অফিচত দীৰ্ঘসময় বহি থকা সকলে সুস্বাস্থ্যৰ বাবে এইখিনি কৰক
আমাৰ অসম বিশেষঃ শাৰীৰিক পৰিশ্ৰমৰ বিপৰীতে মানসিক পৰিশ্ৰমেৰে বৰ্তি থকাসকলে স্বাস্থ্য ভালে ৰাখিবলৈ কেইটামান বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা উচিত৷ বিশেষকৈ কাৰ্যালয় আদিত দিনটোৰ দীঘলীয়া সময় চকীত বহি কাম-কাজ কৰি থকাসকলৰ বাবে এইকেইটা ব্যৱস্থা অতি প্ৰয়োজনীয়৷ দীঘলীয়া সময় ধৰি বহি থাকি কাম কৰিবলগীয়া হোৱাৰ বাবে শৰীৰৰ মেদ বৃদ্ধি পায়৷ সেই বাবে বহি বহি কাম কৰাসকল শাৰীৰিক পৰিশ্ৰম কৰা লোকৰ তুলনাত সহজেই বিভিন্ন ৰোগৰ চিকাৰ হয়৷ ইয়াৰ মাজতো সুস্বাস্থ্যৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷
◾পুৱাৰ আহাৰঃ দৈনন্দিন ৰুটিন মানি আপুনি যদি পুৱাতেই ঘৰৰ পৰা ওলাবলগীয়া হয় তেতিয়া কেতিয়াও খালী পেটেৰে যোৱাৰ অভ্যাস নকৰিব৷ পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাছতহে কাৰ্যালয়লৈ যোৱাৰ অভ্যাস গঢ়ি তোলক৷
◾কাৰ্বহাইড্ৰেট থকা খাদ্য গ্ৰহণঃ দিনটোৰ বাবে শাৰীৰিক বা মানসিক পৰিশ্ৰম কৰা লোকসকলে কাৰ্বহাইড্ৰেট থকা খাদ্য গ্ৰহণ কৰা উচিত৷ পুৱাতেই ভাত খোৱাৰ অভ্যাস কৰিলে শৰীৰে শক্তি সঞ্চয় কৰিব পাৰে৷
◾কামৰ মাজত জিৰণিঃ দীঘলীয়া সময় ধৰি কাম কৰি থাকিলে শৰীৰ আৰু মনৰ জিৰণিৰ প্ৰয়োজন হয়৷ সেয়েহে একেৰাহে কাম কৰি থকাৰ মাজতে কমেও এঘণ্টাৰ মূৰে মূৰে কিছু সময়ৰ বাবে জিৰণি লোৱাৰ উপৰি লঘু খাদ্য গ্ৰহণ কৰিব লাগে৷
◾ঘৰুৱা আহাৰঃ ঘৰৰ পৰা বাহিৰত কাম কৰা লোকসকলে য’তে-ত’তে আহাৰ গ্ৰহণ কৰা অভ্যাস ত্যাগ কৰি পৰাপক্ষত ঘৰতে তৈয়াৰ কৰা লঘু খাদ্য খোৱাৰ অভ্যাস কৰিলে স্বাস্থ্যৰ বাবে বহু উপকাৰী৷ বিশেষকৈ ৰেস্তোৰাঁ আদিত সহজে উপলব্ধ ফাষ্টফুডৰ দৰে খাদ্য গ্ৰহণৰ ফলত মেদবহুলতা, পেটৰ অসুখ আদিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷
◾ফলাহাৰঃ ভাত-ৰুটি আদিৰ পৰিমাণ কমাই দৈনিক খাদ্য তালিকাত পুষ্টিকৰ ফল-মূল অন্তৰ্ভুক্ত কৰিলে শৰীৰ নিৰোগী আৰু কাৰ্যক্ষম হৈ থাকে৷
◾পৰিশোধিত খোৱা পানীঃ বহু সময়ত কাৰ্যালয় আদিত কৰ্মৰত কৰ্মচাৰীয়ে চাহ-কফি আদি বেছিকৈ খোৱাৰ বিপৰীতে পৰিশোধিত পানী খোৱাৰ বিষয়ত কমকৈ গুৰুত্ব দিয়া দেখা যায়৷ শৰীৰৰ বাবে প্ৰয়োজনীয় পৰিশোধিত পানী সময়মতে খাই থাকিলে স্বাস্থ্যৰ পক্ষে পৰম হিতকাৰী৷
◾শৰীৰ চৰ্চাঃ দীঘলীয়া সময় ধৰি কাৰ্যালয়ত কমৰত লোকসকলে কামৰ মাজতে হ’লেও দুই এটা শৰীৰ চৰ্চাৰ অভ্যাস কৰা উচিত৷ দিনটোত অতি কমেও আধাঘণ্টা সময় খোজকঢ়াৰ অভ্যাস কৰিলেও শৰীৰ বহু ৰোগৰ পৰা মুক্ত হয়৷ এই ক্ষেত্ৰত পুৱা বা আবেলি নিৰ্দিষ্ট এটা সময় খোজকঢ়া বা অন্য আসন আদি কৰাৰ বাবে সময় উলিয়াই ল’ব লাগে৷
◾লিফ্টৰ পৰিৱৰ্তে চিৰিৰ ব্যৱহাৰঃ আধুনিক জীৱন চৰ্যা আৰামদায়ক হৈ পৰাৰ বিপৰীতে ই হৈ পৰিছে শৰীৰৰ বাবে ক্ষতিকাৰক৷ দৈনন্দিন অহা যোৱা কৰোতে বাইক-গাড়ী আদিৰ ব্যৱহাৰ সীমিত কৰি সম্ভৱস্থলত চাইকেল বা খোজকাঢ়ি যাতায়াত কৰিব পাৰিলে শৰীৰ বাবে অতি উত্তম৷ তদুপৰি বহু কাৰ্যালয়ত লিফ্টৰ ব্যৱহাৰ এতিয়া সাধাৰণ কথাত পৰিণত হৈছে৷ সেয়েহে পৰাপক্ষত লিফ্টৰ পৰিৱৰ্তে চিৰিৰে বগাই অহা যোৱা কৰাৰ অভ্যাস কৰিলে শৰীৰৰ ৰক্ত সঞ্চালন স্বাভাৱিক হোৱাৰ উপৰি ই স্বাস্থ্যৰ বাবে অতি উপযোগী৷