Logo
image

৮ বছৰত অসমত বন্ধ হ’ল ৮,০৩৪খন চৰকাৰী স্কুল

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ ফেব্ৰুৱাৰীঃ  বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যত এখনৰ পাছত এখনকৈ চৰকাৰী শিক্ষানুষ্ঠানত ওলমিছে তলা৷ ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ দোহাই দি বিজেপি চৰকাৰে বিগত ৮ বছৰত চিৰদিনৰ বাবে বন্ধ কৰি দিলে ৮,০৩৪খন চৰকাৰী শিক্ষানুষ্ঠান৷ অৱশ্যে ৰাজ্যত ৮ সহস্ৰাধিক শিক্ষানুষ্ঠান বন্ধ হোৱাৰ বিপৰীতে এই সময়ছোৱাত নতুনকৈ নিৰ্মাণ হ’ল হাজাৰৰ ঘৰত বেচৰকাৰী বিদ্যালয়৷– এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে৷ চলিত লোকসভাৰ বাজেট অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে অসমত চৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ এই চাঞ্চল্যকৰ তথ্য ৰাজহুৱা কৰিছে৷ কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে প্ৰকাশ কৰা অনুসৰি ২০১৬-১৭ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষৰ ভিতৰত অসম চৰকাৰে এই বৃহৎসংখ্যক চৰকাৰী বিদ্যালয় চিৰদিনৰ বাবে বন্ধ কৰি দিছে৷ সংসদত প্ৰকাশ কৰা অনুসৰি সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়ত ২০১৬-১৭ বৰ্ষত অসম চৰকাৰী বিদ্যালয়ৰ সংখ্যা আছিল ৫৩,০৪২ খন৷ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ২০২৩-২৪ বৰ্ষত একত্ৰীকৰণৰ ফলত ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ’লগৈ ৪৫,০০৮ খন৷ অৰ্থাৎ সৰ্বানন্দ সোণোৱালৰ ৫ বছৰীয়া কাৰ্যকালত অসমত বন্ধ কৰি দিয়া হ’ল ৬,২৯৩ খন চৰকাৰী বিদ্যালয় আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ বিগত তিনি বছৰত বন্ধ কৰি দিয়া হ’ল ১,৭৪১ খন বিদ্যালয়৷


এক কথাত বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ ৮ বছৰীয়া কাৰ্যকালত অসমত সৰ্বমুঠ ৮,০৩৪ খন বিদ্যালয় একত্ৰীকৰণৰ জৰিয়তে চিৰদিনলৈ বন্ধ কৰি দিলেও বিপৰীতে এই সময়ছোৱাত অসমত নতুনকৈ স্বীকৃতিপ্ৰাপ্ত বেচৰকাৰী বিদ্যালয়ৰ সংখ্যা ৯৮০ খনলৈ বৃদ্ধি পালে৷ সংসদত প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান ৰাজ্যৰ ৪৫ হাজাৰ চৰকাৰী বিদ্যালয়ৰ বিপৰীতে গঢ় লৈ উঠিল ৫,৭২৫খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়৷ লক্ষণীয়ভাৱে লোকসভাত অসমত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ আন এক উদ্বেগজনক তথ্য ৰাজহুৱা কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে৷ শুনিলে আচৰিত যেন লাগিলেও আধাতে বিদ্যালয় এৰা মাধ্যমিক শিক্ষাৰ্থীৰ হাৰৰ তালিকাত দেশৰ ভিতৰত তৃতীয় স্থানত আছে অসম৷ অসমত মাধ্যমিক শ্ৰেণীত ড্ৰপ আউটৰ হাৰ হৈছে ১৯.৫  শতাংশ৷ ইয়াৰ বিপৰীতে মাধ্যমিক শিক্ষাৰ্থীৰ ড্ৰপ আউটৰ শীৰ্ষত থকা দেশৰ আন দুখন ৰাজ্য হৈছে ক্ৰমে বিহাৰ ২০.৯  শতাংশ আৰু লাডাখ ২০.১ শতাংশ৷ অসমত মাধ্যমিক শ্ৰেণীত বিদ্যালয় এৰা শিক্ষাৰ্থীৰ ভিতৰত ছাত্ৰীতকৈ ছাত্ৰৰ হাৰ অধিক৷ অৰ্থাৎ ড্ৰপ আউট ছাত্ৰৰ হাৰ ২১.২ শতাংশ আৰু ছাত্ৰীৰ হাৰ ২০.৫ শতাংশ৷ একেদৰে প্ৰাথমিক শ্ৰেণীত বিদ্যালয় এৰা অসমৰ ছাত্ৰ-ছাত্ৰীৰ হাৰ হৈছে ৬.৮ শতাংশ৷ যিসময়ত শিক্ষাৰ অধিকাৰ আইনৰ কথা কৈ অহা হৈছে ঠিক তেনে সময়ত প্ৰাথমিক শ্ৰেণীতে অসমৰ ৮.১ শতাংশ ছাত্ৰ আৰু ৫.৫ শতাংশ ছাত্ৰীয়ে বিভিন্ন কাৰণত আধাতে বিদ্যালয় ত্যাগ কৰিবলৈ বাধ্য হৈছে৷ শিক্ষা মন্ত্ৰণালয়ে লগতে প্ৰকাশ কৰা অনুসৰি উচ্চ প্ৰাথমিকত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ হৈছে ৮.২ শতাংশ৷ ইয়াৰ ভিতৰত ছাত্ৰৰ হাৰ হৈছে ১০.৩ শতাংশ আৰু ছাত্ৰীৰ সংখ্যা হৈছে ৬.১ শতাংশ৷