Logo
image

শুই থাকোতে ফোনটো শিতানত ৰাখি ভুল নকৰিব

আমাৰ অসম বিশেষঃ ম’বাইল ফোনটো এতিয়া সকলোৰে বাবে দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিছে৷ ফোনটো নোহোৱাকৈ কোনেও চলিব নোৱাৰে৷ বহুতে নিশা শোৱাৰ সময়তো ফোনটোৰ ব্যৱহাৰ কৰি এটা সময়ত শিতানত ৰাখি টোপনিৰ কোলাত ঢলি পৰে৷ কিন্তু মনত ৰাখিব এই অভ্যাস অতি ভয়ংকৰ৷ আই চি আৰ এৰ গৱেষণাত এই বিষয়ে লাভ কৰা গৈছে কেইটামান চাঞ্চল্যকৰ তথ্য–

[১] ম’বাইল ফোনৰ পোহৰৰ তৰংগই ব্ৰেইন টিউমাৰৰ আশংকা বৃদ্ধি কৰে৷ কেতিয়াবা কেতিয়াবা ই কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধিৰ  কাৰণ হৈ পৰে৷ 

[২] ইজৰাইলৰ হাইফা বিশ্ববিদ্যালয়ৰ গৱেষণা মতে শুবলৈ যোৱাৰ কমেও আধা ঘণ্টা পূৰ্বে ম’বাইল ফোনটোৰ পৰা আঁতৰি থাকক৷ কাৰণ ফোন বা কম্পিউটাৰ আৰু টিভি স্ক্ৰীণৰ পৰা নিৰ্গত হোৱা নীলা ৰশ্মি আৰু পোহৰৰ তৰংগই টোপনিৰ হৰম’নৰ নিঃসৰণত ব্যাঘাত জন্মায়৷ সেয়ে বিশেষজ্ঞসকলে শোৱাৰ সময়ত ম’বাইল ফোনটো শিতানত ৰখাৰ অভ্যাসৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে৷