Logo
image

নাগৰিকত্বঃ ট্ৰাম্পৰ সিদ্ধান্ত নাকচ মাৰ্কিন আদালতৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ জানুৱাৰীঃ আমেৰিকাত অবৈধভাৱে বসবাস কৰি থকা ভাৰতীয় নাগৰিকক নতুন দিল্লীয়ে দেশলৈ ঘূৰাই আনিব৷ নতুন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ফলতে ভাৰতে আমেৰিকাত নথি পত্ৰবিহীনভাৱে বসবাস কৰা ভাৰতীয় নাগৰিকক ঘূৰাই আনিবলৈ সৈমান হৈছে৷ ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ  মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এখন সংবাদমেলত আমেৰিকাৰ পৰা দেশান্তৰিত কৰিবলগীয়া ভাৰতীয় সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে৷ তেওঁ কয়–‘যিসকল ভাৰতীয় আমেৰিকা কিম্বা আন দেশত নথি পত্ৰ অবিহনে অতিৰিক্ত সময় বসবাস কৰি আছে, তেওঁলোকে ভাৰতীয় নাগৰিকত্বৰ সঠিক নথি দাখিল কৰিব পাৰিলে ভাৰতে তেওঁলোকক ঘূৰাই আনিব৷’ উল্লেখ্য, ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ দিনাই এটা নিৰ্দেশৰ জৰিয়তে দেশখনত অবৈধভাৱে বাস কৰি থকা আন দেশৰ নাগৰিকক দেশান্তৰ কৰিবলৈ সিদ্ধান্ত লৈছে৷ আমেৰিকাত তেনেদৰে অবৈধভাৱে ১৪ নিযুত লোকে বাস কৰি আছে৷ তাৰ ভিতৰত আছে ৭.২৫ লাখ ভাৰতীয়৷ মাৰ্কিন প্ৰশাসনে দেশান্তৰিত কৰিবলগীয়া অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰথমখন তালিকাত ১৭,৯৪০ জন ভাৰতীয় নাগৰিক আছে৷ ট্ৰাম্প প্ৰশাসনৰ হেঁচাত নতুন দিল্লীয়ে তেওঁলোকক গ্ৰহণ কৰাৰ গত্যন্তৰ নথকাত শুকুৰবাৰে বৈদেশিক মন্ত্ৰণালয়ে নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ বাধ্য হৈছে৷


ইপিনে আমেৰিকাৰ এজন ফেডাৰেল ন্যায়াধীশে ড’নাল্ড ট্ৰাম্পে বাতিল কৰা জন্মসিদ্ধ নাগৰিকত্বৰ অধিকাৰ আইনৰ নিৰ্দেশ নাকচ কৰিছে৷ ফেডাৰেল ন্যায়াধীশ জন কঘেন’ৰে এটা নিৰ্দেশত কয়, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই নিৰ্দেশ ‘নিৰ্লজ্জভাৱে অসাংবিধানিক৷’ ফেডাৰেল ন্যায়াধীশ জন কঘেন’ৰৰ এই নিৰ্দেশে আমেৰিকাত ৱৰ্কিং ভিছা লৈ কৰ্মৰতসকলক সকাহ দিব বুলি ধাৰণা কৰা হৈছে৷ ইতিমধ্যে ২১ খন প্ৰদেশে ট্ৰাম্পৰ নিৰ্দেশৰ বিৰোধিতা কৰি আদালতত প্ৰত্যাহ্বান জনাইছে৷ ২০ জানুৱাৰীত এটা নিৰ্দেশৰ জৰিয়তে ট্ৰাম্পে আমেৰিকাৰ জন্মসিদ্ধ নাগৰিকত্বৰ অধিকাৰ বিলোপ কৰিছিল৷