
বিচাৰপীঠৰ সিদ্ধান্ত অনুসৰিয়েই উচ্চ ন্যায়ালয় স্থানান্তৰৰ সিদ্ধান্ত
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ফেব্ৰুৱাৰীঃ গুৱাহাটী হাইক’ৰ্ট বাৰ এছ’চিয়েশ্বনে গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তকৰণৰ সন্দৰ্ভত তীব্ৰ বিৰোধিতা অব্যাহত ৰখাৰ মাজতে আজি মহাধিবক্তা দেৱজিৎ শইকীয়াই বিষয়টো সন্দৰ্ভত মুখ খুলিছে৷ কাৰ্যতঃ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ প্ৰসংগত বাৰ এছ’চিয়েশ্বনৰ সকলো দাবী, স্থিতিক নস্যাৎ কৰি শইকীয়াই আজি কয় যে অধিবক্তাসমাজৰ সুবিধাৰ বাবেহে ৰংমহললৈ হাইক’ৰ্ট স্থানান্তৰৰ সিদ্ধান্ত লোৱা হৈছে৷ উচ্চ ন্যায়ালয়ৰ সম্পূৰ্ণ বিচাৰপীঠৰ সিদ্ধান্ত অনুসৰিয়েই ন্যায়ালয় স্থানান্তৰ কৰা হ’ব৷ বৰ্তমান উচ্চ ন্যায়ালয়ৰ স্থানত পৰ্যাপ্ত পাৰ্কিঙৰ সুবিধা নাই, অধিবক্তাসকল বহাৰ স্থান নাই৷ ৰং মহলৰ ১৩৮ বিঘা মাটিত আৰম্ভ হৈছে নিৰ্মাণ কাৰ্য৷ এই বৃহৎ আন্তঃগাঁথনিত সকলো অত্যাধুনিক সুবিধা থাকিব৷
উল্লেখ্য, গুৱাহাটী হাইক’ৰ্ট বাৰ এছ’চিয়েশ্বনে চৰকাৰৰ সিদ্ধান্তক টোঘলকী আখ্যা দি ইন্দ্ৰপুৰলৈ নিব খুজিলেও আমি নাযাও বুলি মন্তব্য কৰিছিল৷ বশিষ্ঠত থকা অধিবক্তা এজন স্কুটাৰ চলাই কেনেকৈ ৰংমহললৈ যাব তথা উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল কেনেকৈ ৰংমহললৈ যাব বুলি বাৰ এছ’চিয়েশ্বনে চৰকাৰক প্ৰশ্ন কৰিছিল৷ হাইক’ৰ্টৰ মত নোলোৱাকৈ স্থানান্তৰকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলিও এছ’চিয়েশ্বনে দাবী কৰিছিল৷ কিন্তু আজি মহাধিবক্তা দেৱজিৎ শইকীয়াই দাবী কৰে যে উচ্চ ন্যায়ালয়ৰ সম্পূৰ্ণ বিচাৰপীঠৰ সিদ্ধান্ত অনুসৰিয়েই ন্যায়ালয় স্থানান্তৰ কৰাৰ বাবে চৰকাৰ আগবাঢ়িছে৷ ইফালে, বি চি চি আইৰ সচিব হিচাপে নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত মহাধিবক্তা দেৱজিৎ শইকীয়াক আজি অধিবক্তা সমাজে সম্বৰ্ধনা জনায়৷ অধিবক্তা মিলনৰ উদ্যোগত এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা বিজন মহাজন, দিগন্ত দাস, তন্ময়জ্যোতি মহন্ত, প্ৰাণ বৰাৰ লগতে আন বহুকেইগৰাকী অধিবক্তা উপস্থিত থাকে৷