Logo
image

প্ৰযুক্তিৰ নতুন ক্ৰান্তিঃ ডীপছীক

২০ জানুৱাৰীত চীনত নিৰ্মিত কৃত্ৰিম বুদ্ধিমত্তাৰ মডেল ডীপছীকৰ শেহতীয়া সংস্কৰণ আৰ-ৰ মুকলি হোৱাৰ পাছৰে পৰা প্ৰযুক্তিজগত আৰু বিনিয়োগকাৰীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি হৈছে৷ এই মডেলটো এতিয়া উৎপাদনক্ষম কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰকাৰীৰ বাবে এক সস্তীয়া, সহজলভ্য আৰু মুক্ত উৎসৰ বিকল্প হৈ পৰিছে৷ ডীপছীক-আৰ-ৰৰ আৰম্ভণিৰ লগে লগেই কৃত্ৰিম বুদ্ধিমত্তাৰ জগতত নিজস্ব মান প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ লগতে এপ্পল ষ্ট’ৰত বিনামূলীয়াকৈ ডাউনলোড কৰিব পৰা এপ্‌সমূহৰ ভিতৰত শীৰ্ষস্থানত উপনীত হৈছে৷

ডীপছীকৰ বাবেই বিশ্বৰ, বিশেষকৈ আমেৰিকাৰ শ্বেয়াৰ বজাৰত ব্যাপক উত্থান-পতন হোৱা দেখিবলৈ পোৱা গৈছে৷ ডীপছীক মুকলি হোৱাৰ পাছতেই অৰ্থাৎ ২৭ জানুৱাৰীত বিশ্বৰ সৰ্ববৃহৎ চিপ নিৰ্মাতা কোম্পানী এনভিডিয়াৰ বজাৰ মূল্য ৬০০ বিলিয়ন ডলাৰ হ্ৰাস পাইছিল, যিটো আমেৰিকাৰ শ্বেয়াৰ বজাৰত এদিনৰ ভিতৰত হোৱা আটাইতকৈ পতন হিচাপে পৰিগণিত হৈছে৷ ইয়াৰ সমান্তৰালভাৱে চীনৰ প্ৰযুক্তিগত আধিপত্যক ৰোধ কৰিবৰ বাবে আমেৰিকাই যি অহৰহ প্ৰচেষ্টা চলাই আছে, তাৰো ফোঁপোলা স্বৰূপ সমগ্ৰ বিশ্বৰ সন্মুখত উন্মোচিত হৈছে৷

ডীপছীক-আৰ-১ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে– ই মুক্ত উৎসৰ, যাৰ বাবে প্ৰযুক্তি আৰু গৱেষণা অধিক সহজলভ্য হৈ পৰিছে৷ এই মডেলটো অন্য সংস্থাসমূহে তেওঁলোকৰ প্ৰকল্পসমূহত সহজেই ব্যৱহাৰ কৰিব পাৰে৷ নিৰ্মাতাসকলৰ মতে, ডীপছীক গণিত আৰু ক’ডিঙৰ ক্ষেত্ৰত অ’পেন এআইৰ সদ্যমুক্তি প্ৰাপ্ত অ’-১ৰ সমানেই শক্তিশালী৷ ই এনে এক বিচাৰ-বুদ্ধিসম্পন্ন মডেল, যিয়ে ক্ৰমাগতভাৱে সমস্যাৰ সমাধান আগবঢ়ায়৷ তদুপৰি, ডীপছীক-আৰ-১ত অন্যান্য কৃত্ৰিম বুদ্ধিমত্তাৰ মডেলসমূহতকৈ কম মেম’ৰী ব্যৱহাৰ হোৱাৰ বাবে ব্যয়সাধ্য এ আই মডেল হিচাপেও পৰিগণিত হৈছে৷

ডীপছীক মুক্ত উৎসৰ আৰু ব্যয়সাধ্য কৃত্ৰিম বুদ্ধিমত্তাৰ মডেল হোৱাৰ বাবেই ইয়াৰ প্ৰশিক্ষণ ব্যয়ো অ’পেন এআইৰ তুলনাত ৯৫ শতাংশ কম৷ ইয়াৰ প্ৰতি মিলিয়ন টোকেনত এপিআই মূল্য মাত্ৰ ০.৫৫ ডলাৰ, যিটো অ’পেন এআইৰ অ’-ৰ মডেলৰ মুঠ খৰচৰ মাত্ৰ দুশ শতাংশ৷ কৃত্ৰিম বুদ্ধিমত্তাৰ এই মডেলটোৱে ক্ষুদ্ৰ হাৰ্ডৱেৰতো সহজেই কাম কৰে আৰু এই মডেলটোৱে ১.৫-বিৰ পৰা ৭০বি পৰিমাপকৰ সক্ষমতাৰ সৈতে ব্যৱহাৰকাৰীৰ জিপিইউ (Graphics Processing Unit)ত বেছিভাগ কামৰ ক্ষেত্ৰত জিপিটি-৪১ সমকক্ষৰূপে আচৰণ কৰে৷

