
নতুন উদ্যোগ, নতুন ৰূপত বৰদলৈ ট্ৰফী
সম্পূৰ্ণ নতুন ৰূপত বুধবাৰৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাত আৰম্ভ হৈছে ৭০ সংখ্যক লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা৷ ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ লগতে গুৱাহাটী ক্ৰীড়া সন্থা আৰু সকলো জিলাৰ ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত এই প্ৰতিযোগিতাখন আৰম্ভ হৈছে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতা বৰদলৈ ট্ৰফী এসময়ত দেশৰ শীৰ্ষৰ দহখন প্ৰতিযোগিতাৰ অন্যতম আছিল৷ দেশৰ আগশাৰীৰ ফুটবল দলৰ লগতে কেইবাটাও বিদেশী দলে প্ৰতিযোগিতাখনত ভাগ লৈছিল৷ প্ৰতিযোগিতাখনৰ প্ৰতি ফুটবলপ্ৰেমীৰ সঁহাৰিও আছিল উৎসাহজনক৷ কিন্তু আয়োজকৰ ইতিবাচক চিন্তা-চৰ্চাৰ অভাৱেই হওক অথবা বৰ্তমানৰ পেছাদাৰী ফুটবলৰ সৈতে ফেৰ মাৰিব নোৱৰাৰ বাবেই হওক, প্ৰতিযোগিতাখনৰ মান ক্ৰমাৎ নিম্নগামী হ’বলৈ ধৰে আৰু স্বাভাৱিকতে ফুটবলপ্ৰেমীৰো প্ৰতিযোগিতাখনৰ প্ৰতি আকৰ্ষণ হ্ৰাস পাবলৈ ধৰে৷ স্পনছ’ৰৰ অভাৱৰ বাবে উদ্যোক্তা গুৱাহাটী ক্ৰীড়া সন্থাও প্ৰতিযোগিতাখন নিয়মিতভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আহুকালৰ সন্মুখীন হৈছিল৷ প্ৰতিযোগিতাখন বন্ধ হোৱাৰ উপক্ৰম হোৱাৰ সময়তে নতুন চিন্তা-চৰ্চাৰে প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ আগবাঢ়ি আহিছিল গুৱাহাটী ফুটবল ক্লাব কতৃৰ্পক্ষ৷ তেওঁলোকে প্ৰতিযোগিতাখনত কেতবোৰ নতুনত্ব অনাৰ চেষ্টা কৰিছিল যদিও সেই প্ৰচেষ্টাও ফলপ্ৰসূ নহ’ল৷ সেয়েহে এইবাৰ আয়োজক গুৱাহাটী ক্ৰীড়া সন্থাই ৰাজ্য চৰকাৰৰ সহযোগত এইবাৰ প্ৰস্তুত কৰিছে এক নতুন আৰ্হি৷ উদ্যোক্তা সন্থাটোৰ পৰিকল্পনা অনুসৰি এইবাৰৰ পৰা প্ৰতিযোগিতাখনৰ সৈতে ৰাজ্যৰ সকলো জিলা ক্ৰীড়া সন্থাক জড়িত কৰোৱা হ’ব৷ প্ৰতিখন জিলাৰ শীৰ্ষৰ আঠটাকৈ ক্লাবক প্ৰতিযোগিতাখনৰ সৈতে জড়িত কৰোৱা হ’ব৷ ইয়াৰ ফলত ৰাজ্যখনৰ বিভিন্ন ঠাইত থকা ফুটবল প্ৰতিভাক সুযোগ দিয়া হ’ব বুলিও আশা ৰাখিছে গুৱাহাটী ক্ৰীড়া সন্থাই৷ প্ৰথম ৰাউণ্ড