Logo
image

ভাৰতত এদিনতে ৭২,৩৩০জন আক্ৰান্ত

আমাৰ অসম, ২ এপ্ৰিলঃ ভাৰতত কৰ’না ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰি পৰিস্থিতি অতি ভয়ংকৰ দিশে লৈ গৈছে৷ মহাৰাষ্ট্ৰৰ লগতে আন কেইখনমান ৰাজ্যত এতিয়া পুনৰ কৰ’নাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত ৪০ হাজাৰৰো অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত সমগ্ৰ দেশতে এদিনত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৭২,৩৩০লৈ বৃদ্ধি পায়৷ অক্টোবৰ মাহৰ পিছত প্ৰথমবাৰলৈ ভাৰতত এদিনতে ৭২ হাজাৰৰো অধিক লোক আক্ৰান্ত হয়৷ চলিত বৰ্ষত এয়া অভিলেখ৷ গতিকে ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে দেশত এতিয়া এই ভাইৰাছে কেনেদৰে দ্ৰুত সংক্ৰমণ বৃদ্ধি কৰিছে৷ আনহাতে, ১১৬ দিনৰ পিছত ভাৰতত প্ৰথমবাৰলৈ এদিনতে ৪৫৯জন লোকৰ মৃত্যু হয় এই ভাইৰাছত৷ উল্লেখ্য, ভাৰতত বিগত ২২ দিনে একেৰাহে কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ ফলত ভাৰতত বৰ্তমান ৫,৮৪,০৫৫জন লোকৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ আছে৷ যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত সৰ্বাধিক ২২২জন, পঞ্জাবত ৫৫জন, ছত্তিশগড়ত ৩৯জন, কৰ্ণাটকত ২৬জন, তামিলনাডুত ১৯জনৰ এই ভাইৰাছত মৃত্যু হয়৷ অহা দিনকেইটাত এই পৰিস্থিতি অতি ভয়ংকৰ হ’ব পাৰে৷