Logo
image

গাড়ী-ঘৰৰ ঋণৰ কিস্তি কমিল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ ফেব্ৰুৱাৰীঃ  ৫বছৰৰ পাছত ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট হ্ৰাস কৰাৰ লগে লগে বেংকৰ পৰা ঋণ লৈ থোৱা গ্ৰাহকৰ মুখত হাঁহি বিৰিঙিছে৷ ৰিজাৰ্ভ বেংকে শুকুৰবাৰে ২৫ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা কৰে৷ ফলত নতুন ৰেপো ৰেট হৈছে ৬.২৫ শতাংশ৷ ইয়াৰ পূৰ্বে ৰেপো ৰেট আছিল ৬.৫০ শতাংশ৷ ৰেপো ৰেট ৰিজাৰ্ভ বেংকে হ্ৰাস কৰাৰ ফলত বিভিন্ন বেংকৰ ঋণৰ সুদৰ হাৰ হ্ৰাস পোৱাৰ বাবেই ঋণগ্ৰস্তৰ মুখত সন্তুষ্টিৰ হাঁহি দেখা গৈছে৷ মুদ্ৰা কমিটীৰ তিনিদিনীয়া বৈঠক আজি শেষ হোৱাৰ লগে লগে ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কমিটীৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে৷ ৰেপো ৰেট হৈছে দেশৰ ৰাষ্ট্ৰীয়কৃত   আৰু বেচৰকাৰী বেংকে ৰিজাৰ্ভ বেংকক প্ৰদান কৰা সুদৰ হাৰ৷ সেয়ে ৰিজাৰ্ভ বেংকে ৰেপো ৰেট  হ্ৰাস কৰাৰ লগে লগে দেশৰ সকলো বেংকে ৰিজাৰ্ভ বেংকক প্ৰদান কৰিবলগীয়া সুদৰ হাৰ হ্ৰাস পাব৷ তেনেক্ষেত্ৰত বেংকসমূহে গ্ৰাহকৰ পৰা পূৰ্বে লৈ থকা সুদৰ হাৰো হ্ৰাস কৰিবলৈ বাধ্য হ’ব৷ ২০২০ চনৰ মে’ত ৰিজাৰ্ভ বেংকে শেষবাৰৰ বাবে ৰেপো ৰেট হ্ৰাস কৰিছিল৷ তাৰ পাছত ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বৃদ্ধি কৰিলেও বিগত দুবছৰ অপৰিবৰ্তিত ৰাখিছিল৷ যোৱা ডিচেম্বৰত ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি লাভ কৰে সঞ্জয় মালহোত্ৰাই৷ তেওঁ মুদ্ৰানীতি কমিটীৰ প্ৰথম বৈঠকতে এই সাহসী সিদ্ধান্ত গ্ৰহণ কৰে৷ দেশৰ আৰ্থিক ক্ষেত্ৰক এই সিদ্ধান্তই স্বচ্ছলতা প্ৰদান কৰাৰ আশা কৰিছে নতুন গৱৰ্ণৰে৷


এই সিদ্ধান্তৰ ফলত নতুনকৈ ঋণ ল’বলগীয়া গ্ৰাহক যিদৰে উপকৃত হ’ব, সেইদৰে ঋণগ্ৰস্ত পুৰণি গ্ৰাহকেও সুবিধা পাব৷ পুৰণি ঋণগ্ৰস্ত গ্ৰাহকে ঘৰ বা গাড়ী ইত্যাদিৰ যি পৰিমাণৰ মাহিলি কিস্তি প্ৰদান কৰি আছিল তাৰ পৰিমাণ এতিয়াৰ পৰা হ্ৰাস পাব৷ অৰ্থাৎ সংশ্লিষ্ট বেংকে ঋণৰ সুদৰ হাৰ হ্ৰাস কৰাৰ লগে লগে পুৰণি গ্ৰাহকে কম হাৰত সুদ ভৰিব লাগিব আৰু সুদৰ হাৰ হ্ৰাস হ’লেই তেওঁৰ কিস্তিৰ ধনৰ পৰিমাণো হ্ৰাস পাব৷ ‘এক্সটাৰ্নেল বেঞ্চমাক লিংকড ৰেট’ৰ ওপৰত যি যি প্ৰকাৰ ঋণ অন্তৰ্গত তেনে ঋণ যেনে গাড়ী, ঘৰ, এম এছ ইৰ সুদৰ হাৰ এই প্ৰক্ৰিয়াৰ ফলত হ্ৰাস পাব৷