.jpg1739347914.jpg)
চেম্পিয়নছ ট্ৰফীত ভাৰতৰ সম্ভাৱনা
দীৰ্ঘদিনৰ অনিশ্চয়তাৰ পাছত আন্তঃৰাষ্টীয় ক্ৰিকেট কাউঞ্চিলৰ (আই চি চি) চেম্পিয়নছ ট্ৰফীৰ বাবে সাজু হৈছে আঠটা প্ৰতিদ্বন্দ্বী দল৷ আঠ বছৰৰ পাছত টুৰ্নামেণ্টখন পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ আই চি চিৰ টুৰ্নামেণ্টৰ বিষয়ে উল্লেখ কৰিলে ক্ৰিকেটপ্ৰেমীৰ মনলৈ প্ৰথমে আহে ভাৰত আৰু পাকিস্তানৰ মাজৰ প্ৰতিদ্বন্দ্বিতাৰ কথা৷ এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই৷ যদিও ভাৰতে চেম্পিয়নছ ট্ৰফীৰ খেল নিৰপেক্ষ স্থানত অৰ্থাৎ ডুবাইত খেলিব, তথাপি খেলখনক লৈ ক্ৰিকেটপ্ৰেমীৰ উৎসাহ-উদ্দীপনা কোনোগুণে হ্ৰাস পোৱা নাই৷ ২৩ ফেব্ৰুৱাৰীত হ’বলগীয়া খেলখনৰ টিকট বিক্ৰীৰ বাবে মুকলি কৰি দিয়াৰ কেইমিনিটমান পাছতে সমুদায় টিকট বিক্ৰী হোৱাটো তাৰেই প্ৰমাণ৷ আয়োজক পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজৰ খেলেৰে চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’ব আৰু ভাৰতে অভিযান আৰম্ভ কৰিব বাংলাদেশৰ বিৰুদ্ধে ২০ ফেব্ৰুৱাৰীত৷ চেম্পিয়নছ ট্ৰফীত ভাৰতে অভিযান আৰম্ভ কৰাৰ পূৰ্বে টুৰ্নামেণ্টখনত টীম ইণ্ডিয়াৰ সম্ভাৱনা কিমান তাক লৈ বৰ্তমান ক্ৰিকেট বিশ্বত যথেষ্ট চৰ্চা চলিছে৷ ইংলেণ্ডৰ বিৰুদ্ধে স্বদেশত অনুষ্ঠিত টুৱেণ্টী২০ আৰু এদিনীয়া শৃংখলা জয় কৰাৰ পাছত ভাৰতৰ এইবাৰৰ চেম্পিয়নছ ট্ৰফী জয়ৰ সম্ভাৱনা যথেষ্ট বেছি বুলিয়েই ক্ৰিকেট বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ দীৰ্ঘ সময় দুৰ্বল ফৰ্মৰে যুঁজি থকা অধিনায়ক ৰোহিত শৰ্মাই ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ফৰ্ম ঘূৰাই পোৱাটো আন দলৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে বুলিয়েই ধাৰণা কৰা হৈছে৷ অৱশ্যে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় দলৰ প্ৰধান চিন্তাটো হৈছে পেচ আক্ৰমণৰ মূল শক্তি যশপ্ৰীত বুমৰাৰ আঘাত৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্যসমাপ্ত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাত আঘাতপ্ৰাপ্ত বুমৰাই টুৰ্নামেণ্টখনত খেলিব পৰা-নোৱৰাটো এতিয়াও নিশ্চিত হোৱা নাই৷ বৰ্তমান তেওঁ বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত চিকিৎসকৰ তত্ত্বাৱধানত আছে৷
২০২৪ বৰ্ষটো বুমৰাৰ বাবে আছিল যথেষ্ট উৎসাহজনক৷ বছৰটোত দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে তেওঁ আই চি চিৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ লগতে বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰো বিবেচিত হৈছে৷ একেটা বছৰতে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত টুৱেণ্টী২০ বিশ্বকাপত ভাৰতক চেম্পিয়ন কৰোৱাতো তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল৷ ভাৰতৰ লগতে বিদেশৰ কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰে মন্তব্য কৰিছে যে বুমৰা যদি ভাৰতীয় দলত নাথাকে, তেন্তে ভাৰতৰ চেম্পিয়নছ ট্ৰফী জয়ৰ সম্ভাৱনা ৩০ শতাংশ হ্ৰাস পাব৷ টীম ইণ্ডিয়াত আন দুজন অভিজ্ঞ পেচ বলাৰ মহম্মদ ছামি আৰু অৰ্শদীপ সিঙো আছে যদিও বুমৰাৰ সৈতে তেওঁলোকক তুলনা কৰাটো যথেষ্ট কঠিন৷ এনে স্থিতিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বুমৰাৰ বাবে অন্তিম মুহূৰ্তলৈ অপেক্ষা কৰিব পাৰে৷ তেওঁ যদি খেলিব নোৱাৰে, তেন্তে অন্তিম মুহূৰ্তত দলত হৰ্ষিত ৰাণাক অন্তৰ্ভুক্ত কৰিব পাৰে৷ উল্লেখ্য, ২০১৭ চনত ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰত পাকিস্তানৰ হাতত পৰাস্ত হৈছিল৷ এইবাৰ সেই পৰাজয়ৰ পোতক তোলাৰ সুযোগ পাব টীম ইণ্ডিয়াই৷ কিন্তু তাৰ বাবে পূৰ্ণশক্তিত অৱতীৰ্ণ হ’ব লাগিব দলটো৷ ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াত শতকীয় ইনিংছ খেলি চেম্পিয়নছ ট্ৰফীৰ বাবে যে নিজকে সম্পূৰ্ণ সাজু কৰিছে তাৰ ইংগিত দিছে ৰোহিত শৰ্মাই৷ এতিয়া অপেক্ষা টীম ইণ্ডিয়াৰ আন এজন ছিনিয়ৰ খেলুৱৈ বিৰাট কোহলিয়ে ফৰ্ম ঘূৰাই পোৱালৈ৷ ৰোহিত শৰ্মা আৰু কোহলি স্বাভাৱিক ফৰ্মত থাকিলে আন দলৰ বাবে ভাৰতীয় দলটো হৈ পৰিব মূৰৰ কামোৰণি৷ ভাৰতীয় দলটোৰ আন এটা ইতিবাচক দিশ হৈছে দলটোত আছে একাধিক অলৰাউণ্ডাৰ, যিসকলৰ কঠিন পৰিস্থিতিত দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰাৰ সামৰ্থ্য আছে৷ ১৯৯৮ চনৰ পৰা আৰম্ভ হোৱা চেম্পিয়নছ ট্ৰফীত ভাৰত দুবাৰ চেম্পিয়ন হোৱাৰ বিপৰীতে দুবাৰ ফাইনেলত পৰাস্ত হৈছে৷ টুৰ্নামেণ্টখনৰ ইতিহাসত অষ্ট্ৰেলিয়া আৰু ভাৰত হৈছে সফলতম দল৷ সীমিত অভাৰৰ ক্ৰিকেটত শেহতীয়া সফলতাৰ ধাৰা অব্যাহত ৰাখি তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফী তুলি ধৰিব পাৰিবনে ৰোহিত শৰ্মা এণ্ড ব্ৰীগেডে? উত্তৰ দিব সময়েহে৷