
লিংগ-বৈচিত্ৰ্য প্ৰসংগত ট্ৰাম্প
ড’নাল্ড ট্ৰাম্পে ফেডাৰেল নথিপত্ৰত ‘লিংগ’ শব্দৰ সলনি ‘ছে*ক্স’ শব্দক ব্যৱহাৰ কৰিবলৈ আৰু জৈৱিক সংজ্ঞাৰ ভিত্তিত কেৱল পুৰুষ আৰু মহিলা এই দুটা লিংগকহে স্বীকৃতি দিব লাগে বুলি কাৰ্যবাহী আদেশত চহী কৰিলে৷ এই আদেশ আমেৰিকাৰ আৰু গোটেই বিশ্বৰে লিংগ-বৈচিত্ৰ্যৰ ওপৰত এক মোক্ষম আঘাত৷ এই সিদ্ধান্ত সমূহে সমকামী, ট্ৰান্সজেণ্ডাৰ (হিজৰা) আৰু নন-বাইনেৰী ব্যক্তিসকলৰ অধিকাৰ ক্ষুণ্ণ কৰিছে বুলি ধৰি ল’ব পাৰি৷ কেৱল প্ৰশাসনিক ক্ষেত্ৰতেই নহয়, তেওঁলোকৰ ব্যক্তিগত আৰু মানসিক স্তৰতো এই নীতিসমূহে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব৷ ট্ৰাম্পৰ পাৰ্টী আৰু ৰক্ষণশীল বিষয়ববীয়াই ‘লিংগ সংখ্যালঘু’ৰ প্ৰতি অনুকম্পাৰে চাব যেন নালাগে৷ ৱাশ্বিংটন নেচনেল কেথেড্ৰেলত ৰাষ্ট্ৰীয় প্ৰাৰ্থনা সেৱাৰ সময়ত এপিস্কোপাল বিছপ মেৰিয়ান এডগাৰ বুড্ডেই ট্ৰাম্পক কৈছিল, ‘আমাৰ ঈশ্বৰৰ নামত মই আপোনাক অনুৰোধ কৰিছোঁ যে আমাৰ দেশৰ যিসকল লোক এতিয়া ভয় খাইছে, তেওঁলোকক দয়া কৰক৷’ ইয়াৰ প্ৰত্যুত্তৰত ট্ৰাম্পে তেওঁক কৈছিল যে তেওঁ দয়া বিচৰাৰ বাবে ৰাজহুৱাকৈ ক্ষমা খোজা উচিত৷ দয়া বিচৰাৰ বাবে ক্ষমা খুজিবলৈ কোৱাটো কিমান অদ্ভুত হ’ব পাৰে সেয়া সহজেই অনুমেয়৷ লিংগ পৰিচয় হ’ল নিজৰ লিংগৰ স্বজ্ঞান৷ এজন ব্যক্তিৰ নিজৰ লিংগ সংক্ৰান্তীয় আভ্যন্তৰীণ এক অনুভৱ, যি তেওঁ নিজৰ প্ৰতি ৰখা ধাৰণা আৰু নিজকে সমাজত কেনেদৰে উপস্থাপন কৰে তাৰ সৈতে ই সম্পৰ্কিত৷ উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে নিজকে পুৰুষ, মহিলা, নন-বাইনেৰী বা আন কিছুমান চিহ্নৰ সৈতে চিনাক্ত কৰিব পাৰে৷ এই অনুভৱ জন্মৰ সময়ত নিযুক্ত লিংগৰ সৈতে মিলিবও পাৰে বা নিমিলিবও পাৰে৷ কিন্তু আমেৰিকাৰ ৰক্ষণশীলসকলৰ মতে ই জৈৱিক সত্যৰ পৰা বিচ্ছিন্ন এক কনচেপ্ট (অসমীয়া সমাজে এই বিষয়ত কি ভাবে?)৷ নতুন নিয়ম মতে, এতিয়াৰে পৰা পাছপ’ৰ্টত পুৰুষ বা মহিলাহে লিখিব পাৰিব৷ ইয়াৰ বিপৰীতে ‘এ’’ অপচনটো উঠাই দিয়া হৈছে৷ কোৱা বাহুল্য, ট্ৰান্সজেণ্ডাৰ (হিজৰা) আৰু নন-বাইনেৰী ব্যক্তিসকলক ই অসুবিধাত পেলাব৷ লিংগ পৰিচয়ৰ ওপৰত এইবাৰেই আঘাত হনা হোৱা নাই, ২০১৭ চনত সেনাবাহিনীত তৃতীয় লিংগৰ ব্যক্তিসকলৰ প্ৰৱেশৰ পথ বন্ধ কৰাৰ চেষ্টা কৰা হৈছিল, ২০২১ চনত এই নীতি অৱশ্যে ৰদ কৰা হয়৷ ইয়াৰ লগতে ‘জেণ্ডাৰ এফাৰ্মিং কেয়াৰ’ ওপৰতো নিষেধাজ্ঞা আহিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই সংজ্ঞায়িত কৰা এই প্ৰক্ৰিয়াই ব্যক্তিৰ লিংগ পৰিচয়ক সমৰ্থন দিবলৈ ডিজাইন কৰা সামাজিক, মানসিক, আচৰণগত আৰু চিকিৎসাৰ এক পৰিসৰক সামৰি লয়৷ ট্ৰাম্পৰ LGBTQ+ সমুদায়ৰ প্ৰতিও কোনো সহমৰ্মিতা দৃশ্যমান নহয়৷ ট্ৰাম্পৰ নিযুক্ত বহু বিচাৰপতিয়ে সমকামী আৰু ট্ৰান্সজেণ্ডাৰ ব্যক্তিসকলৰ প্ৰতি পক্ষপাতমূলক ধাৰণা ৰখাৰ তথ্য উপলব্ধ৷ এনেকৈ লিংগ পৰিচয় চৰকাৰীভাৱে অস্বীকাৰ কৰাত এই গোষ্ঠীসমূহৰ ভিতৰত এক ভীতিগ্ৰস্ততাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ সমাজতো এই নীতিসমূহে লিংগ-বৈচিত্ৰ্যৰ বিষয়ে এক নেতিবাচক আখ্যানৰ সৃষ্টি কৰিব৷ এই লিংগ নীতিসমূহ কেৱল LGBTQ+ গোষ্ঠীৰ অধিকাৰক অস্বীকাৰ কৰা নাই, ই সমাজত এক ভ্ৰান্ত আৰু বৈষম্যমূলক মানসিকতাক প্ৰশয় দিয়াৰ বাবে বাট সুগম কৰিছে৷ এই নীতিসমূহ সমাজৰ প্ৰান্তীয় কিছু লোকৰ অধিকাৰ ক্ষুণ্ণ কৰি লিংগ-বৈচিত্ৰ্যৰ ওপৰত এক গভীৰ আঘাত হানিছে৷ সমাজত সমতা আৰু ন্যায় বজাই ৰাখিবলৈ এনে নীতিসমূহৰ বিৰোধিতা কৰাৰ আৱশ্যকতা নিশ্চয় আছে৷