
অ’পিএছ বনাম ইউপিএছ
শেহতীয়াকৈ ভাৰত চৰকাৰে অৱসৰৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কল্যাণমূলক ব্যৱস্থা হিচাপে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ একত্ৰিত পেন্সন আঁচনি (Unified Pension System = UPS) ৰ অধিসূচনা জাৰি কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰীয়েও এই ব্যৱস্থা একে সময়ৰ পৰা অসমতো কাৰ্যকৰী কৰিব বুলি ঘোষণা কৰিছে৷ চৰকাৰী ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ অংশ শিক্ষক-কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ সপক্ষে দেশত হোৱা জনজাগৰণৰ সময়ত নতুনকৈ উদ্ভাৱন কৰা এই পদক্ষেপ যদিও আদৰণীয়, তথাপি ই বিভিন্নজনৰ সংশয়ৰ অৱসান কৰা নাই৷ যিয়েই নহওক এই নৱতম সংযোজনে পুৰণি পেন্সন আঁচনিৰ পুনৰ প্ৰৱৰ্তনৰ আন্দোলনক প্ৰশমিত কৰিব পাৰিবনে, সেয়া সময়ত স্পষ্ট হ’ব৷
পুৰণি পেন্সন আঁচনি (অ’পিএছ) হৈছে এটা কৃতজ্ঞতামূলক কল্যাণ ব্যৱস্থা৷ বহুক্ষেত্ৰত ই খুচুৰা বজাৰত মূলধনৰ সুষম যোগান নিশ্চিত কৰে৷ ২০০৫ চনৰ ৰ ফেব্ৰুৱাৰীৰ পৰা অসমত বন্ধ কৰি দিয়া অ’পিএছ চৰকাৰী কৰ্মচাৰীৰ বাবে অৱদানবিহীন, সম্পূৰ্ণ প্ৰমাণিত কল্যাণমূলক ব্যৱস্থা আছিল৷ অসম সেৱা (পেন্সন) নিয়ম, ১৯৬৯১ অধীনত চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ পাছত নিশ্চিত পেন্সনৰ অধিকাৰী আছিল, তেওঁলোকৰ পৰা কোনো বৰঙণিৰ প্ৰয়োজন নাছিল৷ তাৰ বিপৰীতে সদ্যঘোষিত ইউপিএছ এনপিএছ (National Pension System) ৰ দৰে এটা শ্বেয়াৰ মাৰ্কেট-নিৰ্ভৰশীল ব্যৱস্থা৷ অধিসূচনা মতে, এই ইউপিএছত চৰকাৰে কৰ্মচাৰীজনৰ মূল দৰমহা আৰু মৰগীয়া বনাচৰ ১০ শতাংশ আদায় দিয়াৰ উপৰি অতিৰিক্ত ৮.৫ শতাংশ আদায় দিব৷ এনপিএছৰ দৰে কৰ্মচাৰীৰ দৰমহাৰ পৰা ১০ শতাংশ কৰ্তন চলি থাকিব৷ এই আঁচনিৰ মুখ্য সুবিধাসমূহ হৈছে– (১) ২৫ বছৰ চাকৰি কাল সম্পূৰ্ণ হোৱা কৰ্মচাৰীয়ে পেন্সন হিচাপে শেষৰ ১২ মাহৰ গড় মূল দৰমহাৰ ৫০ শতাংশকৈ মৰগীয়া সাহায্য সহিতে মাহিলি পেন্সন লাভ কৰিব৷ (২) কমেও ১০ বছৰ সেৱা কৰাসকলক প্ৰতিমাহে নূ্যনতম ১০ হাজাৰ টকাকৈ আৰু ১০-২৫ বছৰৰ ভিতৰত চাকৰি কৰা সকলক আনুপাতিক হিচাপত মাহিলি পেন্সন দিয়া হ’ব৷ (৩) মৰগীয়া সাহায্য (ডিআৰ) পেন্সনৰ লগত যোগ হ’ব কৰ্মচাৰীৰ মৰগীয়া বানচ (ডিএ)ৰ সমানে৷
(৪) মাহিলি পেন্সনৰ ৬০ শতাংশকৈ পতি/পত্নীক পৰিয়াল পেন্সন দিয়া হ’ব আৰু (৫) অৱসৰৰ সময়ত সম্পূৰ্ণ কৰা প্ৰতি ৬ মাহত ১/১০ অংশকৈ শেষ মাহৰ দৰমহাৰ লগত হিচাপ কৰি এককালীনভাৱে আদায় দিয়া হ’ব৷
