Logo
image

শিক্ষকৰ হাততো মোবাইল নিষিদ্ধ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ফেব্ৰুৱাৰীঃ  ছাত্ৰ-ছাত্ৰীয়েই নহয়, এইবাৰ শিক্ষকৰ হাততো ক্লাছৰ সময়ত মোবাইল ফোন নিষিদ্ধ কৰিলে জিলা শিক্ষা বিভাগৰ পৰিদৰ্শকৰ কাৰ্যালয়ে৷ শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ পৰিদৰ্শকে এক জাননী জাৰি কৰি জিলাখনৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যন্ত সকলো বিদ্যালয়তে ক্লাছৰ সময়ত শিক্ষকৰ হাততো মোবাইল ফোন নিষিদ্ধ কৰিছে৷ জাননীখনত কোৱা হৈছে যে একাংশ শিক্ষকে ব্যক্তিগত উদ্দেশ্যত  মোবাইল ফোন ক্লাছলৈ নিয়ে৷ ছাত্ৰ-ছাত্ৰীক পাঠদানৰ পৰিৱৰ্তে তেওঁলোকে মোবাইল চোৱাত ব্যস্ত থাকে৷


বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ শৈক্ষিক পৰিৱেশ ৰক্ষা তথা শৃংখলাবদ্ধতাৰ বাবেই শিক্ষকসকলৰ মোবাইল ফোন ব্যৱহাৰত কেতবোৰ বাধা আৰোপ কৰা হৈছে৷ এতিয়াৰে পৰা কেৱল ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি ৰেংকৰ্ডিং আৰু আন শৈক্ষিক উদ্দেশ্যতে মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰিব৷ ক্লাছত শৈক্ষিক কিবা কাৰণত মোবাইলৰ দৰকাৰ হ’লে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ আগতীয়া অনুমতি ল’ব লাগিব৷ এই জাননী মান্য নকৰাসকলৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