
স্মৃতিশক্তি বৃদ্ধিৰ বাবে আখৰোট্ খাওক
স্মৃতি বিভ্ৰাটৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে৷ দৈনন্দিন কাম-কাজত স্মৃতি বিভ্ৰাটে বাধাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ আধুনিক জীৱনত স্মৃতিশক্তি হ্ৰাস পোৱাটো সাধাৰণ কথাত পৰিণত হৈছে৷ স্মৃতিশক্তি বৃদ্ধিৰ বাবে খাদ্য তালিকাত পুষ্টিগুণসমৃদ্ধ ফল অন্তৰ্ভুক্ত কৰিলে ভাল ফল পোৱা যায়৷ উল্লেখ কৰা হ’ল এনে কেইবিধমান ফল–
১) ব্লু-বেৰিঃ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ব্লু-বেৰিৰ দৰে দ্বিতীয়বিধ ফল নাই বুলিলেও হয়৷ এই ফলত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু এণ্টি অক্সিডেণ্ট থাকে৷ ব্লু-বেৰি নিয়মীয়াকৈ খালে মগজু সবল হৈ থকাৰ লগতে স্মৃতিশক্তি বৃদ্ধিত সহায় হয়৷
২) কোমৰাৰ বীজঃ কোমৰাৰ বীজত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু প্ৰোটিন থাকে৷ কোমৰাৰ বীজ শুকান অৱস্থাত বা তৰকাৰীত দি খালে যথেষ্ট ভাল ফল পোৱা যায়৷ কোমৰাৰ বীজ খোৱাৰ ফলত মানসিক চাপৰ পৰা মুক্ত হ’ব পাৰি৷
৩) ডাৰ্ক চকলেটঃ মানসিক চাপ হ্ৰাস কৰা, অৱসাদ দূৰ কৰাৰ লগতে স্মৃতিশক্তি বৃদ্ধিত ডাৰ্ক চকলেটে সহায় কৰে৷ নিয়মীয়াকৈ এটুকুৰা ডাৰ্ক চকলেট খালে স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী৷ এই চকলেটে বাৰ্ধক্যক বাধা দিয়াতো সহায় কৰে৷
৪) কফিঃ স্মৃতি শক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ কফি খোৱাৰ অভ্যাস কৰিব পাৰে৷ যদিও কফিত থকা কেফেইনে শৰীৰত বিৰূপ প্ৰভাৱ পেলায়, তথাপি কফিত আছে প্ৰচুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা৷
৫) আখৰোট্ঃ স্মৃতিশক্তি বৃদ্ধিৰ ক্ষেত্ৰত যিকোনো ধৰণৰ শুকান ফল অত্যন্ত উপকাৰী৷ বিশেষকৈ আখৰোট স্মৃতিশক্তি বৃদ্ধিৰ ক্ষেত্ৰত অত্যন্ত উপকাৰী৷ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ এইবিধ ফল খালে উপকাৰ পোৱা যায়৷