এ আইৰ লেখা কিয় পক্ষপাতমূলক
কৃত্ৰিম বুদ্ধিমত্তা (এ আই) কেতিয়াবা নিৰপেক্ষ বুলি ধৰিব পাৰি, কিন্তু বাস্তৱত এ আইৰ দ্বাৰা লিখা লেখাবোৰ পক্ষপাতমূলক৷ অলপতে সামাজিক মাধ্যমত এ আয়ে লিখা প্ৰথমটো প্ৰবন্ধ বুলি এটা লেখা দেখা গৈছে৷ কিন্তু এই এ আইৰ লেখাবোৰ পক্ষপাতমূলক হোৱাৰ সম্ভাৱনা এশ শতাংশ৷ সাধাৰণতে এজন ব্যক্তিয়ে এ আইক নিজৰ মতে কথাবোৰ প্ৰকাশ কৰিবলৈ বাধ্য কৰাব পাৰে৷ অৱশ্যে, কিছু পৰিমাণে এ আই চ্যাটবটবোৰক প্ৰগ্ৰেম কৰা হৈছে, যাতে সেইবোৰে বৈষম্যমূলক আচৰণক প্ৰশ্ৰয় নিদিয়ে৷ চ্যাটজিপিটিৰ নিজৰ ভাষাত, ‘OpenAI-এ কঠোৰ নিৰ্দেশনা দিছে যে বৰ্ণবাদী, ঘৃণনীয় বা বৈষম্যমূলক বিষয়বস্তু সৃষ্টি কৰাত নিষেধাজ্ঞা আছে৷ যদি কোনো ব্যক্তিয়ে এই নিৰ্দেশনাসমূহ উলংঘা কৰে, তেন্তে মই সেই সঁহাৰিটো নাকচ কৰিম বা পুনৰ নিৰ্দেশিত কৰিম৷’
তথাপি এ আইৰ পক্ষপাত থাকে৷ এ আইৰ পক্ষপাত বিভিন্ন কাৰণৰ বাবে হয়– প্ৰশিক্ষণৰ বাবে ব্যৱহূত তথ্য, প্ৰম্পটৰ ফ্ৰেমিং, আৰু মানুহৰ দ্বাৰা সৃষ্টি কৰা পেটাৰ্নৰ ওপৰত নিৰ্ভৰশীলতাৰ বাবেও৷ এই পক্ষপাতক উজাগৰ কৰিবলৈ, আমি ড’নাল্ড ট্ৰাম্পৰ বিতাৰণ নীতিৰ বিষয়ে দুটা ভিন্ন দৃষ্টিকোণ লক্ষ্য কৰিব পাৰোঁ৷
উদাহৰণ–(১)
ট্ৰাম্পৰ বিতাৰণ নীতিৰ সমৰ্থন৷ ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হৈ উঠিয়েই আইন কঠোৰভাৱে বলৱৎ কৰিবলৈ অগ্ৰাধিকাৰ দিলে, যাৰ উদ্দেশ্য আছিল আমেৰিকাৰ নাগৰিকৰ চাকৰি সংৰক্ষণ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰসাৰ৷ তেওঁৰ প্ৰশাসনে অপৰাধী অবৈধ অভিবাসীক বিতাড়ন কৰাত গুৰুত্ব দিছে, যাতে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰা যায়৷ এই নীতিসমূহ আইন-শৃংখলা ৰক্ষা কৰিছে, অবৈধ অভিবাসন প্ৰতিৰোধ কৰিছে, আৰু চৰকাৰী সম্পদৰ অপব্যয় কমাই আমেৰিকাৰ সাৰ্বভৌমত্ব অটুট ৰখাত সহায় কৰিছে৷
উদাহৰণ (২) ট্ৰাম্পৰ বিতাৰণ নীতিৰ বিৰোধিতা৷
ট্ৰাম্পৰ প্ৰব্ৰজনবিৰোধী বিতাৰণ নীতিসমূহৰ বিষয়ে ব্যাপক সমালোচনা হৈছে, বিশেষকৈ ইয়াক অতি কঠোৰতাৰে অৱলম্বন কৰা বাবে৷ এই নীতিৰ ফলত বহুতো পৰিয়ালৰ সদস্য এৰা-এৰি হ’ল, অভিবাসীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে, আৰু অপৰাধমূলক ৰেকৰ্ড নথকা কিন্তু দীৰ্ঘদিন ধৰি আমেৰিকাত বাস কৰা বহু লোকক নিৰ্বাসিত কৰা হ’ল৷ সমালোচকসকলৰ মতে, এই নীতি মূলতঃ জেনোফ’বিক [বিদেশীবিৰোধী] ধাৰণাৰ দ্বাৰা প্ৰেৰিত, ইয়াৰ উপৰি বন্দী শিবিৰসমূহত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ খবৰ ওলাইছিল, যিয়ে এই নীতিৰ অমানৱিক দিশ স্পষ্ট কৰিছে৷
এ আয়ে এনেকুৱা লেখাই লিখিব যিটো ব্যক্তিজনে বিচাৰে৷ ওপৰৰ দুটা উদাহৰণৰ পৰা এইটো কথা স্পষ্ট৷ উদাহৰণত কেৱল ‘প্ৰম্পটৰ ফ্ৰেমিং’ৰ লগত জড়িত পক্ষপাতহে পৰিস্ফুট হৈছে৷ কিন্তু এই পক্ষপাতিত্বৰ উৎস বেলেগ বেলেগ হ’ব পাৰে৷ ই হ’ব পাৰে তথ্য পক্ষপাতিত্বঃ এ আই মডেল প্ৰশিক্ষণ দিবলৈ ব্যৱহাৰ কৰা তথ্যত থকা পক্ষপাতিত্বই পক্ষপাতিত্বমূলক ফলাফল আমাক দিব পাৰে৷ এল্গৰিথ্মৰ পক্ষপাতিঃ তথ্যসমূহ পক্ষপাতহীন হ’লেও এল্গৰিথ্মে কিছুমান বৈশিষ্ট্যক অগ্ৰাধিকাৰ দিয়াৰ বাবেও বৈষম্যমূলক ফলাফলৰ সৃষ্টি কৰিব পাৰে, ইয়াৰ বাহিৰেও মানুহৰ পক্ষপাতিত্ব আছেই, ইত্যাদি৷ ইয়াৰ পৰা আমাৰ কি লোকচান হ’ব পাৰে? ধৰা হ’ল, এজন ব্যক্তিয়ে বেংকলৈ ঋণ বিচাৰি গৈছে, কিন্তু এল্গৰিথ্মৰ সহজাত পক্ষপাতিত্বৰ বাবে য’ত তেওঁৰ বয়স, ধৰ্ম, বৰ্ণ, জাতি ইত্যাদিৰো প্ৰভাৱ থাকিব, তেওঁ ঋণ নাপাব পাৰে৷ চাকৰিৰ বাবে পক্ষপাতি স্ক্ৰিনিং এল্গৰিথ্ম থাকিলে পৰম্পৰাগত ধাৰাৰ লগত খাপ নোখোৱা ব্যক্তিত্বৰ ব্যক্তিক এনে চাকৰি দিয়া নহ’ব পাৰে৷ স্বাস্থ্যসেৱাত আমেৰিকাৰ তথ্যৰে প্ৰশিক্ষণ দিয়া এ আই ছিষ্টেম এটাই যোৰহাটৰ ব্যক্তি এজনৰ বেমাৰৰ ভুল চিকিৎসাৰ পৰামৰ্শ দিব পাৰে৷ ছ’চিয়েল মিডিয়া, আইনৰ প্ৰয়োগ, আৰক্ষী ব্যৱস্থা সকলোতে এ আইৰ পক্ষপাতে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে৷ ৰাজনৈতিক নেতাসকলেও এ আই চ্যাটবটবোৰক নিজৰ নেৰেটিভৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেও পক্ষপাতিত্বৰে ব্যৱহাৰ কৰিব পাৰে৷ এই পক্ষপাত নাইকিয়া কৰিবলৈ তথ্যৰ সংশে¡ষণৰ সময়ত পক্ষৰ ভাৰসমতা ৰাখিব লাগিব৷ Explainable AI (XAI) অৰ্থাৎ এ আইৰ ভিতৰত কি হৈ আছে তাক যাতে ব্যাখ্যা কৰিব পৰা যায় এনে এ আইৰ বিকাশত গুৰুত্ব দিব লাগিব, ইত্যাদি৷ ইয়াৰ বাদেও নিশ্চয়কৈ আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা থাকিব, যি এই এ আইক পক্ষপাতমূলক নহ’বলৈ আইনীভাৱে বাধ্য কৰাব পাৰিব৷






