Logo
image

বিদেশী পুঁজি অসমলৈ আহিবনে

১৯৯১ চনত ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ আৰু উদাৰীকৰণৰ পাছৰ পৰা ভাৰতত বিদেশী পুঁজি বিনিয়োগ হৈছে আৰু তেতিয়াৰ পৰা ভাৰতে চকুত পৰা অৰ্থনৈতিক উন্নতিও কৰিছে৷ স্বাধীনতাৰ পাছৰ পৰা ৪ শতাংশ হাৰত বৃদ্ধি পোৱা জাতীয় আয় ১৯৯১ চনৰ পাছত ১১ শতাংশ হাৰতো বৃদ্ধি হোৱাৰ অভিলেখ গঢ়িছে৷ নিঃসন্দেহে বিদেশী পুঁজিৰ বিনিয়োগ অবিহনে জাতীয় আয়ৰ এই বৃদ্ধি সম্ভৱ নহ’লহেঁতেন৷ সত্তৰ-আশী দশকত ভাৰত আৰু চীনৰ অৰ্থনীতি সমপৰ্যায়ৰ আছিল৷ আজি ভাৰতৰ অৰ্থনীতিৰ আকাৰ ৩.৯ বিলিয়ন ডলাৰ আৰু চীনৰ ১৮.৫ বিলিয়ন ডলাৰ৷ চীনৰ অৰ্থনীতি ভাৰততকৈ পাঁচগুণ বেছি ডাঙৰ৷ চীনৰ এই উন্নতি কমিউনিজ্‌মৰ বাবে হোৱা নাই৷ চীনৰ উন্নতি হৈছে এফালে কট্টৰ স্বৈৰতান্ত্ৰিক শাসন আৰু বিদেশী পুঁজিৰ যুটিয়া উদ্যোগত৷ চীনৰ স্বৈৰতান্ত্ৰিক শাসনে গঢ়ি তোলা ৯-৯-৬ কৰ্ম-সংস্কৃতিৰ বাবে আৰু বিদেশী পুঁজিৰ বিনিয়োগৰ বাবে চীনৰ চমৎকাৰ উন্নতি হৈছে৷ ৯-৯-৬ কৰ্মসংস্কৃতিৰ অৰ্থ হ’ল পুৱা ৯ বজাৰ পৰা ৰাতি ৯ বজালৈ নিতৌ ১২ ঘণ্টাকৈ সপ্তাহৰ ৬ দিন কাম কৰাৰ সংস্কৃতি৷ চীনত কমিউনিজ্‌মো নাই, গণতন্ত্ৰও নাই৷ চীনত আছে পশ্চিমীয়া দেশতকৈও নিৰ্মম পুঁজিবাদ আৰু চৰম একনায়কত্ববাদ৷ কিন্তু নিৰ্মম পুঁজিবাদ আৰু নিৰ্মম স্বৈৰতান্ত্ৰিক শাসনেৰে চীনে পৃথিৱীৰ ইতিহাসত আটাইতকৈ কম সময়ত আটাইতকৈ অধিকসংখ্যক মানুহক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰিছে৷  ভাৰত চীনতকৈ পিছপৰি থাকিলেও ভাৰত এতিয়ালৈ চীনৰ দৰে চৰম একনায়কত্ববাদ আৰু চৰম পুঁজিবাদৰ সংমিশ্ৰণ হৈ পৰা নাই৷ হয়তো বেছিভাগ ভাৰতীয়ই চীনৰ দৰে সমাজ গঢ়ি উন্নত হ’বলৈ ৰাজী নহ’ব৷ চীনে ১৯৭৯ চনৰ পৰাই পুঁজিবাদী উন্নয়নৰ আৰ্হি আঁকোৱালি লৈছিল৷ ভাৰতে ১৯৯১ চনৰ পৰাহে অৰ্থনীতি বিদেশী পুঁজিৰ বাবে মুকলি কৰি দিছে, কিন্তু এতিয়াও ভাৰতত বিদেশী পুঁজি বিনিয়োগৰ ক্ষেত্ৰত বহুতো বাধা নিষেধ আছে৷

