সবল স্থিতি বজাই ৰাখিছিল৷ টীম ইণ্ডিয়াত যে দক্ষ ক্ৰিকেটাৰৰ অভাৱ হৈছে তেনে নহয়৷  প্ৰয়োজন কেৱল ক্ৰিকেটাৰলকলৰ মানসিকতাৰ পৰিৱৰ্তনৰ৷ টেষ্ট ক্ৰিকেটত যদি ভাৰতৰ শেহতীয়া প্ৰদৰ্শনলৈ চোৱা যায়, দেখা যাব যে বিগত আঠখন টেষ্টৰ ছখনতেই দলটো পৰাস্ত হৈছে৷ অত্যধিক সীমিত অভাৰৰ ক্ৰিকেটত ব্যস্ত থকাৰ বাবেই টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ প্ৰদৰ্শন নিম্নগামী হোৱাৰ যুক্তিও অস্বীকাৰ কৰিব নোৱাৰি৷ নিউজীলেণ্ড আৰু অষ্টে˜লিয়াৰ বিৰুদ্ধে ক্ৰমাগত দুটা টেষ্ট শৃংখলাত শোচনীয় প্ৰদৰ্শনৰ পাছত কঠোৰ স্থিতি ল’বলগীয়া হৈছে ক্ৰিকেট ব’ৰ্ড৷ এইক্ষেত্ৰত ক্ৰিকেটাৰৰ আপত্তিও থাকিব পাৰে৷ কিন্তু তেওঁলোকে পাহৰি যোৱা উচিত নহয় যে ব্যক্তিগত স্বাৰ্থতকৈ দলৰ স্বাৰ্থ সদায় আগস্থানত থাকিব৷