পৰ্যাপ্ত টোপনি নহ’লে হ’ব পাৰে এই পাঁচটা বিপদ!
আমাৰ অসম বিশেষঃ টোপনি আমাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ শাৰীৰিক প্ৰক্ৰিয়া৷ এই কথা আমি সকলোৱে জানো৷ কিন্তু কামৰ চাপ আৰু অন্যান্য কাৰণত টোপনি সদায় অৱহেলিত হয়৷ মনোবিজ্ঞানী হ’প বাষ্টাইনৰ শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে যে পৰ্যাপ্ত টোপনি নহ’লে শৰীৰলৈ পাঁচটা বিপদ নামি আহিব পাৰে৷ সমান্তৰালকৈ নিশাৰ টোপনি যাতে অন্ততঃ ৬ ঘণ্টা হয় তাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈও গৱেষণাত পৰামৰ্শ আগবঢ়াইছে৷
[১] সঠিকমতে টোপনি নহ’লে শৰীৰত আচম্বিতে বৃদ্ধি পাব পাৰে ৰক্তচাপ৷ যদি আপোনাৰ উচ্ছ ৰক্তচাপজনিত কোনো অসুখ নাথাকে তেতিয়া হঠাতে শৰীৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে৷ আৰু যদি এই অসুখ আপোনাৰ আগৰে পৰা থাকে তেন্তে আৰু অধিক বৃদ্ধি পাব পাৰে ৰক্তচাপৰ মাত্ৰা৷
[২] টোপনি ঠিকমতে নহ’লে বৃদ্ধি পাব পাৰে শৰীৰৰ ওজন৷ কিয়নো টোপনি নহ’লে খোৱাৰ আসক্তি বৃদ্ধি পায় আৰু ইয়ে শৰীৰত হৰমনৰ মাত্ৰা বৃদ্ধি কৰে৷ ফলত স্বাভাৱিকভাৱে অতিৰিক্ত খাদ্য গ্ৰহণৰ বাবে দ্ৰুতহাৰত শৰীৰৰ ওজন বৃদ্ধি পাব পাৰে৷
[৩] টোপনিৰ সময় কম হ’লে তাৰ চিহ্ন পৰিস্ফুত হয় ওঁঠ আৰু ছালত৷ মুখত ফুটি উঠে আলস্য ভাৱ৷ কিয়নো টোপনি নহ’লে হৰমনৰ সমস্যা হৈ থাকে৷ যাৰ ফলত ছালৰ ওপৰত বিৰূপ প্ৰভাৱ পৰা আৰম্ভ হয়৷
[৪] টোপনি কম হ’লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়৷ ইয়াৰ ফলত শৰীৰত ঠাণ্ডা লগা আৰু চৰ্দি-জ্বৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ এই সংক্ৰমণ সহজতে উপশম নহয়৷
[৫] টোপনি কম হ’লে পুৰুষসকলৰ ক্ষেত্ৰত প্ৰজনন ক্ষমতাও কমি যায় বুলি গৱেষকসকলে জনাইছে৷