খেল ৫ ফ্ৰেব্ৰুৱাৰীলৈ, ক্লাষ্টাৰ ৰাউণ্ড ১০ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ আৰু ৰ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ অনুষ্ঠিত হ’ব ফাইনেল ৰাউণ্ডৰ খেল৷ প্ৰতিযোগিতাখনত থাকিব মুঠ ৬০৮খন খেল৷ অংশগ্ৰহণ কৰিব ২৮৪টা দলে, থাকিব ৬,৫০০ ফুটবলাৰ৷ প্ৰথম ৰাউণ্ডত ২৮০টা ক্লাবৰ মাজত অনুষ্ঠিত হ’ব ৫২৫ খন খেল৷
প্ৰতিযোগিতাখনত ৰাজ্যৰ বাহিৰৰ দল নাথাকিলেও বিভিন্ন জিলাৰ শীৰ্ষস্থানৰ ক্লাববোৰে বৰদলৈ ট্ৰফীত ভাগ লোৱাৰ ফলত ফুটবলপ্ৰেমীৰ মাজত আকৰ্ষণ বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ বৰদলৈ ট্ৰফীৰ হূত গৰিমা ঘূৰাই অনাৰ ক্ষেত্ৰত গুৱাহাটী ক্ৰীড়া সন্থাই লোৱা প্ৰচেষ্টা নিঃসন্দেহে শলাগিবলগীয়া৷ কিন্তু ৰাজ্যখনৰ ফুটবলপ্ৰেমীৰ সহযোগিতা অবিহনে এসময়ৰ দেশৰ ভিতৰতে আগশাৰীৰ প্ৰতিযোগিতাখন বচাই ৰখাটো সম্ভৱ নহ’ব৷ সঠিক পৰিকল্পনাৰ অভাৱ আৰু ফুটবলত আহি পৰা পেছাদাৰিত্বৰ প্ৰভাৱৰ বাবে ভাৰতৰ কেইবাখনো আগশাৰীৰ ফুটবল প্ৰতিযোগিতাৰ আয়োজন বন্ধ কৰিবলগীয়া হৈছে৷ বৰদলৈ ট্ৰফীৰো যাতে তেনে অৱস্থা নহয়, তাৰ বাবে প্ৰয়োজন সকলো পক্ষৰে সহায়-সহযোগিতাৰ৷ উৎসাহজনক কথাটো হৈছে যে বৰদলৈ ট্ৰফীক নতুন ৰূপ দিয়াৰ ক্ষেত্ৰত উদ্যোক্তা গুৱাহাটী ক্ৰীড়া সন্থালৈ সহযোগিতা আগবঢ়াইছে ৰাজ্য চৰকাৰেও৷ নতুন উদ্যোগ, নতুন প্ৰয়াস যদি ফলপ্ৰসূ হয়, তেন্তে বৰদলৈ ট্ৰফীৰ সুদিন ঘূৰি আহিব বুলি আশা কৰিব পৰা যায়৷ ৰাজ্যৰ প্ৰতিখন জিলাৰ শীৰ্ষৰ আঠটাকৈ দলে প্ৰতিযোগিতাখনত ভাগ লোৱাৰ সুযোগ পালে ফুটবলাৰসকলেও নিজৰ দক্ষতা প্ৰমাণ কৰাৰ এক উপযুক্ত মঞ্চ পাব৷ সীমিত সা-সুবিধা সত্ত্বেও অসমৰ কেইবাজনো ফুটবলাৰে দেশৰ আগশাৰীৰ পেছাদাৰী ফুটবল ক্লাবত খেলাৰ সুযোগ পাইছে৷ যদি বৰদলৈ ট্ৰফী সঠিক পৰিকল্পনাৰে অনুষ্ঠিত কৰা হয়, তেন্তে প্ৰতিযোগিতাখনত দেখুওৱা প্ৰদৰ্শনেৰে হয়তো ৰাজ্যখনৰ আন বহুতো প্ৰতিভাৱান ফুটবলাৰে দেশৰ আগশাৰীৰ ফুটবল ক্লাববোৰৰ স্পটাৰৰ দৃষ্টি আকৰ্ষণ কৰিব৷ সেয়া সম্ভৱ হ’লে ৰাজ্যৰ ফুটবললৈ সুদিন ঘূৰি আহিব বুলিও আশা কৰিব পাৰি৷