
উক্তি-বক্ৰোক্তি
আমাৰ ওপৰত আস্থা ৰখাৰ বাবে দিল্লীবাসীক মই ধন্যবাদ জনাইছোঁ৷ এতিয়া দিল্লীও দেশৰ আন বিজেপিশাসিত উন্নত ৰাজ্যৰ দৰে আগবাঢ়ি যাব৷ সেই গেৰান্টি মই দিলোঁ৷
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
মই আগৰ পৰাই কৈ আহিছোঁ, নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীৰ আচৰণ আৰু চিন্তা-ভাৱনাৰ শুদ্ধতা থকা প্ৰয়োজন৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰাৰ্থীৰ জীৱন নিষ্কলংক হোৱা প্ৰয়োজন৷ তেওঁৰ জীৱনত ত্যাগ কৰাৰ প্ৰয়োজন৷ যাৰ মাজত এই গুণসমূহ থাকে, তেওঁলোকৰ ওপৰত ভোটাৰৰ বিশ্বাস জন্মে৷ মই এইবোৰ কথা বাৰে বাৰে কৈছোঁ৷ কিন্তু কেজৰিৱালৰ মূৰত এইবোৰ কথা প্ৰৱেশ নকৰিলে৷ তেওঁ অধিক গুৰুত্ব দিলে সুৰাৰ ওপৰত৷
– গান্ধীবাদী নেতা আন্না হাজাৰে
মোৰ তেনে ব্যক্তিৰ প্ৰতি সামান্য সহানুভূতিও নাই, যি দিল্লীবাসীৰ সপোন ধবংস কৰি দিলে৷ এতিয়া দিল্লী তেওঁৰ পৰা মুক্ত হ’ল৷ তেওঁ দেখুওৱা সপোনবোৰ ব্যক্তিগত আকাংক্ষা পূৰণৰ বাবে ব্যৱহাৰ কৰিলে৷ আজি দিল্লীবাসীয়ে ন্যায় লাভ কৰিছে৷ আনকি মোৰ অৰাজনৈতিক পত্নীয়েও আপৰ পৰাজয়ৰ খবৰ শুনি কান্দি উঠিছে৷
– প্ৰাক্তন আপ নেতা কুমাৰ বিশ্বাস
আম আদমি পাট¹ক বিজয়ী কৰোৱাৰ দায়িত্ব কংগ্ৰেছৰ নাই৷ সেইদৰে কংগ্ৰেছে আপৰ পৰাজয়ৰ দায়িত্বও নলয়৷ আপ বিজয়ী হোৱা মানে কংগ্ৰেছ বিজয়ী হোৱা নহয়৷ তদুপৰি কেজৰিৱালে কেইবামাহো আগতে আপে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আমাৰ সংগ এৰিছিল৷ তেনে পৰিস্থিতিত কংগ্ৰেছে আপৰ সৈতে একেলগে নিৰ্বাচনত যুটি বান্ধি প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো সুযোগ নাছিল৷ সেয়ে এতিয়া আপৰ পৰাজয়ত কংগ্ৰেছক দোষ দি লাভ নাই৷ সকলো দায়িত্ব কেজৰিৱালৰ নিজা৷
– কংগ্ৰেছ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাতে
দিল্লীৰ ভোটৰ ফলাফল ওলাল৷ জনতাৰ এই ৰায় আমি শিৰপাতি লৈছোঁ৷ বিজেপিক বিজয়ৰ বাবে অভিনন্দন জনাইছোঁ৷ যি আশা লৈ ভোটাৰে তেওঁলোকক ভোটদান কৰিলে, আশা কৰোঁ সেয়া বিজেপিয়ে পূৰণ কৰিব৷ আমি দায়িত্বশীল বিৰোধীৰ ভূমিকা ল’ম৷
– আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল