Logo
image

চিৰতাৰ পানী খালে ডায়েবেটিছেই নহয় বহু ৰোগৰ পৰা সকাহ পাব।

অসমীয়া সমাজত বহুলভাৱে ব্যবহূত বনৌষি¸ধসমূহৰ ভিতৰত অন্যতম হ’ল চিৰতা তিতা৷ পুষ্টিবিদসকলৰ মতে এইবিধ বনৌষধি মুখত দিবলৈ বৰ তিতা কিন্তু ইয়াৰ গুণবোৰ বৰ মিঠা৷ চিৰতা হ’ল বহু বৰ্ষজীৱী উদ্ভিদ৷ এইবিধ বন দৰবৰ পাতবোৰ সৰু সৰু৷ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত চিৰতা মহৌষধি হিচাপে ব্যৱহাৰ কৰা হয়৷ চিৰতা কেচা বা শুকান, ডাল-পাত-শিপা ঔষধি হিচাপে ব্যৱহাৰ হয়৷ চিৰতা ৰাতি পানীত তিয়াই থৈ পূৱা সেই পানী পান কৰিলে বহুতো সুফল পোৱা যায়৷ ডায়েবেটিছ, তেজ পৰিষ্কাৰ কৰা, উচ্ছ ৰক্তচাপ, কলেষ্টৰেল, দৃষ্টিশক্তি, খজুৱতি, মেলেৰিয়া, জ্বৰ-চৰ্দি-কাহ টাইফয়ড, কেচুঁমুৰীয়া আদি সমস্যা দূৰ কৰে চিৰতাই৷

(১) ডায়েবেটিছ ৰোগীৰ কাৰণে চিৰতাৰ পানী বৰ উপকাৰী৷

(২) ডায়েৰীয়া আৰু যকৃতৰ বিভিন্ন ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত চিৰতাৰ পানী উপকাৰি৷ তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ ৰখাত চিৰতাৰ পানীয়ে বিশেষভাৱে সহায় কৰে৷

(৩) হাপানীৰ প্ৰকোপ বেছি হ’লে আধা গ্ৰাম চিৰতা ৰসৰ লগত মৌ মিহলাই তিনি ঘণ্টাৰ ব্যৱধানত দুই তিনিবাৰ খাব লাগে৷ হাপানীৰ প্ৰকোপ কমে৷ এন্টি অক্সিডেণ্টৰ পৰিমাণ অধিক থকাৰ কাৰণে চিৰতাই ৰোগ প্ৰতিৰোধত সহায় কৰে৷


(৪) এলাৰ্জি হ’লে চিৰতাৰ পানী পান কৰিলে উপকাৰ পোৱা যায়৷ নিশা চিৰতা গৰম পানীত তিয়াই ৰাখি পিছদিনা পুৱা সেই পানী খালে সুফল পোৱা যায়৷

(৫) চিৰতাই হজম শক্তি বৃদ্ধি কৰে৷ ই শৰীৰৰ পৰা টক্সিন  দূৰ কৰাত সহায় কৰে৷ গৰ্ভৱস্থাত মহিলাৰ বমি ভাব আহিলে চিৰতাৰ পানী চেনি পানীৰ লগত মিহলাই খালে বমি বন্ধ হয়৷ কৃমিৰ পৰা হাত সাৰিবলৈ চিৰতাৰ পানী ব্যৱহাৰ কৰিব পাৰে, সুফল পাব৷

(৬) গাত খজুৱতি হ’লে, চুলি সৰিলে বা উফি ৰোধ কৰিবলৈ চিৰতাৰ পানী ব্যৱহাৰ কৰিব পাৰে৷