Logo
image

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ ডাবৰ পানী খাওক

উচ্চ ৰক্তচাপত ভোগা লোকৰ সংখ্যা প্ৰতিদেনই বাঢ়িছে ৷ মানসিক চাপ ইয়াৰ অন্যতম কাৰণ ৷ তদুপৰি জীৱনধাৰণ প্ৰণালীৰ ওপৰতো ই নিৰ্ভৰ কৰে৷ ৰক্তচাপ নিয়ন্ত্ৰণত নাথাকিলে কেতিয়াবা হূদযন্ত্ৰ বিকল হোৱাৰ আশংকা থাকে ৷ সেয়েহে মানসিক চাপৰ পৰা মুক্ত হৈ থকাৰ লগতে খাদ্যগ্ৰহণৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হ’ব লাগে৷ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ বাবে খাদ্য তালিকাত নিয়মীয়াকৈ শাক-পাচলি, ফলমূল আদি ৰাখিব লাগে৷

(১) বেদানাৰ ৰসঃ বেদানাৰ ৰসত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে ৷ তদুপৰি ইয়াত আছে এক বিশেষ ধৰণৰ প্ৰটিন যি ৰক্ত চাপৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ বেদানাৰ ৰস খালে তেজ চলাচল নিয়মীয়া হয় আৰু ই উচ্চ  ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ 

(২) বিটৰ ৰসঃ বিটত প্ৰচুৰ পৰিমাণে নাইট্ৰেট থাকে ৷ যি শৰীৰৰ ৰক্ত সঞ্চালনত সহায় কৰে ৷ প্ৰতিদিনে বিটৰ ৰস খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে ৷ 


(৩)  ডাবৰ পানীঃ ডাবৰ পানীত  প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে৷ যাৰ বাবে ডাবৰ পানী খালে উচ্চ ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণ থাকে৷ তদুপৰি ডাবৰ পানীত আছে ইলেক্ট'লাইটৰ দৰে উপাদান ৷ যি ৰক্ত চাপৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে ৷ ডাবৰ পানী খালে হূদৰোগৰ আশংকাও হ্ৰাস পায় ৷ 

(৪) দৈঃ  দৈ খালে কেৱল হজম শক্তিয়েই বৃদ্ধি নহয় ৷ নিয়মীয়াকৈ দৈ খালে উচ্চ ৰক্তচাপৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ দৈত আছে  প্ৰচুৰ পৰিমাণে কেলছিয়াম, মেগনেছিয়াম আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থ ৷ যি ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ সেয়েহে উচ্চ ৰক্তচাপৰ পৰা হাত সাৰিবলৈ এইদৰে খাদ্য তালিকা প্ৰস্তুত কৰক৷