Logo
image

প্লাষ্টিকৰ বটলৰ পানী খোৱাটো স্বাস্থসন্মতনে ?

 প্লাষ্টিকৰ বটলৰ পানীৰ পৰা বিভিন্ন সংক্ৰমণ হোৱাৰ তথ্য গৱেষণাত পোহৰলৈ আহিছে৷ মিনাৰেল ৱাটাৰৰ প্লাষ্টিকৰ বটলৰ পৰাও সংক্ৰমণ হ’ব পাৰে৷ সেয়েহে মিনাৰেল ৱাটাৰ বটলৰ ম্যাদ ব্যৱহাৰ কৰাৰ পূৰ্বেই পৰীক্ষা কৰিব লাগে৷ অসাৱধানবশতঃ ম্যাদ ওকলা ‘মিনাৰেল ৱাটাৰ’ খালে বিভিন্ন সংক্ৰমণ হ’ব পাৰে৷ একেদৰে নিম্নমানৰ প্লাষ্টিকৰ বটলত পানী থোৱাৰ পৰা বিৰত থাকিব লাগে৷ এনেধৰণৰ নিম্নমানৰ বটলত থোৱা পানী খালে তাৰ পৰাও বিভিন্ন বেক্টেৰিয়া সৃষ্টি হ’ব পাৰে৷ ফলত এনে পানী সেৱন কৰিলে স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হ’ব পাৰে৷ সাধাৰণতে গৰমৰ দিনত প্লাষ্টিকৰ বটলত ৰখা পানী কেইবাদিনলৈ ফ্ৰীজত ৰখা হয়৷ তেনে পানীত বেক্টেৰিয়া থাকিব পাৰে৷ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বেক্টেৰিয়াই অনেক ধৰণৰ সংক্ৰমণ সৃষ্টি কৰিব পাৰে৷ বিশেষকৈ বেছিলাছ বেক্টেৰিয়াই গেষ্ট˜’ইনটেষ্টানাইল সমস্যাৰ সৃষ্টি কৰে৷ যাৰ বাবে পেটৰ অসুখত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷


ফ্ৰীজত ৰখা পানীৰ বটলত কি বেক্টেৰিয়া থাকেঃ ফ্ৰীজত থোৱা পানীৰ বটলত বেক্টেৰিয়া সৃষ্টি হ’ব পাৰে৷ বিশেষকৈ সাধাৰণ প্লাষ্টিকৰ বটলত থোৱা পানীত সহজতেই বেক্টেৰিয়া সৃষ্টি হয়৷ সেইবাবে পানী থোৱা পাত্ৰটোৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে৷ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পানী ৰখাৰ বাবে প্লাষ্টিকৰ বটল ব্যৱহাৰ নকৰাই ভাল৷ ফ্ৰীজত ৰখা পানীৰ বটলটো সদায় উচ্ছমানৰ হ’ব লাগে৷ তদুপৰি দুই-চাৰিদিনৰ মূৰত বটলটো পৰিষ্কাৰ কৰিব লাগে৷ একেৰাহে এটা বটল ব্যৱহাৰ কৰি থাকিলে, সময়মতে পৰিষ্কাৰ নকৰিলে তাত সৃষ্টি হোৱা বেক্টেৰিয়াই স্বাস্থ্যাৰ ক্ষতি কৰিব পাৰে৷ 

ফ্ৰীজৰ তাপমাত্ৰাঃ  ফ্ৰীজৰ তাপমাত্ৰা ৪ ডিগ্ৰী চেলছিয়াচৰ ভিতৰত ৰাখিব লাগে৷ এইদৰে নিৰ্দিষ্ট তাপমাত্ৰাত থাকিলে বেক্টেৰিয়া সৃষ্টি হোৱাৰ আশংকা হ্ৰাস পায়৷