Logo
image

বেছি ভোক লাগিলে এনেধৰণৰ খাদ্য নাখাব

কামৰ হেঁচাত বহুতে সময়মতে খাদ্য গ্ৰহণ কৰিব নোৱাৰে৷ এনে অৱস্থাত বেছিভাগ লোকেই দুপৰীয়াৰ খাদ্য বিয়লি খাবলগীয়া হয়৷ আন কিছুমানে আকৌ ভোক মুঠেই সহ্য কৰিব নোৱাৰে৷ ফলত এনে লোকে কাষতে যি খাদ্য পোৱা যায়, বিশেষকৈ চিপছ, বিস্কুট, চকলেট বা ফলমূল খাই ভোক আঁতৰায়৷ কিন্তু জানি থোৱা ভাল যে অত্যধিক ভোকত মূল খাদ্যৰ সলনি যিহকে তিহকে খালে স্বাস্থ্যৰ ভয়ানক ক্ষতি হ’ব পাৰে৷ উল্লেখ কৰা হ’ল অত্যধিক ভোকত কোনবোৰ খাদ্য গ্ৰহণ কৰাটো অনুচিত–

(১) জ্বলা তথা মছলাযুক্ত খাদ্যঃ বহুতে ভোক লাগিলে কাষতে পোৱা  সহজ খাদ্য যেনে জ্বলা ভুজিয়া, ভজা বুট আদি খাই ভোক আঁতৰায়৷  এনে অভ্যাসে হজমত সমস্যাৰ সৃষ্টি কৰে৷ তদুপৰি খালী পেটত জ্বলা বা মছলাযুক্ত খাদ্য খালে পাকস্থলীত নেতিবাচক প্ৰভাৱ পৰে৷ সেয়ে  জ্বলা বা মছলাযুক্ত খাদ্য খোৱাৰ পূৰ্বে গাখীৰ অথবা দৈ খাওক৷

(২) ফলঃ ফল খালী পেটত খোৱাটো অনুচিত৷ মূল খাদ্য গ্ৰহণৰ কমেও আধাঘণ্টা পাছতহে ফলমূল খাব লাগে৷ কল বা আপেলজাতীয় খাদ্যই দেহত দ্ৰুত শক্তি যোগান ধৰে যদিও এই শক্তি বেছিসময় তিষ্ঠি নাথাকে৷ ফলত ফলাহাৰ কৰাৰ কিছুসময়ৰ পাছতে পুনৰ ভোক লগা আৰম্ভ হয়৷ সেয়ে ভোক লাগিলে ফলমূলৰ সৈতে বাদাম, পিনাট বাটাৰ অথবা পনীৰ আদি খাব পাৰে৷


(৩) কফিঃ অত্যধিক ভোকত ভুলতো কফি নাখাব৷ খালী পেটত কফিয়ে এচিডিটিৰ সৃষ্টি কৰে৷ ফলত পেট বেয়া হোৱাৰ আশংকা থাকে৷ বিশেষকৈ যি সকলৰ গেষ্ট্ৰিকৰ সমস্যা আছে তেওঁলোকে ভোকত ভুলতো কফি খোৱাটো উচিত নহয়৷

(৪) বিস্কুট-চিপ্‌ছঃ ভোক লাগিলে বহুতে চিপ্‌ছ বা বিস্কুট খোৱাটো নতুন কথা নহয়৷ বিস্কুট-চিপ্‌ছ আদিত থকা কাৰ্বহাইড্ৰেট কিছুসময়ৰ পাছতে হজম হৈ যায় ফলত পুনৰ ভোক লাগে৷ সেয়ে অত্যধিক ভোক লাগিলে চিপ্‌ছ বা বিস্কুটৰ সলনি ছেণ্ডুইছ অথবা কেক আদি খাব পাৰে৷