Logo
image

বাজেট আৰু মধ্যবিত্ত শ্ৰেণী

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত ২০২৫-২৬ বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব৷ পূৰ্বৰ দৰেই এইবাৰো বাজেটক লৈ দেশৰ সকলো স্তৰৰ লোকেই উৎকণ্ঠিত হৈ আছে৷ কিন্তু এইবাৰৰ বাজেটক লৈ দেশৰ মধ্যবিত্ত শ্ৰেণীটোৱে গভীৰ প্ৰত্যাশাৰে বাট চাই আছে৷ দেশৰ অৰ্থনীতিৰ মূল চালিকা শক্তিয়েই হ’ল এই মধ্যবিত্ত শ্ৰেণীটো৷ ১৯৯১ চনৰ আৰ্থিক সংস্কাৰৰ পাছত চৰকাৰৰ বিভিন্ন নীতিৰ সহযোগত ক্ৰমাৎ শক্তিশালী হৈ উঠা ভাৰতীয় মধ্যবিত্ত শ্ৰেণীটোৱে বিগত সময়ছোৱাত ব্যাপক অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’ব লগা হৈছে, যাৰ ফলত সামগ্ৰিকভাৱে এই গোটেই শ্ৰেণীটোৰ বিকাশেই মন্থৰ হৈ পৰিছে৷ মধ্যবিত্ত শ্ৰেণীৰ এনে মন্থৰ বিকাশৰ ফলতেই ২০২৪ জুলাই-ছেপ্টেম্বৰৰ ত্ৰিমাসিকত দেশৰ অৰ্থনৈতিক বিকাশতো ব্যাপক নেতিবাচক প্ৰভাৱ দেখা  গ’ল আৰু সেই সময়ছোৱাত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ আছিল মাত্ৰ ৫.৪ শতাংশ, যিটো বিগত প্ৰায় দুটা বছৰৰ ভিতৰতে সৰ্বনিম্ন৷ যদিহে এই ধাৰা অব্যাহত থাকে, তেনেহ’লে মাৰ্চৰ শেষলৈকে এই বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ ৬.৪  শতাংশতে স্তিমিত হৈ পৰিব বুলি অনুমান কৰা হৈছে, যিটো বিগত চাৰিটা বৰ্ষৰ ভিতৰত সৰ্বনিম্ন আৰ্থিক বিকাশ হিচাপে বিবেচিত হ’ব৷

