Logo
image

ৰাজ্য়ত অন্তিম পৰ্যায়ত ৪০টা সমষ্টিত মঙলবাৰে ভোট, ভাগ্য নিৰ্ণয় হ’ব ৩৩৭ প্ৰাৰ্থীৰ

আ্ৰমাৰ অসম, ৫ এপ্ৰিলঃ‘শেষ ভালেই, সকলো ভাল’–এই আপ্ত বাক্যশাৰী সৰোগত কৰি সকলো ৰাজনৈতিক দলেই তৃতীয় পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি চলোৱা জোৰদাৰ প্ৰচাৰৰ দেওবাৰে সামৰণি পৰিল৷ নৃত্য, গীত, বাটৰ নাট, নিৰ্বাচনী সভা, পদযাত্ৰা, জীপ ৰেলী, কাৰ ৰেলী তথা সংখ্যালঘু প্ৰধান অঞ্চলৰ সুকীয়া সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল মনোমোহা নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ দেওবাৰে সন্ধিয়া ৬ বজাত অন্ত পৰে৷ অহা মঙলবাৰে [৬ এপ্ৰিল] ৰাজ্যৰ ৪০টা বিধানসভা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ এই নিৰ্বাচনে মুঠ ৩৩৭ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ মুঠ ৭৯,১৯,৬৪১ ভোটাৰে এই ৩৩৭ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ অন্তিম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা ৩৩৭জন প্ৰাৰ্থীৰ ৩১২জন পুৰুষ প্ৰাৰ্থী হোৱাৰ বিপৰীতে ২৫ গৰাকী হৈছে মহিলা প্ৰাৰ্থী৷ ইয়াৰ মাজত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ২৪জন, ভাৰতীয় জনতা পাৰ্টীৰ ২০ জন, এআইইউডিএফৰ ১২জন, চিপিআইৰ ৰজন, বিপিএফৰ ৮জন প্ৰাৰ্থী থকাৰ বিপৰীতে নিৰ্দলীয় হিচাপে সৰ্বাধিক ১২৬জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ তৃতীয় পৰ্যায়ত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে  ৯,৫৮৭ টা৷ ইয়াৰে ৩১৬টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব৷ মুঠ ৪৫,৬০৪ গৰাকী চৰকাৰী কৰ্মচাৰীক নিৰ্বাচন পৰিচালনাৰ বাবে নিৰ্বাচনী বিষয়াৰ দায়িত্বত নিয়োজিত কৰা হৈছে৷ মঙলবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ১৬ খন নিৰ্বাচনী জিলাৰ ৪০ টা সমষ্টি হ’ল ক্ৰমে– মানকাচৰ, দক্ষিণ শালমাৰা, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, পশ্চিম বিলাসীপাৰা, পূৱ বিলাসীপাৰা, গোৱালপাৰা পূৱ, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, গোসাঁইগাঁও, পশ্চিম কোক্‌ৰাঝাৰ, পূৱ কোক্‌ৰাঝাৰ, ছিডলী, বিজনী, সৰভোগ,ভৱানীপুৰ, তামুলপুৰ, বৰমা, চাপাগুৰি, বঙাইগাঁও, উত্তৰ অভয়াপুৰী, দক্ষিণ অভয়াপুৰী, পাটাছাৰকুছি, বৰপেটা, জনীয়া, বাঘবৰ, সৰুক্ষেত্ৰী, চেঙা, ধৰ্মপুৰ, দুধনৈ, বকো, ছয়গাঁও, পলাশবাৰী, হাজো, জালুকবাৰী, দিছপুৰ, পূৱ গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু বৰক্ষেত্ৰী৷ লক্ষণীয় যে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ৪০টা সমষ্টিৰ ভিতৰত প্ৰায় ২৮টাতে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ  বিশেষ ভিত্তি আছে৷ কাৰ্যতঃ এই সমষ্টিসমূহত প্ৰাৰ্থীৰ হৰা-জিকাৰ ভাগ্য নিৰ্ণয় কৰিব একচেতিয়া সংখ্যালঘু ভোটাৰে৷ ভোটাৰক আকৰ্ষিত কৰিবলৈ কি কংগ্ৰেছ, কি বিজেপি কি এআইইউডিএফ, কি মহাজোঁট, কি মিত্ৰজোঁট সকলোৱে ভাগে ভাগে দিছে গেৰাণ্টি৷ কিন্তু এই গেৰাণ্টিৰ টোপোলাই ভোটাৰ ৰাইজক কিমান আকৰ্ষিত কৰিব পাৰে সেয়া ২ মে’ৰ নিৰ্বাচনী ফলাফলৰ দিনাহে স্পষ্ট হ’ব৷ ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবৰ বাবে কামৰূপ মহানগৰ জিলাকে ধৰি বিভিন্ন জিলাসমূহৰ প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ কেৱল কামৰূপ মহানগৰ জিলাতে বাছ, লঘু বাহনকে ধৰি বিভিন্ন মডেলৰ প্ৰায় ১২০০খন যানবাহন নিৰ্বাচনী কামৰ বাবে অধিগ্ৰহণ কৰা হৈছে৷ য’ত চালক-পৰিচালক হেণ্ডিমেনকে ধৰি প্ৰায় ২০০০ লোক নিয়োজিত হ’ব৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বাটে-ঘাটে ইভিএমৰ উজান উঠাৰ [অৱশ্যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ] ঘটনা সংঘটিত হোৱাৰ লগতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৫৮ তামুলপুৰ বিধানসভা সমষ্টিৰ বিপিএফৰ মনোনীত প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে হঠাৎ বিজেপিত যোগদান কৰা আৰু প্ৰতিদ্বন্দ্বিতা নকৰো বুলি কৰা ঘোষণা ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে বিটিএডিৰ ৮ টা সমষ্টি ছলে-বলে-কৌশলেৰে হাগ্ৰামা মহিলাৰীৰ পৰা কাঢ়ি আনিবৰ কাৰণে অপাৰেশ্বন বড়োলেণ্ড আৰম্ভ কৰা অন্য এক ৰাজনৈতিক ঘটনা বুলি পৰিগণিত হৈছে৷ হাগ্ৰামা মহিলাৰীক জে’ললৈ পঠোৱাৰ ভাবুকি দি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগৰ পৰা ২৪ ঘণ্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত বাধা পোৱাটো আন এক উল্লেখযোগ্য দিশ বুলি পৰিগণিত হৈছে৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ তুলনাত তৃতীয় পৰ্যায়ত অধিক ভোটদান হ’ব বুলি আশা কৰা হৈছে৷ লক্ষণীয় যে কি প্ৰথম, কি দ্বিতীয়, কি তৃতীয় সকলোতে প্ৰচাৰৰ চমকত সকলোৰে আগত থাকিল শাসনাধিষ্ঠ বিজেপি দল৷ যদিও প্ৰথম পৰ্যায়ৰ ৪৭ টা সমষ্টিয়েই বিজেপিৰ বাবে ভাগ্য নিৰ্ণয়কাৰী আছিল তথাপি দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতো প্ৰচাৰৰ ক্ষেত্ৰত সামান্যতমো হীনদেড়ি নকৰিলে বিজেপিয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আদিৰ লগতে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ড॰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদি প্ৰদেশ বিজেপিৰ শীৰ্ষ নেতা সকলেও ইফালৰ পৰা সিফাললৈ লৰি-ধপলিয়াই নিৰ্বাচনী প্ৰচাৰ চলালে৷ ইফালে, দ্বিতীয় পৰ্যায়ৰ ৩৯টা সমষ্টিৰ ভিতৰৰ বিজেপিৰ দখলত থকা ২৫টা সমষ্টিৰ কমেও দহটা ধৰ্মীয় সংখ্যালঘুৰ ভোট বিভাজনৰ বাবে ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰতীয়ন গৈ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটেও তৃতীয় পৰ্যায়ত দুগুণ উৎসাহেৰে চলালে নিৰ্বাচনী প্ৰচাৰ৷ বিশেষকৈ তৃতীয় পৰ্যায়ৰ প্ৰচাৰত মৌলানা বদৰুদ্দিন আজমল তথা তেওঁৰ পুত্ৰ আব্দুৰ ৰহিম আজমল আৰু আঞ্চলিক গণ মৰ্চাৰ নেতা অজিত কুমাৰ ভূঞা, বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীক দেখা গ’ল অন্যতম ষ্টাৰ কেম্পেইনাৰৰ ৰূপত৷