এই কথা সঁচা যে ১৯৯১ চনত বিদেশী পুঁজি বিনিয়োগ হোৱাৰ পাছৰ পৰা ভাৰতৰ আটাইতকৈ বেছিসংখ্যক লোক দাৰিদ্ৰ্য সীমাৰেখাৰ ওপৰলৈ উঠি আহিছে, কিন্তু লগতে অৰ্থনৈতিক বৈষম্যও বৃদ্ধি হৈছে৷ বহু মানুহে সচ্ছল জীৱন লাভ কৰিছে, মধ্যবিত্তৰ সংখ্যা বাঢ়িছে, কিন্তু বিলিয়নিয়াৰ ধনকুবেৰৰ সংখ্যাও বাঢ়িছে৷ ভাৰতে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱাৰ প্ৰয়াস চলাই আছে৷ ইয়াৰ বাবে ভাৰতে ক্ৰমান্বয়ে বেছিকৈ অৰ্থনীতি বিদেশী পুঁজি বিনিয়োগৰ বাবে মুকলি কৰি দিছে৷ কিন্তু ভাৰতৰ ভিতৰতে অৰ্থনৈতিক বিকাশৰ ছবিখন সমতাপূৰ্ণ নহয়৷ মহাৰাষ্ট্ৰ, গুজৰাট আদি পশ্চিম ভাৰতৰ ৰাজ্যকেইখন আৰু অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, তামিলনাডু, কৰ্ণাটক আৰু কেৰালাৰ দৰে দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনত অসম, উৰিষ্যা বা বিহাৰৰ দৰে ভাৰতৰ আন ৰাজ্যতকৈ বিদেশী পুঁজিৰ বিনিয়োগ বেছি হৈছে৷ বিদেশী পুঁজি প্ৰধানকৈ লাভ অৰ্জনৰ বাবে ভাৰতত বিনিয়োগ হয়৷ গতিকে যিবোৰ ঠাইত বিনিয়োগ কৰিলে লাভৰ সম্ভাৱনা অধিক, বিদেশী পুঁজি সেইবোৰ ঠাইত বিনিয়োগ হয়৷ বেংগালুৰু বা মুম্বায়ে বিদেশী পুঁজিক গুৱাহাটী বা পাটনাতকৈ অধিক আকৰ্ষণ কৰে৷ ষ্টক বজাৰত হোৱা বিদেশী পুঁজিৰ বিনিয়োগেও ইতিমধ্যে বিদেশী পুঁজিৰ বিনিয়োগেৰে আগবাঢ়ি যোৱা ক্ষেত্ৰবোৰক, সেই ক্ষেত্ৰবোৰত গঢ়ি উঠা প্ৰতিষ্ঠানবোৰক আৰু সেই প্ৰতিষ্ঠান গঢ়ি উঠা ঠাইবোৰক অধিক সম্পদশালী কৰে৷ 

বিভিন্ন কাৰণত বিদেশী পুঁজিৰ বাবে অসম এখন আকৰ্ষণীয় ঠাই নহয়৷ বেংগালুৰু বা মুম্বাইৰ স’তে গুৱাহাটী আৰু ডিব্ৰুগড়ক তুলনা কৰিলে মূলতঃ লাভ অৰ্জনৰ বাবে বিনিয়োগ কৰিব বিচৰাসকলে কাক নিৰ্বাচন কৰাৰ সম্ভাৱনা সৰহ? অসমৰ কোনবোৰ ক্ষেত্ৰত বিনিয়োগ কৰি বিদেশী পুঁজিয়ে ভাৰতৰ আন কোনো ঠাইত কৰিব নোৱৰা পৰিমাণৰ লাভ অৰ্জন কৰিব পাৰে? অসমত ‘এডভাণ্টেজ’ বা সূচলতাকৈ  ‘ডিছএডভাণ্টেজ’ বা অ-সূচলতাহে বেছি৷ কাৰণ বিদেশী পুঁজিৰ বাবে বিনিয়োগ কৰিবলৈ প্ৰায় সমগ্ৰ পৃথিৱীখন মুকলি হৈ আছে৷ বিদেশী পুঁজিৰ বাবে অসমে পৃথিৱীৰ স’তে প্ৰতিযোগিতাত নামিব লাগিব৷ 