জনসাধাৰণৰ ব্যক্তিগত ব্যয়ে দেশৰ মুঠ ঘৰুৱা উৎপাদনত প্ৰায় ৬০ শতাংশ অৰিহণা আগবঢ়ায়৷ এই ব্যক্তি ব্যয়ৰ বৃহৎ মূল হোতা হিচাপে পৰিচিত মধ্যবিত্ত শ্ৰেণীটোৱে আয় আৰু ব্যয়ৰ মাজত ব্যাপক অসামঞ্জস্যৰ সন্মুখীন হৈছে৷ এই সময়ছোৱাত বিভিন্ন কাৰকে দেশৰ মধ্যবিত্ত শ্ৰেণীটোৰ বিকাশত গতিৰোধৰ সৃষ্টি কৰিছে৷ ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অক্টোবৰত খাদ্যবস্তুৰ মুদ্ৰাস্ফীতি ১০.৮৭  শতাংশলৈ বৃদ্ধি পাইছে৷ গ্ৰামাঞ্চলত এই হাৰ ১০.৬৯ শতাংশ আৰু চহৰাঞ্চলত ইয়াৰ পৰিমাণ হ’ল ১১.০৯ শতাংশ৷ ইয়াৰ বিপৰীতে নৱেম্বৰ আৰু ডিচেম্বৰত খাদ্যবস্তুৰ মুদ্ৰাস্ফীতি আছিল ক্ৰমে ৯.০৪ আৰু ৮.৩৯৷ খাদ্যসামগ্ৰীৰ এনে চৰা দামৰ সমান্তৰালভাৱে চৰকাৰৰ কৰ ব্যৱস্থায়ো দেশৰ মধ্যবিত্ত শ্ৰেণীটোক আৰ্থিকভাৱে কোঙা কৰিছে৷ ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে কৰ্প’ৰেট টেক্স হ্ৰাস কৰি পুঁজিপতি প্ৰতিষ্ঠানসমূহক বৃহৎ সকাহ প্ৰদান কৰিছিল৷ এনে পদক্ষেপৰ দ্বাৰা যদিও চৰকাৰে ব্যাপক আৰ্থিক লোকচানৰ সন্মুখীন হৈছিল, তথাপি চৰকাৰে আশা কৰিছিল যে, এনে কৰ হ্ৰাসৰ দ্বাৰা ৰাহি হোৱা ধন সেই পুঁজিপতি প্ৰতিষ্ঠানসমূহে পুনৰ অৰ্থনীতিত বিনিয়োগ কৰিব৷ ইয়াৰ যোগেদি দেশত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব আৰু ব্যক্তিগত খণ্ডটোৱে পুনৰ ঠন ধৰি উঠিব৷ কিন্তু Ficci-Quess ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, ২০১৯-২৩ চনৰ ভিতৰত দেশৰ কৰ্প’ৰেট খণ্ডৰ লাভৰ পৰিমাণ চাৰিগুণ বৃদ্ধি পাইছিল৷ কিন্তু ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহত কৰ্মৰত লোকৰ বেতন বৃদ্ধিৰ পৰিমাণ তেনেই নূ্যনতম আছিল৷ এই প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি, EPMI খণ্ডৰ প্ৰতিষ্ঠানসমূহত বেতন বৃদ্ধিৰ পৰিমাণ আছিল ০.৮ শতাংশ আৰু FMGC খণ্ডৰ প্ৰতিষ্ঠানসমূহত এই পৰিমাণ আছিল ৫.৪  শতাংশ৷ যদিহে এই বেতন বৃদ্ধিক মুদ্ৰাস্ফীতিৰ লগত তুলনা কৰা হয়, তেনেহ’লে এই বেতন বৃদ্ধি হাৰ ঋণাত্মক৷ কৰ্প’ৰেট খণ্ডৰ আকাশলংঘী মুনাফা আৰু কৰ্মচাৰীৰ ঋণাত্মক বা নূ্যনতম পৰিমাণৰ বেতন বৃদ্ধি সন্দৰ্ভত দেশৰ মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা ভি অনন্ত নাগেশ্বৰণেও Assocham’s Bharat @ ১০০ Summitত পুঁজিপতি গোষ্ঠীসমূহৰ মুনাফা আৰু কৰ্মচাৰীক প্ৰদান কৰা বেতনৰ মাজত থাকিব লগা উপযুক্ত ভাৰসমতাৰ বিষয়ে দোহাৰিছিল৷ তেওঁৰ মতে, এনে ভাৰসমতা অবিহনে পুঁজিপতি গোষ্ঠীসমূহে নিজে উৎপাদন কৰা সামগ্ৰী ক্ৰয়ৰ বাবে কোনো চাহিদা নাথাকিব৷


দেশৰ এনে অৰ্থনৈতিক পৰিৱেশত ৰিজাৰ্ভ বেংকৰ ভূমিকাও লক্ষণীয় হৈ পৰিছে৷ যদিহে দেশৰ কেন্দ্ৰীয় বেংকটোৱে এই সময়ত ঋণৰ সুতৰ হাৰ হ্ৰাস কৰে, তেনেহ’লে মুদ্ৰাস্ফীতি অধিক বৃদ্ধি পোৱাৰ আশংকা থাকিব, আনহাতে এনেদৰে সুতৰ উচ্চ হাৰ বৰ্তাই ৰাখিলেও দেশৰ মধ্যবিত্ত শ্ৰেণীটোৱে ক্ৰয় ক্ষমতা হেৰুৱায়৷ অৰ্থনীতিৰ এনে দোদুল্যমান অৱস্থাত উত্থাপন হ’ব লগা এই বাজেটে উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ পৰিৱেশ সৃষ্টি কৰাৰ সমান্তৰালভাৱে মুদ্ৰাস্ফীতিকো নিয়ন্ত্ৰণত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ তদুপৰি, দেশত ইতিমধ্যে সংকুচিত হৈ পৰা মধ্যবিত্ত শ্ৰেণীটোক জীৱন ধাৰণৰ নূ্যনতম মানৰ সুযোগ প্ৰদানেৰে উজ্জীৱিত কৰি দেশৰ অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰি তোলাৰো পদক্ষেপ গ্ৰহণ কৰিব লাগিব এইখন বাজেটেই৷ এনে প্ৰেক্ষাপটত এই বাজেটৰ জৰিয়তে চৰকাৰে দেশৰ অৰ্থনীতিৰ পৰিকাঠামোগত সংস্কাৰ সাধনৰ দৰে হ্ৰস্বম্যাদী পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে মধ্যবিত্ত শ্ৰেণীটোৱে সন্মুখীন হৈ অহা সমস্যাসমূহক অনুধাৱন কৰি সেইসমূহৰ স্থায়ী সমাধানত গুৰুত্ব দিলেহে ভাৰতে অৰ্থনৈতিক বিকাশৰ গতিবেগক বৰ্তাই ৰখাৰ লগতে ইয়াৰ বহনক্ষম পথত আগুৱাই যাব পাৰিব৷