Logo
image

অনুষ্টুপীয়া বিবাহ অনুষ্ঠান আদানি পুত্ৰৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭  ফেব্ৰুৱাৰীঃ  ভাৰতৰ অন্যতম ধনাধ্য উদ্যোগী গৌতম আদানিৰ কনিষ্ঠ পুত্ৰ জিৎ আদানিৰ বিবাহক লৈ দেশজুৰি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ অৱশ্যে, ৰিয়ালেন্স   গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানিৰ পুত্ৰৰ বিবাহৰ দৰে চেলিব্ৰিটীৰ ভিৰৰ বাবে জিৎ আদানীৰ বিবাহ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰা নাই৷ অনুষ্টুপীয়াকৈ আয়োজন কৰা এই বিবাহখন চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈছে আদানি পুত্ৰৰ মানবীয় কাৰ্যৰ বাবেহে৷ বিগত প্ত ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে গৌতম আদানীৰ পুত্ৰ জিৎ আদানি আৰু দেশৰ প্ৰখ্যাত হীৰা ব্যৱসায়ী জৈমিন শ্বাহৰ কন্যা দিৱা শ্বাহৰ বিবাহ৷ এই বিবাহ অনুষ্ঠানতে জিৎ আদানিয়ে মানৱ কল্যাণৰ বাবে ১০ হাজাৰ কোটি টকা খৰচ কৰাৰ কথা ঘোষণা কৰে৷ সেই অনুসৰি প্ৰতিবছৰে বিশেষভাৱে সক্ষম ৫০০ গৰাকী মহিলা তথা নৱ বিবাহিতাক ১০ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব৷ এই কাৰ্যক ‘মংগল সেৱা’ নাম দিছে আদানি পৰিয়ালে৷ বিবাহ অনুষ্ঠানৰ প্ৰথম দিনটোতে ২১ গৰাকী দিব্যাংগ নৱবিবাহিতাক সাক্ষাৎ কৰি আৰ্থিক সাহায্য প্ৰদান কৰে জিৎ আদানিয়ে৷


টুইট যোগে গৌতম আদানিয়ে নিজেই ‘মংগল সেৱা’ৰ বাবদ ১০ হাজাৰ কোটি টকা উপহাৰ আগবঢ়োৱাৰ কথা ৰাজহুৱা কৰিছে৷ শুকুৰবাৰে বিবাহ অনুষ্ঠানৰ পাছতেই টুইটাৰত গৌতম আদানিয়ে এই সন্দৰ্ভত কয়– ‘সৰ্বশক্তিমান ঈশ্বৰৰ আশীৰ্বাদত জিৎ আৰু দিবাই আজি বিবাহৰ পবিত্ৰ গাঁঠি বান্ধিলে৷ আজি আহমেদাবাদত পৰম্পৰাগত ৰীতি-নীতি আৰু আপোনজনৰ মাজত শুভ মংগল ভাৱৰ সৈতে বিবাহ অনুষ্ঠিত হয়৷ এয়া আছিল এক সৰু আৰু অতি ব্যক্তিগত অনুষ্ঠান, গতিকে আমি সকলোকে আমন্ত্ৰণ কৰিব নোৱাৰিলোঁ৷ মোৰ ছোৱালী দিৱা আৰু জিৎৰ বাবে আপোনালোক সকলোৰে পৰা আন্তৰিকতাৰে আশীৰ্বাদ আৰু মৰম বিচাৰিছো৷’  উল্লেখ্য, বিবাহ উপলক্ষে ইস্কনৰ সহযোগত মহাকুম্ভত ৪৫ দিনৰ বাবে মহাপ্ৰসাদৰ আয়োজন কৰিছে আদানি গ্ৰুপে৷ গৌতম আদানিয়ে মহাকুম্ভলৈ গৈ মহাপ্ৰসাদ বিতৰণ কৰাও দেখা গৈছিল৷  হীৰা ব্যৱসায়ী জৈমিন শ্বাহৰ কন্যা দিৱা আৰু  জিৎ  আদানিৰ শুকুৰবাৰে আহমেদাবাদৰ বেলভেডেৰ ক্লাবত বিবাহপাশত আৱদ্ধ হয়৷ ঘৰুৱা অনুষ্ঠানটোত আত্মীয়-স্বজনৰ লগতে ঘনিষ্ঠ বন্ধু-বান্ধৱীসকল উপস্থিত থাকে৷ এই বিবাহ অনুষ্ঠানলৈ কোনো ছবি তাৰকা, ৰাজনীতিবিদ বা কূটনীতিবিদক নিমন্ত্ৰণ জনোৱা হোৱা নাছিল৷ সম্পূৰ্ণ অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিছিল এই হাইপ্ৰফাইল বিবাহখন৷ জিৎ আদানি বৰ্তমান আদানি বিমানবন্দৰৰ সঞ্চালক৷ ৬ টা  আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু  নভি মুম্বাই বিমানবন্দৰৰ তদাৰক কৰা জিৎ আদানি ইউনিভাৰ্চিটি অৱ পেনচিলভেনিয়াৰ স্কুল অৱ ইঞ্জিনিয়াৰিং এণ্ড এপ্লাইড ছায়েন্সৰ প্ৰাক্তন ছাত্ৰ৷