
ট্ৰাম্পৰ অভিষেক
২০ জানুৱাৰীত আমেৰিকা যুক্তৰাজ্যৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণে আমেৰিকা আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ নতুন সম্ভাৱনা আৰু প্ৰত্যাহ্বান উভয়কে কঢ়িয়াই আনিছে৷ বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰখনত নেতৃত্বৰ এই পৰিৱৰ্তনে ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালৰ নীতিসমূহৰ পুনৰাবৃত্তিৰ সম্ভাৱনা সৃষ্টি হোৱাৰ লগতে সম্ভাব্য নতুন পৰিৱেশ সৃষ্টিৰো ইংগিত বহন কৰিছে৷
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালত ভাৰত-আমেৰিকাৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত ব্যাপক পদক্ষেপ গ্ৰহণৰ সমান্তৰালভাৱে কোৱাডৰ দৰে আন্তৰ্জাতিক স্তৰত চীনৰ আগ্ৰাসী নীতিক প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল৷ চীনৰ বিৰুদ্ধে তেওঁ গ্ৰহণ কৰা দৃঢ় স্থিতিৰ ফলত প্ৰশান্ত মহা সাগৰীয় অঞ্চলত ভাৰতৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখাটো সুচল হৈ পৰিছিল৷ এইবাৰো ৰাষ্ট্ৰপতিজনে শাসনভাৰ লোৱাৰ পাছতে যি ভাষণ দিছে, তাৰ পৰা তেওঁৰ বৰ্তমানৰ কাৰ্যকালতো যে ভাৰতৰ আঞ্চলিক স্বাৰ্থসমূহ পূৰ্বৰ দৰেই সুৰক্ষিত থাকিব, সেয়া আশা কৰিব পাৰি৷ তদুপৰি, ভাৰত-ৰাছিয়াৰ কূটনৈতিক সম্বন্ধৰ ক্ষেত্ৰত পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ যি হেঁচা দেখা যায়, ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মাজত থকা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ বাবেই সেই হেঁচাৰ পৰা ভাৰত মুক্ত হৈ থকাৰ সম্ভাৱনা আছে৷ একেদৰে, ভাৰতৰ আভ্যন্তৰীণ বিষয়সমূহৰ ক্ষেত্ৰত ট্ৰাম্পে প্ৰদৰ্শন কৰা অহস্তক্ষেপমূলক নীতিয়ে ভাৰতক অধিক স্বাধীনভাৱে আভ্যন্তৰীণ বিষয়সমূহৰ লগত মোকাবিলা কৰিবলৈ সুযোগ প্ৰদান কৰিব বুলিও আশা কৰিব পাৰি৷ এইক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজৰ ব্যক্তিগত সম্পৰ্কয়ো নিশ্চিতভাৱে অনুঘটকৰ ভূমিকা পালন কৰিব৷
যদিও ট্ৰাম্প প্ৰশাসনে ভাৰতৰ বিভিন্ন ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে, ইয়াৰ মাজতো কিন্তু এনে কিছুমান বিষয় আছে, যিবোৰৰ ক্ষেত্ৰত ভাৰতে ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷ ট্ৰাম্পৰ ‘আমেৰিকা প্ৰথম’ নীতিয়ে দুয়োখন দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ আমেৰিকাক পুনৰ এক মহান ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ যি প্ৰতিশ্ৰুতি ট্ৰাম্পে প্ৰদান কৰিছে, সেয়া ফলৱতী কৰিবৰ বাবে বাণিজ্যৰ ক্ষেত্ৰত তেওঁ যি সুৰক্ষাবাদী নীতি গ্ৰহণৰ পোষকতা কৰিছে, সিয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজত সংঘাতৰ সৃষ্টি কৰিব পাৰে৷ ২০২৪ চনলৈ আমেৰিকাৰ সৈতে ভাৰতৰ বাণিজ্যিক উদ্বৃত্ত ৰাশিৰ পৰিমাণ আছিল ২৮ মিলিয়ন মাৰ্কিন ডলাৰ৷ ভাৰতৰ এই