এইবোৰ লক্ষণ হ’ব পাৰে ব্ৰেইন টিউমাৰৰ ইংগিত
আমাৰ অসম বিশেষঃ ব্ৰেইন টিউমাৰৰ লক্ষণসমূহ খুবেই বিভ্ৰান্তিকৰ৷ সঘনাই মূৰৰ বিষ আৰু অৱসাদ আদিৰ দৰে উপসৰ্গসমূহ ব্ৰেইন টিউমাৰৰ লক্ষণ হ’ব পাৰে৷ ব্ৰেইন টিউমাৰৰ বাবেই যে সঘনাই মূৰৰ বিষত আক্ৰান্ত হ’ব লগা হৈছে সেয়া কেনেদৰে নিশ্চিত হ’ব৷ আজিৰ শিতানত এই সন্দৰ্ভত চিকিৎসা বিশেষজ্ঞই আগবঢ়োৱা পৰামৰ্শৰ বিষয়ে উল্লেখ কৰা হ’ল–
[১] সঘনাই মূৰৰ বিষঃ সাধাৰণ মূৰৰ বিষ আৰু ব্ৰেইন টিউমাৰজনিত মূৰৰ বিষৰ মাজত পাৰ্থক্য আছে৷ ব্ৰেইন টিউমাৰৰ বাবে হোৱা মূৰৰ বিষ সহজে আঁতৰাব নোৱাৰি৷ এনে মূৰৰ বিষ দিনৰ পাছত দিন অব্যাহত থাকে৷ আনকি পুৱা শুই উঠাৰ পাছৰে পৰা মূৰ বিষাবলৈ আৰম্ভ কৰে৷ এনে ক্ষেত্ৰত যদি কোনো দৰৱে কাম নিদিয়ে তেন্তে সময় নষ্ট নকৰি চিকিৎসকৰ কাষ চাপক৷
[২] দৃষ্টিশক্তি হ্ৰাস পোৱাঃ দৃষ্টিশক্তি হ্ৰাস পোৱাটোত বহুতেই গুৰুত্ব নিদিয়ে৷ এয়া বয়সজনিত কাৰণত হোৱা বুলিয়েই সৰ্বসাধাৰণৰ ধাৰণা৷ এনে সমস্যাৰ সন্মুখীন হ’লে চিকিৎসকৰ পৰামৰ্শ লওক৷ কিয়নো ব্ৰেইন টিউমাৰৰ বাবেও দৃষ্টিশক্তি হ্ৰাস পোৱা আৰম্ভ হয়৷
[৩] কথা কোৱাত সমস্যাঃ কথা কওঁতে লাগি ধৰা নাইবা কোনো সামগ্ৰী অথবা মানুহৰ নাম সাউতকৈ মনত নপৰাৰ লগতে আনৰ কথা বুজি পাওঁতে মুহূৰ্তৰ বাবে সমস্যা হোৱা আদি ব্ৰেইন টিউমাৰৰ লক্ষণ হ’ব পাৰে৷
[৪] শ্ৰৱণ শক্তি হ্ৰাস পোৱাঃ অকাৰণতে শ্ৰৱণ শক্তি হ্ৰাস পোৱা বা একেবাৰেই শুনিবলৈ নোপোৱা অথবা কাণত সোপা দিয়াৰ দৰে অনুভৱ হোৱা আদি সমস্যাৰ সন্মুখীন হ’লে চিকিৎসকৰ কাষ চাপক৷
[৫] ভাৰসাম্য হেৰুওৱাঃ খোজ কাঢ়োতে হঠাৎ ভাৰসাম্য হেৰুওৱা যেন অনুভৱ হ’লে, বিশেষকৈ আন্ধাৰত খোজ কাঢ়োতে সমস্যাৰ সন্মুখীন হোৱা আদি ব্ৰেইন টিউমাৰৰ লক্ষণ হ’ব পাৰে৷ তদুপৰি হঠাৎ চকুৰে আন্ধাৰ দেখাটোও ব্ৰেইন টিউমাৰৰ দৰে জটিল ৰোগৰ লক্ষণ হ’ব পাৰে৷
[৬] ভাগৰ লগাঃ অকাৰণতে ক্লান্তি বা ভাগৰ লাগিলে সহজভাৱে নল’ব৷ এনে সমস্যাৰ সন্মুখীন হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