Logo
image

ডীপছিক বনাম চাট জিপিটি

কম মূল্যৰ কৃত্ৰিম বুদ্ধিমত্তা জেনেৰেটিভ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (এ আই)ম’ডেল  ‘ডীপছিক-আৰ-ৰ উদ্ভাৱন কৰি সমগ্ৰ বিশ্বকে চমক দিলে চীনে৷ এই এ আই ম’ডেলৰ আত্মপ্ৰকাশে ডাঙৰ আঘাত হানিলে আমেৰিকাৰ শ্বেয়াৰ বজাৰত৷ জানিব পৰা মতে, বিশ্বৰ প্ৰথমশাৰীৰ এআই চিপ প্ৰস্তুতকাৰক সংস্থা ‘এনভিডিয়া’ৰ শ্বেয়াৰ প্ৰায় ১৭  শতাংশ নিম্নগামী হৈছে৷ এটা দিনতে মুঠ ক্ষতিৰ পৰিমাণ হৈছিলগৈ ৬০ হাজাৰ কোটি ডলাৰ৷ ভাৰতীয় মুদ্ৰাৰ হিচাপত তাৰ পৰিমাণ হৈছে প্ৰায় ৫০ লাখ কোটি টকা৷ বিশেষজ্ঞসকলৰ মতে, এনেদৰে চলি থাকিলে কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰখনত শীঘ্ৰেই চীনে আমেৰিকাৰ একচেটিয়া আধিপত্যৰ অৱসান ঘটাব৷ ২০ জানুৱাৰীত জনসাধাৰণৰ বাবে উলিয়াই দিয়া এপটো এই কেইদিনৰ ভিতৰত ৩০ লাখ মানুহে ডাউনলোড কৰি ব্যৱহাৰ কৰিবলৈ লৈছে৷ প্ৰায় দুবছৰ আগত চাট জিপিটিৰ উদ্ভাৱনৰ সময়ত মানুহৰ মাজত যি উৎসাহ দেখা গৈছিল, সেই একেই উৎসাহ পৰিলক্ষিত হৈছে ডীপছিকৰ উদ্ভাৱনৰ সময়ত৷ আনকি  আমেৰিকাৰ ৰাষ্ট্ৰপতি লোৱা ড’নাল্ড ট্ৰাম্পো ডীপছিক লৈ চিন্তিত হোৱা দেখা গৈছে৷ সোনকালে আমেৰিকাত ‘টিক টক’ৰ দৰে এই এপটোও বন্ধ কৰিব বুলি প্ৰচাৰ লাভ কৰিছে৷ আমেৰিকাৰ সকলো ভিতৰুৱা খবৰ ডীপছিকৰ জৰিয়তে চীন দেশে লাভ কৰিব বুলিও বহুতে সন্দেহ প্ৰকাশ কৰিছে৷ ডনাল্ড ট্ৰাম্পে এনেদৰে ক’বলৈ বাধ্য ‘It was a wake-up call for US companies who must focus on ‘competing to win’. আমেৰিকাৰ শ্বেয়াৰ বজাৰত প্ৰযুক্তিৰ লগৰ জড়িত প্ৰতিষ্ঠানৰ শ্বেয়াৰ মূল্য এইকেইদিনত যথেষ্ট হ্ৰাস পোৱা ঘটনাই ডীপছিকৰ গুৰুত্ব বৃদ্ধি কৰে৷  

