
ক্ৰীড়া বাজেট
ভাৰতে ২০২৬ চনৰ অলিম্পিক আয়োজনৰ চিন্তা-চৰ্চা চলাইছে৷ তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেটত ক্ৰীড়াক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পূৰ্বৰ বৰ্ষৰ তুলনাত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বাবে ৩৫১.৯৮ কোটি টকা বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছে৷ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে ‘খেলো ইণ্ডিয়া’ যুৱ ক্ৰীড়াকো অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হ’ল ক্ৰীড়া বাজেটত৷ তৃণমূল পৰ্যায়ৰ পৰা খেলুৱৈক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ‘খেলো ইণ্ডিয়া’ এক উপযুক্ত মঞ্চ হিচাপে বিবেচিত হৈছে৷ যোৱা বছৰো কেন্দ্ৰীয় চৰকাৰে ‘খেলো ইণ্ডিয়া’ক বিশেষ গুৰুত্ব দিছিল আৰু তাৰ ইতিবাচক ফলো পোৱা গৈছিল৷ তাৰ ভিত্তিতেই এইবাৰো ক্ৰীড়া বাজেটত ‘খেলো ইণ্ডিয়া’ যুৱ ক্ৰীড়াৰ বাজেট ২০০ কোটি টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে৷ যদিও চলিত বিত্তীয় বৰ্ষত অলিম্পিক, কমনৱেল্থ গেমছ অথবা এছিয়ান গেমছৰ দৰে কোনো আগশাৰীৰ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত নহয়, তথাপি কেন্দ্ৰীয় বাজেটত ক্ৰীড়াক বিশেষ গুৰুত্ব দিয়া হৈছে৷ বিত্তমন্ত্ৰী সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেটত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বাবে ৩,৭৯৪.৩০ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে৷ বিগত বিত্তীয় বৰ্ষত তাৰ পৰিমাণ আছিল ৩,৪৪২.৩২ কোটি টকা৷ এইবাৰৰ ক্ৰীড়া বাজেটত বিভিন্ন ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্বনবোৰলৈ আবণ্টন কৰা ধনো বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে৷ বিগত বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্বনলৈ আগবঢ়োৱা ধনৰ পৰিমাণ আছিল ৩৪০ কোটি টকা৷ তাৰ পৰিৱৰ্তে এইবাৰ সেই ধন ৪০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ তেনেদৰে ২০২৪-২৫ বৰ্ষত ‘খেলো ইণ্ডিয়া’ৰ বাবে বাৰ্ষিক আৱণ্টিত ধন আছিল ৮০০ কোটি টকা, যিটো এইবাৰ বৃদ্ধি কৰা হৈছে ১,০০০ কোটি টকালৈ৷ দেশৰ ক্ৰীড়াক্ষেত্ৰত এক বিশেষ ভূমিকা আছে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (ছাই)৷ বিভিন্ন খেলৰ ৰাষ্ট্ৰীয় শিবিৰ আয়োজনৰ লগতে খেলুৱৈৰ প্ৰশিক্ষণৰ বিশেষ দায়িত্ব থাকে ‘ছাই’ৰ ওপৰত৷ ছাইৰ বাৰ্ষিক বাজেটৰ ধনো এইবাৰৰ বাজেটত বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে৷ বিগত বিত্তীয় বৰ্ষত এই ধনৰ পৰিমাণ আছিল ৮১৫ কোটি টকা, যিটো এইবাৰ ৮৩০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ একেদৰে নেচনেল ড’প টেষ্টিং লেব’ৰেটৰীৰ বাৰ্ষিক বাজেটো বৃদ্ধিৰ প্ৰস্তাৱ ৰখা হৈছে৷
