কয়লাখননত অভিযুক্ত ১১ জনক গ্ৰেপ্তাৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ জানুৱাৰীঃ উমৰাংছ’ কাণ্ডত এতিয়া ৰৌ-বৰালিক ৰেহাই দি পুঠি-খলিহনাক গ্ৰেপ্তাৰত নামি পৰিছে স্মাৰ্ট অসম আৰক্ষী৷ উমৰাংছ’ৰ ৩ কিলোত অবৈধ ৰেট হোল মাইনিঙৰ জৰিয়তে ৯ জনকৈ শ্ৰমিকক মৃত্যুৰ দিশে ঠেলি দিয়া কাৰ্যৰ আঁৰৰ মূল ব্যক্তি ডিমা-হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা আৰু তেওঁৰ পত্নী কণিকা হোজাইক ৰক্ষণাবেক্ষণ দি এতিয়া কয়লা ছিণ্ডিকেটৰে জড়িত এটাৰ পাছত এটা সৰু সৰু দালালক গ্ৰেপ্তাৰ কৰিছে উমৰাংছ’ আৰক্ষীয়ে৷ অথচ অবৈধ ৰেট হোল মাইনিঙৰ বাবে চি ই এম দেৱলাল গাৰ্লোছা আৰু কণিকা হোজাইৰ বিৰুদ্ধে উমৰাংছ’ থানাত চাৰিখনকৈ এজাহাৰ দাখিল কৰিছে৷ কিন্তু ইয়াৰ পাছতো দিছপুৰৰ নিৰ্দেশত গাৰ্লোছা দম্পতীক গ্ৰেপ্তাৰৰ পৰা ৰেহাই দিবলৈ বাধ্য হৈছে আৰক্ষীয়ে৷ বিপৰীতে উমৰাংছ’ কাণ্ডত জড়িত থকাৰ অভিযোগত বৰ্তমানলৈ ১১ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷
ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই দেওবাৰৰ পৰা উমৰাংছ’ৰ কলামাটিত থকা সকলো ৰেট হোল কয়লাখনি বন্ধ কৰাৰ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে৷ তদুপৰি কয়লাখনিত থকা সকলো যন্ত্ৰপাতি জব্দ কৰিছে ডিমা হাছাও আৰক্ষীয়ে৷ বিগত ৬ জানুৱাৰীত উমৰাংছ’ আছাম কয়লাখনিত সংঘটিত বিপৰ্যয়ৰ ফলত ৯ জন শ্ৰমিকৰ খনিটোৰ ভিতৰত আবদ্ধ হৈ পৰে৷ ইয়াৰে চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও বৰ্তমানো ৫ জন শ্ৰমিক সন্ধানহীন হৈ আছে৷ এই বিপৰ্যয়ৰ কাৰণে এতিয়ালৈকে ডিমা হাছাও আৰক্ষী উক্ত ঘটনা সন্দৰ্ভত ১১জনক গ্ৰেপ্তাৰ কৰিছে বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক ময়ংক কুমাৰে৷ গ্ৰেপ্তাৰ হোৱা অভিযুক্তকেইজন হৈছে ক্ৰমে পুনিছ নুনিছা, ৰণ বাহাদুৰ হাচনু, দিলবাৰ হুছেইন, বিপুল পুৰুচা, আব্দুল হান্নন লস্কৰ, সুমনজিৎ লাংথাচা, সন্তোষ গুৰুং, আফজল হুছেইন, এনাম উদ্দিন, মনবাহাদুৰ ৰাই আৰু বিক্ৰম গিৰিছা৷