 ২০২২ চনৰ নৱেম্বৰত  অপেন এআই প্ৰতিষ্ঠানে মুকলি কৰে চাট জিপিটি (চেট জেনেৰেটিভ প্ৰি-ট্ৰেইনিং ট্ৰেন্সফৰ্মাৰ) নামৰ এটা চাটবট৷ চাটবট হৈছে এক কম্পিউটাৰ প্ৰ’গ্ৰেম যি গ্ৰাহকৰ প্ৰশ্নবোৰ বুজিবলৈ আৰু সেইবোৰৰ প্ৰতি স্বয়ংক্ৰিয়ভাৱে সঁহাৰি জনাবলৈ কৃত্ৰিম বুদ্ধিমত্তা (এআই) আৰু প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ (এনএলপিঃ natural language processing) ব্যৱহাৰ কৰে লগতে মানুহৰ কথোপকথন অনুকৰণ কৰে৷ চাটবট আমাৰ বাবে নতুন বস্তু নহয়৷ আমি ব্যৱহাৰ কৰি অহা এপল মোবাইল ফোনৰ ছিৰি (SIRI), গুগুল এছিষ্টেন্স অথবা এমাজ’নৰ এলো হ’ল একো একোটা চাটবট৷ আমাক যিকোনো ভাৰ্চুৱেল সহায়তাৰ বাবে এই এপবোৰক ব্যৱহাৰ কৰি আছোঁ৷ সেইটো কেতিয়াবা প্ৰশ্ন-উত্তৰ মাধ্যমেৰে অথবা মুখৰ ভাষাৰে নিৰ্দেশ দি কিবা এটা কৰিবলৈ দিয়া কাম৷ কিন্তু চাট জিপিটিৰ উদ্ভাৱনে আমাক এটা যুগান্তকাৰী চাটবট আগবঢ়ায়, য’ত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত মানুহক সাধাৰণ মোবাইল ফোন এটাই এনে কিছু অকল্পনীয় কাম কৰি দিবলৈ সক্ষম হৈছে যে আমি ভাবিবলৈ বাধ্য হৈছো এটা দশক পাছত আমাৰ বাবে নতুন কি প্ৰযুক্তি ৰৈ আছে৷ চাট জিপিটিৰ বিপুল জনপ্ৰিয়তাৰ পাছতে মাইক্ৰ’ছফ্‌টে বিং, গুগলে উলিয়ালে জেনেৰেটিভ এআই, তেনেদৰে ফেচবুকে উলিয়ালে মেটা এআই৷ আন্তঃৰাষ্ট্ৰীয়  ছফ্‌টৱেৰ প্ৰতিষ্ঠানবোৰৰ মাজত অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈ গ’ল কোনে কিমান শক্তিশালী চাটবট এপ সৃষ্টি কৰিব পাৰে৷ ইয়াৰ মূল কাৰণ হ’ল ভৱিষ্যতৰ আন্তঃৰাষ্ট্ৰীয় বজাৰখন কৃত্ৰিম বুদ্ধিমত্তাৰে চালিত প্ৰযুক্তিৰ ওপৰতে নিৰ্ভৰ কৰিছে৷ 

চীন দেশত উদ্ভাৱন হোৱা ডীপছিকক লৈ ইমান হৈ চৈ হোৱাৰ কাৰণ বহুতো৷ লিয়াং ৱেনফেঙ নামৰ প্ৰযুক্তিবিদজনে মাত্ৰ ৬০ লাখ ডলাৰত এই এপটো প্ৰস্তুত কৰিছে৷ ইয়াৰ বিপৰীতে অপেন এআই বা মাইক্ৰ’ছফ্‌টে হাজাৰ কোটি ডলাৰ খৰচ কৰিবলগীয়া হৈছে নতুন প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণৰ মডুল প্ৰস্তুত কৰোঁতে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল ডীপছিক উদ্ভাৱন কৰোঁতে Nvidia ৰ কিছু পুৰণি চিপ্‌চ ণ্ড্ ১৮০০ ব্যৱহাৰ কৰিছিল য’ত আমেৰিকাৰ দৰে দেশত উন্নত চাটব’টৰ বাবে হাজাৰ কোটি টকা কেৱল উন্নতমানৰ চিপ্‌চ ব্যৱহাৰৰ বাবে খৰচ কৰি আছে৷ এনেদৰে কম খৰচত যদি চীনৰ প্ৰতিষ্ঠানসমূহে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে নতুন এপ উলিয়াব পাৰে তেনেহ’লে গুগল, অপেন এই, মাইক্ৰ’ছফ্‌টৰ দৰে কোম্পানীক চেৰ পেলাবলৈ চীনক সময় লাগিব দুই বা তিনি বছৰ৷ বিশ্বৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰ চীনৰ হাতলৈ যাবলৈ বেছি দিন ৰ’বলগীয়া নহ’ব৷ চলিত বছৰত আমেৰিকাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ লগত জড়িত প্ৰতিষ্ঠানসমূহে ২৫০ বিলিয়ন ডলাৰ খৰচ কৰাৰ পৰিকল্পনা হাতত লৈছে৷ আনফালে ডীপছিকৰ উদ্ভাৱনে মাত্ৰ ৬০ লাখ ডলাৰ খৰচ কৰাৰ বাতৰিয়ে ২৫০ বিলিয়ন ডলাৰ খৰচৰ যুক্তিযুক্ততাৰ প্ৰশ্ন বিনিয়োগকাৰীৰ মনলৈ আহিছে, ফলত শ্বেয়াৰ মূল্য হ্ৰাস পাবলগীয়া হয়৷ 

