Logo
image

পেট ভালে ৰাখিবলৈ নিতৌ আপেল খাওক

শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে প্ৰিয় আপেল৷ খাই ভাল লগাই নহয়, আপেলৰ আছে বহু উপকাৰো৷ চিকিৎসকৰ ওচৰলৈ গ’লে বেক্টেৰিয়া সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰ’বায়টিক উপাদান সমৃদ্ধ খাদ্য খাবলৈ পৰামৰ্শ দিয়ে৷ কিয়নো এনে খাদ্যই মানুহক নিৰোগী কৰি তোলাত সহায় কৰে৷ বিশেষজ্ঞৰ সমীক্ষা মতে পেটৰ অসুখ চলি থাকিলে প্ৰ’বায়টিক উপাদান বা গেছৰ ঔষধ খোৱা উচিত নহয়৷ নিতৌ আপেল খায়েই পেটৰ সাধাৰণ সমস্যা নাইকীয়া কৰিব পাৰি৷ 

আপেল খালে কেনেধৰণে উপকৃত হ’ব পাৰি জানেনে–

(১) আপেলত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট আৰু ফাইটোকেমিকেল থাকে৷ ই মানুহৰ হজম প্ৰক্ৰিয়া শক্তিশালী কৰাৰ উপৰি কলেষ্ট’ৰেলৰ  মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে৷ 

(২) আপেলত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ গতিকে নিতৌ আপেল খালে মানুহৰ ছাল আৰু চুলিৰ স্বাস্থ্য ভালে থাকে৷ 


(৩) আপেলত থকা ভিটামিন চিয়ে দেহত কোলাজেন নামৰ এবিধ প্ৰ’টিন তৈয়াৰ কৰাত  সহায় কৰে৷ এই কোলাজেনে চুলি সৰা, চুলি পকা আদি সমস্যা কমায়৷ 

(৪) নিতৌ আপেল খালে মানুহৰ মুখৰ ক’লা দাগো আঁতৰ হয়৷ অৱশ্যে মধুমেহ ৰোগত আক্ৰান্ত লোকে আপেল খোৱাত সাৱধান হোৱা উচিত৷ কিয়নো নিতৌ এটাতকৈ বেছি আপেল খালে দেহত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পাব পাৰে৷ তদুপৰি গেষ্টি˜কত আক্ৰান্ত লোকে খালি পেটত আপেল খোৱা উচিত নহয়৷ খালি পেটত আপেল খালে গেষ্টি˜কৰ সমস্যা বৃদ্ধি পাব পাৰে৷