ডীপছীক আৰ-ৰত Mixture of Experts (MOE)ৰ ধাৰণামূলক গঠন, আৰএল (reinforcement learning)– প্ৰথম প্ৰশিক্ষণ আৰু জিআৰপিঅ’ (Group Relative Policy Optimisation) কলনবিধিক একত্ৰিত কৰি তোলাৰ বাবেই উপভোক্তাসকলৰ বাবে ই অধিক প্ৰভাৱশালী হৈ উঠিছে৷ ডীপছীকে কেৱল প্ৰয়োজনীয় পৰিমাপকসমূহকহে সক্ৰিয় কৰে, যাৰ বাবে গণনাত্মক ব্যয় হ্ৰাস পোৱাৰ লগতে গুণাগুণো বৃদ্ধি পাইছে৷

ডীপছীকৰ জনপ্ৰিয়তাই এই কথা স্পষ্ট কৰি দিছে যে, বৃহৎ বাজেট আৰু উচ্চস্তৰৰ চিপ নোহোৱাকৈও কৃত্ৰিম বুদ্ধিমত্তাত নতুনত্ব অনাটো সম্ভৱ৷ ইয়াৰ সফলতাই উচ্চস্তৰৰ চিপৰ প্ৰয়োজনীয়তা অনাগত দিনত হ্ৰাস কৰিব৷ ভৱিষ্যতৰ দিনসমূহত ই অ’পেন এআইৰ দৰে বৃহৎ প্ৰতিষ্ঠানসমূহৰ বাবেও পূৰামাত্ৰাই প্ৰত্যাহ্বান সৃষ্টি কৰাৰ সম্ভাৱনা আছে, যাৰ বজাৰ মূলধন ১৫৭ বিলিয়ন ডলাৰ৷ ব্যয়সাধ্য কৃত্ৰিম বুদ্ধিমত্তাৰ মডেল ডীপছীক মুকলি কৰাৰ ঘোষণাই গোলকীয় বিত্তীয় বজাৰক ব্যাপকভাৱে প্ৰভাৱিত কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত অ’ৰেক্‌ল, এনভিডিয়া, ডেল আৰু টেছলাৰ দৰে বৃহৎ প্ৰতিষ্ঠানসমূহ ক্ষতিগ্ৰস্ত হৈছিল৷ ফ’ৰ্বছৰ প্ৰতিবেদন অনুসৰি, এনভিডিয়া বিশ্বৰ আটাইতকৈ ডাঙৰ চিপ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছিল যদিও এতিয়া এপ্পল আৰু মাইক্ৰ’ছফ্‌টৰ পাছত ইয়াৰ স্থান তৃতীয়লৈ অৱনমিত হৈছে৷

আমেৰিকাই সাম্প্ৰতিক সময়ত এনভিডিয়াৰ দৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ওপৰত চীনলৈ উন্নতমানৰ চিপ ৰপ্তানি কৰাত বাধা-নিষেধ আৰোপ কৰিছিল যদিও ডীপছীকৰ দৰে চীনা প্ৰতিষ্ঠানসমূহৰ প্ৰতিষ্ঠাপকসকলে এই নিষেধাজ্ঞাক এক সুযোগ হিচাপে গ্ৰহণ কৰিছিল৷ MIT Technology Reviewৰ প্ৰতিবেদন অনুসৰি, এই নিষেধাজ্ঞাৰ বহু আগতেই ডীপছীকে ১০,০০০১ পৰা ৫০,০০০মান এনভিডিয়া এ-১০০ চিপ নিজৰ হাতত মজুত ৰাখিবলৈ সক্ষম হৈছিল বুলি অনুমান কৰা হৈছে৷

বিশ্বৰ অত্যন্ত জনপ্ৰিয় কৃত্ৰিম বুদ্ধিমত্তাৰ মডেলসমূহে ১৬ হাজাৰ বিশেষ চিপ ব্যৱহাৰ কৰে৷ কিন্তু ডীপচীকে নিজৰ কৃত্ৰিম বুদ্ধিমত্তাৰ মডেলটোত ২ হাজাৰ বিশেষ চিপৰ লগতে হাজাৰ হাজাৰ নিম্নস্তৰৰ চিপ ব্যৱহাৰ কৰি এই মডেলটোক প্ৰশিক্ষণ দিছে৷ ডীপছীকৰ সফলতাই চীনৰ চৰকাৰকো উৎসাহিত কৰিছে, কিয়নো দেশখনে আমেৰিকাৰ প্ৰভাৱৰ পৰা মুক্ত হৈ নিজাববীয়া প্ৰযুক্তিৰ বিকাশৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে৷ এনে থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা বিশ্বব্যাপি জনপ্ৰিয়তা অৰ্জন কৰিব পৰাকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ মডেল প্ৰস্তুতৰ বিষয়টোৱে ভাৰতৰ দৰে দেশসমূহকো থলুৱা প্ৰযুক্তিৰ আৱিষ্কাৰৰ ক্ষেত্ৰত উৎসাহিত কৰিব বুলি আশা কৰিব পাৰি৷