দেশৰ যুৱ ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰাৰ ক্ষেত্ৰত যে ‘খেলো ইণ্ডিয়া’ ৰাষ্ট্ৰীয় ক্ৰীড়া আঁচনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে তাত সন্দেহ নাই৷ ইতিমধ্যে ‘খেলো ইণ্ডিয়া’ত পাৰদৰ্শিতা দেখুওৱা বহু খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো সফল হৈছে৷ ‘খেলো ইণ্ডিয়া’ ক্ৰীড়া আঁচনিৰ মূল লক্ষ্য হৈছে তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ বাছনি কৰি সেইসকল খেলুৱৈৰ বাবে উপযুক্ত প্ৰশিক্ষণ আৰু অনুশীলনৰ বাবে উন্নতমানৰ আন্তঃগাঁথনিৰ যোগান ধৰা৷ দেশৰ ক্ৰীড়া সংস্কৃতিক নতুন মাত্ৰা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ এক ইতিবাচক পদক্ষেপ হৈছে ‘খেলো ইণ্ডিয়া’ ৰাষ্ট্ৰীয় ক্ৰীড়া আঁচনি৷শেহতীয়াকৈ অলিম্পিক, কমনৱেল্থ গেমছ আৰু এছিয়ান গেমছৰ দৰে প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ উন্নত প্ৰদৰ্শনে দেশৰ উঠি অহা বহু খেলুৱৈক অলিম্পিক ইভেণ্টৰ প্ৰতি আগ্ৰহী কৰি তুলিছে৷ ‘খেলো ইণ্ডিয়া’ ক্ৰীড়া আঁচনিৰ দ্বাৰা এইসকল খেলুৱৈয়ে নিজকে প্ৰতিষ্ঠা কৰাৰ সুযোগ পাব পাৰে৷ ‘খেলো ইণ্ডিয়া’ ৰাষ্ট্ৰীয় ক্ৰীড়াত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈক চৰকাৰৰ ফালৰ পৰা যি বাৰ্ষিক জলপানি আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে, সেয়াও হ’ব পাৰে খেলুৱৈৰ বাবে উৎসাহৰ বিষয়৷ ‘খেলো ইণ্ডিয়া’ যুৱ ক্ৰীড়াক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিয়াটো নিঃসন্দেহে উৎসাহৰ বিষয়৷ কিন্তু ‘খেলো ইণ্ডিয়া’ক অধিক গুৰুত্ব দিবলৈ গৈ চৰকাৰে ক্ৰীড়াক্ষেত্ৰৰ আন দিশত গুৰুত্ব কমাই দিয়াটো সমীচীন নহ’ব৷ যিটো লক্ষ্যৰে চৰকাৰে ‘খেলো ইণ্ডিয়া’ আঁচনি লৈছিল, এতিয়ালৈকে সেই আঁচনি সফল হোৱা বুলিয়েই ক’ব লাগিব৷ দেশৰ বিভিন্ন অঞ্চলৰ যুৱ খেলুৱৈয়ে নিজৰ দক্ষতা প্ৰমাণৰ উপযুক্ত মঞ্চ হিচাপে ই বিবেচিত হৈছে৷ এইসকল খেলুৱৈক সঠিক দিশত আগুৱাই নিব পাৰিলে পৰৱৰ্তী সময়ত তেওঁলোকে ছিনিয়ৰ পৰ্যায়ত সফলতাৰ ধাৰা অব্যাহত ৰাখিব পাৰিব৷ সেইবাবে কেন্দ্ৰীয় চৰকাৰে ‘খেলো ইণ্ডিয়া’ যুৱ ক্ৰীড়াৰ প্ৰতি অধিক গুৰুত্ব দিয়াটো সঠিক সিদ্ধান্ত বুলিয়েই ক’ব পাৰি৷ এইবাৰৰ ক্ৰীড়া বাজেটত প্ৰতিভাৱান খেলুৱৈক আগবঢ়াই নিয়াৰ লগতে ক্ৰীড়া আৰু যুৱ কল্যাণ প্ৰকল্পবোৰত বিশেষ গুৰুত্ব দিয়াটো হৈছে এটা ইতিবাচক দিশ৷ আন এটা উল্লেখযোগ্য কথা হৈছে যে ভাৰতে অলিম্পিক আয়োজনৰ প্ৰস্তুতি চলোৱাটো৷ যদিও ২০৩৬ চনৰ অলিম্পিকৰ আয়োজক এতিয়াও স্থিৰ হোৱা নাই, তথাপি ভাৰতত প্ৰাৰম্ভিক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ যদি ভাৰতে সঁচাকৈয়ে অলিম্পিক আয়োজনৰ দায়িত্ব লাভ কৰে, তেন্তে আয়োজক দেশ হিচাপে দেশখনৰ প্ৰদৰ্শনৰ ওপৰত সকলোৰে নজৰ থাকিব আৰু সেইবাবে নতুন খেলুৱৈ সৃষ্টি কৰিবলৈ যত্নপৰ হ’ব লাগিব৷ এইক্ষেত্ৰত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্বনবোৰৰ লগতে চৰকাৰৰো যথেষ্ট কৰণীয় থাকিব৷