এই সলনিবোৰ কৰ্মচাৰীৰ বাবে ডাঙৰ সকাহ বুলি ধাৰণা কৰিলেও এই ব্যৱস্থা শ্বেয়াৰ বজাৰ নিৰ্ভৰশীল হোৱা বাবে মূল সমস্যা এনপিএছৰ লগত একে, অৰ্থাৎ পেন্সনৰ পৰিমাণ বজাৰৰ উঠা-নমাৰ আওতাত পৰিব, যাৰ ফলত ই অভাৱনীয় আৰু অনিশ্চিত হৈ পৰিব৷ অৰ্থাৎ ইউপিএছৰ অধীনত থকা বৰ্তমানৰ এজন লোকে অৱসৰৰ সময়ত কি পাব, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰে দায়িত্ব ল’ব লাগিব৷ অন্যথা বজাৰৰ অৰ্থনৈতিক বিপৰ্যয় মোকাবিলা কৰাটো এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে সম্ভৱ নহ’ব৷ ইয়াৰ বাদেও ইউপিএছত আন কিছু অসুবিধা দেখা যায়৷ সেয়া হৈছে– (১) ইউপিএছ পোনপটীয়াকৈ চৰকাৰে কাৰ্যকৰী কৰিব নে তৃতীয় পক্ষৰ সংস্থাৰ জৰিয়তে ৰূপায়ণ কৰিব, সেয়া স্পষ্ট নহয়৷ (২) মুঠ সংগৃহীত পুঁজিত কৰ্মচাৰীৰ অৱদানখিনি ঘূৰাই দিয়াৰ ব্যৱস্থা নাই৷ (৩) অ’পিএছৰ এক নিশ্চিত উপাদান পৰিয়াল পেন্সন পতি-পত্নীৰ বাহিৰে আৰ্থিকভাৱে নিৰ্ভৰশীলৰ ক্ষেত্ৰত ইউপিএছত ব্যৱস্থা নাই৷ (৫) ডেয়াৰনেছ ৰিলিফ গণনা কৰি পেন্সনাৰসকলক কেনেকৈ প্ৰদান কৰা হ’ব, সেই বিষযে ইউপিএছে স্পষ্টতা প্ৰদান কৰা নাই৷
(৬) দৰমহা সংশোধনী নীতি-নিয়ম কাৰ্যকৰী হ’বনে বা কিদৰে কাৰ্যকৰী হ’ব, কোনো ধাৰণা দিয়া নাই৷
(৭) গুৰুত্বপূৰ্ণ নৱ সংযোজন হৈছে, পেন্সনৰ হিচাপত ব্যক্তিজনৰ শেষ সময়ৰ সৰ্বমুঠ জমাধনকো আধাৰ হিচাপে ধৰি লোৱা হৈছে, যাৰ বাবে পেন্সন আৰু আন বিত্তীয় সুবিধা সময়ভেদে ভিন্ন৷
ঘোষণা কৰা ইউনিফাইড পেন্সন আঁচনিৰ কেইবাটাও অসুবিধা আৰু অনিশ্চয়তা আছে৷ ই কিছু সুবিধা প্ৰদান কৰা যেন লাগিছে যদিও কেইবাটাও জটিল ক্ষেত্ৰত ই পুৰণি পেন্সন আঁচনি (অ’পিএছ) ৰ পৰা বহু আঁতৰি গৈছে৷ চৰকাৰে এই উদ্বেগসমূহৰ সমাধান কৰিব লাগিব আৰু চৰকাৰী কৰ্মচাৰীয়ে যাতে তেওঁলোকৰ সঠিক পেন্সনৰ পৰা বঞ্চিত নহয় তাৰ বাবে ৰূপায়ণৰ ক্ষেত্ৰত স্পষ্টতা প্ৰদান কৰিব লাগিব৷ ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ চালিকাশক্তি ৰাজ্যিক কৰ্মচাৰীসকলৰ অভাৱ পূৰণ কৰি কৰ্মৰ পৰিৱেশ গঢ়ি তোলাটো চৰকাৰৰ নৈতিক দায়িত্ব৷ ৰাজ্যত অ’পিএছ পুনজ্ঞপ্ৰৱৰ্তনৰ ক্ষেত্ৰত শিক্ষক-কৰ্মচাৰী সমাজৰ সমূহীয়া মঞ্চ হিচাপে কাম কৰি অহা সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আগন্তুক ভূমিকাও এইক্ষেত্ৰত লক্ষণীয় হ’ব৷