Logo
image

সহযোগিতা নে বিৰোধিতা– অগপৰ উভয় সংকট

এতিয়াৰ অসম চৰকাৰখন অগপ আৰু বিজেপিৰ যৌথ চৰকাৰ৷ চৰকাৰখনৰ লেখত ল’বলগীয়া মানুহখিনি হয় প্ৰাক্তন অগপ নহ’লে প্ৰাক্তন কংগ্ৰেছী৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন প্ৰাক্তন কংগ্ৰেছী আৰু আগৰজন প্ৰাক্তন অগপ আছিল৷ অসমৰ বিজেপি হ’ল আৰ ছিগা চুলি, তাৰ ছিগা চুলিৰে বন্ধা নেঘেৰী খোপা৷

অসম চৰকাৰ দিল্লীৰ পৰা অহা টকাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল৷ গতিকে দিল্লীত যি দলৰ চৰকাৰ থাকে অসমতো সেই দলৰ চৰকাৰ থাকিলে চৰকাৰখনে জোৰা-টাপলি মাৰি চলি থকাত সুবিধা হয়৷ অসমৰ দৰে নিজৰ উপাৰ্জেনৰে চলিব নোৱৰা ৰাজ্যবোৰৰ চৰকাৰে দিল্লী চৰকাৰৰ জমিদাৰীখন পৰিচালনা কৰা মেনেজাৰৰ কাম কৰে৷  মেনেজাৰে মালিকৰ নিৰ্দেশ মতে কাম পৰিচালনা কৰে৷ গতিকে জাতি-মাটি-ভেটি সম্পৰ্কীয় সকলো সিদ্ধান্ত দিল্লীয়ে লয়৷ ইয়াৰ ফলত আঞ্চলিকতাবাদৰ মুদা মৰে৷ অসমত সেয়াই হৈছে৷ কংগ্ৰেছৰ মানুহ বিজেপিলৈ গৈছে, তাৰ ফলত দলটোৰ ক্ষতি হৈছে, কিন্তু কংগ্ৰেছ সমগ্ৰ ভাৰতজুৰি বিজেপিৰ প্ৰধান ৰাজনৈতিক বিৰোধী আৰু প্ৰতিদ্বন্দ্বী হৈ আছে৷ অগপৰ মানুহ বিজেপিলৈ গৈছে আৰু অগপ দলটোও বিজেপিৰ সহযোগী দলত পৰিণত হৈছে৷ গতিকে অগপ বিজেপিৰ সহযোগিতাই অগপৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে৷ বিজেপি বিৰোধিতাই কংগ্ৰেছক জীয়াই ৰাখিছে, বিজেপিৰ স’তে সহযোগিতাই অগপক মৃত্যুমুখলৈ ঠেলি দিছে৷ 

কবি হাফিজে প্ৰেয়সীৰ গালৰ তিল এটাৰ বাবে চমৰখণ্ড আৰু বুখাৰা নগৰ দুখন দি দিব পাৰে বুলি গজল লিখিছিল৷ অগপয়ো দুটা মন্ত্ৰী পদৰপ্ৰতি থকা গভীৰ প্ৰেমৰ বাবে আঞ্চলিকতাবাদ, জাতীয়তাবাদ আদি বাদ দিব পাৰে বুলি অভিযোগ উত্থাপন হৈছে৷ অগপই দুটা মন্ত্ৰী পদৰ বিনিময়ত বিজেপিৰ স’তে সংঘাত পৰিহাৰ কৰি চলাৰ নীতি লৈছে৷ ইয়াৰ বিপৰীতে বিজেপিয়ে নিজৰ কাম-কাজ আৰু কথা-বতৰাত অগপক গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন অনুভৱ কৰা নাই৷ তৰুণ গগৈৰ ১৫ বছৰীয়া শাসন কালতেই অগপৰকঁকাল পৰিছিল৷ সেই ১৫ বছৰত নিজৰ মাজত কাজিয়া পেঁচালত ব্যস্ত থকা অগপই সংগ্ৰামী জাতীয়তাবাদী ধাৰাটোক জীয়াই ৰখাত ব্যৰ্থ হ’ল৷ অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ ওলোৱা অগপই গম পালে যে দিছপুৰৰ ক্ষমতা অবিহনে তেওঁলোকৰ নিজৰেই অস্তিত্বৰ অন্ত পৰিব৷