লজিকেল ৰিজ’নিং, ক’ডিং আৰু গণিতৰ বিভিন্ন সমীকৰণৰ সমাধানৰ ক্ষেত্ৰত ডীপছিক চাট জিপটিত কৈ উন্নত বুলি বিশেষজ্ঞই জনাইছে৷ স্পীডৰ তুলনা কৰিলে ডীপছিক আগত স্থান দিব লাগিব, প্ৰায় দুগুণ বেছি স্পীডত আপুনি উত্তৰ পাব পাৰে৷ আনহাতে কবিতা, গল্প বা মৌলিক ৰচনাৰ ক্ষেত্ৰত চাট জিপিটি অধিক উন্নত বুলি ক’ব পাৰি৷ চাট জিপিটিৰ প্ৰিমিয়াম ভাৰ্চনৰ বাবে প্ৰতিমাহে ২০ ডলাৰ খৰচ কৰিব লাগে, য’ত ডীপছিক এতিয়ালৈ বিনামূল্যে উপলব্ধ হৈ আছে৷ ডীপছিকে ৰাজনীতি বিষয়ত কিছুমান সংবেদনশীল প্ৰশ্ন এৰাই চলে, বিশেষকৈ চীনৰ অভ্যন্তৰীণ খবৰ নজনায়৷ অৰ্থাৎ এই এপটো ৰাজনৈতিকভাৱে পক্ষপাতমূলক, নিৰপেক্ষ নহয়৷ ডীপছিকৰ গোটেই ডাটাবেংক অক্টোবৰ, ২০২৩ চনলৈ আপডেট হৈ আছে৷ ইয়াৰ বিপৰীতে চাট জিপিটিৰ প্ৰিমিয়াম ভাৰ্চনত ডাটাবেংক এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত আপডেট কৰি থাকে৷ চাট জিপিটিত টেক্স আৰু ইমেজ দুয়োটা ব্যৱহাৰ কৰিব পাৰি, ইয়াৰ বিপৰীতে ডীপছিকে কেৱল টেক্সহে বুজি পায়৷ গণিতৰ প্ৰশ্নবোৰ ডীপছীকে ৯০% শুদ্ধ উত্তৰ দিয়াৰ বিপৰীতে চাট জিপিটিয়ে ৮৩% শুদ্ধ উত্তৰ দিয়ে৷ ক’ডিঙৰ ক্ষেত্ৰত ডীপছীকৰ শুদ্ধতা ৯৭%, চাট জিপিটিৰ শুদ্ধতা ৮৯%

কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষক ৱেই ছুনৰ মতে ডীপছিকে প্ৰমাণ কৰে যে নতুন প্ৰযুক্তিৰ চাটব’ত উদ্ভাৱনৰ বাবে বিলিয়ন ডলাৰৰ প্ৰয়োজন নাই৷ ডীপছিকে চীনৰ চৰকাৰক যথেষ্ট মনোবল প্ৰদান কৰে, প্ৰযুক্তিৰ ক্ষেত্ৰত উৎকৃষ্ট মানৰ নতুন উদ্ভাৱনত আমেৰিকাৰ দৰে দেশক চেৰ পেলাব বুলি আত্মবিশ্বাসী হৈ পৰে৷ ভাৰতবৰ্ষৰ শ্বেয়াৰ বজাৰ, বিশেষকৈ প্ৰযুক্তিৰ স’তে জড়িত শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱা দেখা গৈছে৷ অৰ্থাৎ ডীপছিকৰ প্ৰভাৱ ভাৰততো পৰিছে৷ প্ৰযুক্তিবিদ আৰু অৰ্থনীতিবিদ সকলে এতিয়া ডীপি্‌ছকৰ ব্যৱহাৰে ভাৰতত কেনেদৰে প্ৰভাৱ পেলাব তাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিবলৈ লৈছে৷ বিশেষকৈ ইনফ’ছীচ, টিচিএছৰ দৰে কোম্পানীৰ ভৱিষ্যৎ ডীপছিকৰ দৰে চীনৰ নতুন উদ্ভাৱনে নিৰ্ণয় কৰিব যে সি নিশ্চিত৷ ভাৰতৰ কম্পিউটাৰ অভিযন্তাসকলকো কম খৰচত মৌলিক গৱেষণাৰ জৰিয়তে নতুন উদ্ভাৱনৰ বাবে উৎসাহ যোগাব বুলি আশা কৰিব পাৰি৷