শেহতীয়াকৈ ভাৰতৰ পৰা, বিশেষকৈ ষ্টক বজাৰত নিয়োজিত বিদেশী পুঁজিৰ ব্যাপক বহিৰ্গমন হৈছে৷ ২০২৪ চনৰ পৰাই ভাৰতৰ শ্বেয়াৰ বজাৰত বিদেশী পুঁজিৰ বহিৰ্গমনৰ বাবে হাহাকাৰ লাগি আছে৷ বহু কোম্পানীৰ শ্বেয়াৰৰ মূল্যৰ ব্যাপক পৰিমাণত পতন ঘটিছে৷ ২০২৫ চনৰ এতিয়ালৈ দুটা মাহো পাৰ হোৱা নাই৷ এই সময়ছোৱাত ৮৫ হাজাৰ কোটি টকাতকৈও অধিক পৰিমাণৰ ধন ভাৰতৰ শ্বেয়াৰ বজাৰত বিনিয়োগ হৈ থকা বিদেশী বিনিয়োগকাৰীৰ পুঁজি ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা উলিয়াই নিছে৷ একে সময়তে চীনৰ শ্বেয়াৰ বজাৰত বিদেশী পুঁজিৰ বিনিয়োগ বাঢ়িছে৷ ডলাৰৰ মূল্য টকাৰ তুলনাত নিতৌ অভাৱনীয় পৰিমাণত বাঢ়ি গৈ আছে৷ ভাৰতত হোৱা বিদেশী পুঁজিৰ বিনিয়োগৰ ছবিখনো উৎসাহজনক নহয়৷ 

এনে পৰিৱেশত অসমত বিদেশী পুঁজি বিনিয়োগৰ সম্ভাৱনা কিমান? বিদেশী পুঁজি দেশ-জাতিৰ সেৱা কৰিবলৈ অসমলৈ নাহে৷ লাভৰ সম্ভাৱনা দেখিলেহে আৰু একমাত্ৰ লাভ অৰ্জনৰ বাবেহে অসমত বিদেশী পুঁজি বিনিয়োগ হ’ব পাৰে৷ অসম ভাৰতৰ ভিতৰতে বিদেশী পুঁজিৰ বিনিয়োগৰ ক্ষেত্ৰত ১৯৯১ চনৰ উদাৰীকৰণৰ সময়ৰে পৰা এক ‘ডিছএডভাণ্টেজ্‌ড’ অৰ্থাৎ অ-সূচল অৱস্থাত আছে আৰু এই অসূচলতা বেংগালুৰু বা মুম্বাইৰ তুলনাত দিনে দিনে বাঢ়ি গৈ আছে৷ আজি সমগ্ৰ ভাৰত বিদেশী পুঁজিৰ বিনিয়োগৰ বাবে এক অসূচল অৱস্থাত আছে৷ তেনে সময়ত অসমৰ অ-সূচলতা বিদেশী পুঁজিৰ বিনিয়োগৰ ক্ষেত্ৰত আৰু অধিক প্ৰকট হৈ পৰিছে৷ এনে পৰিৱেশত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমলৈ বিদেশী বিনিয়োগ আনিবলৈ কৰা প্ৰয়াসক এক সাহসী আৰু অতি আশাবাদী প্ৰয়াস বুলিব লাগিব৷ এই প্ৰয়াস যদি কিছু হ’লেও সফল হয়, তেনেহ’লে সেয়া সামগ্ৰিকভাৱে ভাৰতজুৰি থকা অসূচল পৰিৱেশত এক ব্যতিক্ৰমী সফলতা হ’ব৷