অগপ, বিজেপি বা কংগ্ৰেছ দল সৃষ্টি হোৱাৰ আগতেও অসমীয়া জাতি আছিল,  আৰু এই দলবোৰৰ অস্তিত্ব অন্ত পৰাৰ পাছতো অসমীয়া জাতি থাকিব৷ কিন্তু অগপৰ অন্ত পৰিলে তাৰ স’তে অসমীয়া জাতীয়তাবাদী সংগ্ৰামৰ এটা ধাৰাৰ অন্ত পৰিব৷ হয়তো ইতিমধ্যে তাৰ অন্ত পৰিছে৷  একেদৰে বিজেপি থকাৰ আগতেও হিন্দু ধৰ্ম আছিল আৰু বিজেপি নোহোৱা হোৱাৰ পাছতো হিন্দু ধৰ্ম থাকিব৷ বিজেপিয়ে হিন্দু ধৰ্মক বৰ্তাই ৰখা নাই, হিন্দু ধৰ্মই বিজেপিক বৰ্তাই ৰাখিছে৷ বিজেপিৰ অন্ত পৰিলে হিন্দু ধৰ্মৰ একো হানি-বিঘিনি নঘটে, মাত্ৰ হিন্দুত্বৰ ৰাজনীতিৰহে অৱসান ঘটিব৷ 

অসমত বিজেপিয়ে হিন্দুত্ব আৰু অসমীয়া জাতীয়তাবাদৰ এক সফল যুগলবন্দী সৃষ্টি কৰিছে৷ ইয়াৰ ফলত বিজেপি শক্তিশালী হৈছে আৰু অগপকে ধৰি তথাকথিত জাতীয় সংগঠনবোৰ দিনে দিনে নিশকতীয়া হৈ গৈ আছে৷ যদি দিল্লী-দিছপুৰত শাসন ক্ষমতা দখল কৰি থকা বিজেপিয়েই অসমীয়া জাতীয় অস্তিত্বৰ সুৰক্ষা সুনিশ্চিত কৰিব পাৰে, তেনেহ’লে আন জাতীয় বা আঞ্চলিক ৰাজনৈতিক দল বা সংগঠনৰ প্ৰয়োজন কি? অসমীয়াই বিজেপি-আৰ এছ এছক সমৰ্থন কৰিলেই হ’ল৷ দেখদেখকৈ বিজেপিয়ে ৰাজনৈতিক সফলতা লাভ কৰি থাকিলে অগপ বা আন জাতীয় সংগঠনৰ প্ৰয়োজন নোহোৱা হৈ পৰিব৷ এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷

অগপৰ ভৱিষ্যৎ সংকটাপন্ন৷ দিল্লী-দিছপুৰত কংগ্ৰেছ চৰকাৰ থাকোঁতে বিৰোধী দলৰ ভূমিকা লৈ থকা বা ল’বলৈ ব্যৰ্থ হোৱা অগপ নিশকতীয় হৈ পৰিছিল আৰু এতিয়া দিল্লী-দিছপুৰত বিজেপি চৰকাৰ থাকোঁতে সহযোগী দলৰ ভূমিকা লোৱা অগপ দিনে দিনে নিশকতীয়া হৈ গৈ আছে৷ অগপই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে কোনটো পথ লোৱা উচিত– বিজেপিৰ স’তে সহযোগিতাৰ নে বিৰোধিতাৰ? এই জটিল প্ৰশ্নটোৰ আনুষংগিক প্ৰশ্নটো হ’ব– বিজেপি-আৰ এছ এছৰ হিন্দুত্ব অসমীয়া জাতীয়তাবাদৰ বা অগপই হিতকৰ নে অনিষ্টকৰ বুলি ক’ব? যদি হিতকৰ, তেনেহ’লে অগপৰ প্ৰয়োজন কি? দিল্লী-দিছপুৰত ক্ষমতা দখল কৰা বিজেপিক সমৰ্থন কৰাই ভাল৷ আৰু যদি অহিতকৰ, তেনেহ’লে অগপ সহযোগী হৈ থাকিব কেনেকৈ? 

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ অসমৰ ৮৫ শতাংশ মানুহ গাঁৱত থাকে৷ পঞ্চায়ত নিৰ্বাচনটোৱে দলবোৰক গাঁও পৰ্যায়ত নিজৰ স্থিতি আৰু শক্তি পৰীক্ষা কৰি চোৱাৰ এক সুযোগ দিব৷ বিজেপিয়ে নিজৰ স্থিতি আৰু অধিক শক্তিশালী কৰিবলৈ, আৰু অধিক সমৰ্থন গোটাবলৈ চেষ্টা কৰিব৷ কংগ্ৰেছেও নিজৰ শক্তি জাহিৰ কৰিবলৈ চেষ্টা কৰিব৷ অগপই কি কৰিব? সহযোগিতাৰ বাদে অগপৰ আন কিবা উপায় আছেনে? পঞ্চায়ত নিৰ্বাচনত আৰু তাৰ পাছৰ বিধানসভা নিৰ্বাচনত ব্যাপক সফলতা লাভ কৰিবলৈ সমৰ্থ হ’লে বিজেপিয়ে আৰু কিমান দিনলৈ অগপৰ দৰে  বিজেপিৰ হিন্দুত্ব আৰু হিন্দু ৰাষ্ট্ৰবাদৰ স’তে খাপ নোখোৱা এটা জাতীয়তাবাদী-আঞ্চলিকতাবাদী ধাৰণাক প্ৰতিনিধিত্ব কৰা দলৰ অস্তিত্বক স্বীকৃতি দি থকাৰ প্ৰয়োজন অনুভৱ কৰিব?