ড্ৰিল বেবী ড্ৰিল
ড’নাল্ড ট্ৰাম্পে ক’লে, ‘we will drill, baby, drill’৷
ট্ৰাম্পৰ ইচাৰাত এতিয়া নাচিবলৈও কুণ্ঠাবোধ কৰা নাই বিশ্বৰ সকলোতকৈ ধনী মানুহ ইলন মাস্ক আৰু মাৰ্ক জুকাৰবাৰ্গেও৷ নতুন ৰাষ্ট্ৰপতিজনৰ মতে, আমেৰিকাই তেল আৰু গেছৰ অন্বেষণৰ এক নতুন যুগত নামিবলৈও প্ৰতিশ্ৰুতিবদ্ধ৷তেওঁ লগতে কৈছে যে তেওঁলোকে ইন্ধনৰ মূল্য হ্ৰাস কৰিব আৰু আমেৰিকাৰ শক্তি সমগ্ৰ বিশ্বতে ৰপ্তানি কৰিব৷ সকলোতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে, গোলকীয় উষ্ণতা বৃদ্ধি যে হৈছে সেই লৈ তেওঁলোকৰ কোনো চিন্তা-ভাবনা নাই৷ ট্ৰাম্পৰ সিদ্ধান্তবোৰৰ ফল গোটেই বিশ্বই ভোগ কৰিবলগীয়া অৱস্থা এটাৰ সৃষ্টি হ’ব পাৰে৷ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে জীৱাশ্ম ইন্ধন উৎপাদন আৰু নিয়ন্ত্ৰণমুক্তকৰণক অগ্ৰাধিকাৰ দিয়াৰ পৰিকল্পনা কৰিছে৷ ট্ৰাম্পে ল’ব খোজা মূল পদক্ষেপসমূহৰ ভিতৰত ৰাষ্ট্ৰপতি বাইডেনৰ জলবায়ুকেন্দ্ৰিক কাৰ্যবাহী আদেশসমূহৰ বহুখিনি আঁতৰাই দিয়া হয়তো হ’ব, যেনে– যান-বাহনৰ পৰা ওলোৱা দূষিত বায়ু নিৰ্গমনবিষয়ক অধিনিয়ম আৰু বৈদু্যতিক বাহন (ইভি) ক উৎসাহিত কৰা অধিনিয়ম৷ তেওঁ হোৱাইট হাউছৰ জলবায়ু উপদেষ্টাৰ দৰে পদসমূহ আঁতৰাই তেল আৰু গেছ উদ্যোগৰ প্ৰয়োজনীয়তা পূৰণত গুৰুত্ব আৰোপ কৰিব বুলি আশা কৰা হৈছে৷ ইয়াৰ উপৰি ট্ৰাম্পে মিথেন নিৰ্গমন, গেছ ফ্লেৰিং, আৰু সেউজ গৃহ গেছৰ প্ৰতিবেদনৰ ওপৰত নিষেধাজ্ঞা লাঘৱ কৰাৰ লক্ষ্য ৰাখিছে, যিবোৰে জীৱাশ্ম ইন্ধন উদ্যোগসমূহক উপকৃত কৰিব৷ ট্ৰাম্পে পেৰিছ জলবায়ু চুক্তিৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰিবলৈ একপ্ৰকাৰ মন বান্ধিছে, তেওঁ দূষিত বায়ুৰ নিৰ্গমন হ্ৰাস আৰু জলবায়ু সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি নিদিবলৈও বদ্ধপৰিকৰ৷ আমেৰিকাৰ ৰক্ষণশীলসকলে আনকি কেলিফ’ৰ্নিয়াৰ জুইৰ বাবে গ্ল’বেল ৱাৰ্মিঙক নহয়, ই ডি আই (Diversity, equity, and inclusion) ৰ ওপৰত বিশেষকৈ মনোযোগ দিয়াৰ বাবে হৈছে বুলি এক অদ্ভুত যুক্তি আগবঢ়াইছে৷ আমেৰিকাত বৈচিত্ৰ্য বা ডাইভাৰ্ছিটী বৰ্তি আছিল আইনৰ বাবে নহয়, ব্যৱসায়ীক দৃষ্টিকোণৰ পৰা ইয়াৰ লাভ আছে বাবেহে৷ ভাৰতৰ ব্ৰেইন ড্ৰেইনৰ সুফল আমেৰিকাই এতিয়াও পাই আহিছে৷ট্ৰাম্পৰ জলবায়ু সম্পৰ্কীয় নীতিসমূহে পৰিৱেশত বিশ্বব্যাপী প্ৰভাৱ পেলাব৷ নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ কামবোৰ পিছুৱাই দিলে কাৰ্বন উৎপাদন বৃদ্ধি পাব আৰু স্বচ্ছ শক্তিৰ উৎসলৈ হ’ব লগা পৰিৱৰ্তন অধিক লেহেমীয়া হ’ব বুলি আশা কৰা হৈছে৷ জীৱাশ্ম ইন্ধনৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ প্ৰচেষ্টা যথেষ্ট বিলম্ব হ’ব পাৰে, যাৰ প্ৰতিক্ৰিয়া কেৱল আমেৰিকাতেই নহয়, গোটেই বিশ্বতে দেখা পোৱা যাব৷আমেৰিকাৰ অৰ্থনীতিও প্ৰভাৱিত হ’ব৷ ইলেক্ট্ৰ’নিক যান-বাহন আৰু বায়ুশক্তিৰ দৰে নৱীকৰণযোগ্য প্ৰযুক্তিৰ ক্ষেত্ৰত আমেৰিকাই প্ৰতিযোগিতামূলক ক্ষমতা আৰু বিনিয়োগৰ সুযোগ হেৰুৱাব৷ আন্তঃৰাষ্ট্ৰীয় মঞ্চত পেৰিছ জলবায়ু চুক্তিৰ পৰা আঁতৰি আহিলে আমেৰিকাক বিশ্ব জলবায়ু নেতৃত্বৰ পৰা পৃথক কৰি ৰখা হ’ব আৰু ভৱিষ্যতৰ আলোচনাত দেশখনক বিশ্বাসত হয়তো আৰু লোৱা নহ’ব৷ সামগ্ৰিকভাৱে ট্ৰাম্পৰ প্ৰস্তাৱিত জলবায়ু নীতিয়ে জীৱাশ্ম ইন্ধনকেন্দ্ৰিক এক মান্ধাতা যুগলৈ দেশখনক নিয়াৰ পৰিকল্পনাই সকলোৰে বিস্তৰ ক্ষতি কৰাৰ আশংকাই দেখা গৈছে৷ এইক্ষেত্ৰত ইলেক্ট্ৰ’নিক যান-বাহন কোম্পানী টেছলাৰ মুৰব্বী আৰু ট্ৰাম্পৰ সহযোগী ইলন মাস্কৰ ভূমিকা লক্ষণীয় হ’ব৷ ট্ৰাম্পে কৈছিল, ‘আমি আকৌ এটা ধনী জাতি হ’ম, আৰু আমাৰ ভৰিৰ তলৰ সেই পনীয়া সোণটোৱেই এই কামত সহায় কৰিব৷’ অৱশ্যে, এই পনীয়া সোণৰ বিকল্প বিচাৰিবলৈ গোটেই বিশ্ব যেতিয়া ব্যগ্ৰ হৈ পৰিছে, গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি, তেনেস্থলত আমেৰিকাৰ এনে স্থিতিয়ে জলবায়ু পৰিৱৰ্তনক ৰোধ কৰাৰ সকলো প্ৰচেষ্টা মন্থৰ কৰাৰ এক দুৰ্ভাগ্যজনক পৰিস্থিতিৰ হয়তো সৃষ্টি কৰিব৷