বৃহৎ বাণিজ্যিক উদ্বৃত্তক ৰাষ্ট্ৰপতি ট্ৰাম্পে সহজভাৱে নোলোৱাৰ সম্ভাৱনাই অধিক৷ এনে প্ৰেক্ষাপটত ভাৰতৰ ঔষধ, বস্ত্ৰশিল্প, অভিযান্ত্ৰিক সামগ্ৰীৰ দৰে মূল ৰপ্তানিকৃত খণ্ডসমূহে অধিক শুক্লৰ সন্মুখীন হ’ব পাৰে৷ যিহেতু আমেৰিকালৈ ভাৰতৰ এই খণ্ডসমূহৰ অধিক সামগ্ৰী ৰপ্তানি হয়, গতিকে এই খণ্ডসমূহে প্ৰতিবন্ধকতাৰ সন্মুখীন হ’লে যোগান শৃংখল ব্যাহত হ’ব পাৰে, যাৰ ফলত ৰাজহ আহৰণ ব্যাহত হ’ব৷ এনে পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে ভাৰতে অন্যান্য সম্ভাব্য বজাৰৰ অন্বেষণ কৰিব লাগিব আৰু নিজৰ প্ৰতিযোগিতামূলক সক্ষমতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিব লাগিব৷
তদুপৰি ট্ৰাম্পে নিৰ্বাচনী প্ৰচাৰৰ সময়ত উল্লেখ কৰা প্ৰব্ৰজন নীতি যদি প্ৰকৃতাৰ্থত কাৰ্যকৰী কৰে, তেনেহ’লে ইও ভাৰতৰ বাবে মূৰৰ কামোৰণিৰ বিষয় হৈ পৰিব৷ প্ৰব্ৰজনক প্ৰতিৰোধ কৰাৰ বাবে যদিহে ট্ৰাম্প প্ৰশাসনে এইচ-১- বি ভিছাৰ নিয়ম অধিক কঠোৰ কৰে, তেনেহ’লে ভাৰতৰ তথ্য আৰু প্ৰযুক্তিৰ খণ্ডটো সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ’ব৷ বৰ্তমান আমেৰিকাৰ এইচ-১-বি ভিছা লাভ কৰা ৭২ শতাংশ বৃত্তিধাৰীয়ে হৈছে ভাৰতীয়৷ গতিকে আমেৰিকাই এইক্ষেত্ৰত নমনীয় স্থিতি গ্ৰহণ নকৰিলে এনে বৃত্তিধাৰীসকলৰ বাবে আমেৰিকাৰ চাকৰিৰ বজাৰত টিকি থকাটো জটিল হৈ পৰিব৷ এনে জটিল পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ আমেৰিকাত থকা ভালেসংখ্যক ভাৰতীয় প্ৰতিষ্ঠানে স্থানীয় লোকক সংস্থাপন দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ এই পদক্ষেপে ভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক হ্ৰস্বম্যাদী সকাহ প্ৰদান কৰিলেও ই পৰিচালন ব্যয় যথেষ্ট বৃদ্ধি কৰিব, যিয়ে তথ্য-প্ৰযুক্তিৰ ব্যৱসায়ৰ লগত জড়িত ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ গোলকীয় আধিপত্যক দুৰ্বল কৰিব৷
যিহেতু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ নীতিসমূহক নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছে, গতিকে এইক্ষেত্ৰত ভাৰতেও নতুনকৈ চিন্তা-চৰ্চা কৰা প্ৰয়োজন হৈ পৰিছে৷ এনে নতুন পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ভাৰতৰ উদ্যোগখণ্ডই গোলকীয় প্ৰেক্ষাপটত নিজৰ স্থিতি শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ’বনে? দেশৰ তথ্য-প্ৰযুক্তিৰ খণ্ডই আমেৰিকাৰ প্ৰব্ৰজনৰ প্ৰত্যাহ৩ানক ওফৰাই গোলকীয় উদ্ভাৱনীমূলক শক্তিক নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হ’বনে? এই সময়ত ভাৰতে আন ৰাষ্ট˜সমূহৰ লগত অংশীদাৰিত্ব গঢ়ি তুলি নিৰ্মাণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত থকা নিজৰ আধিপত্য বৰ্তাই ৰাখিব পাৰিবনে? এই প্ৰশ্নসমূহৰ উত্তৰে কেৱল ভাৰত-আমেৰিকাৰ মাজৰ সম্পৰ্কৰ লগতে গোলকীয় শৃংখলৰ অনিশ্চিত ভৱিষ্যতকো সংজ্ঞায়িত কৰিব৷