
ইলন মাস্কৰ পৰিয়ালৰ সৈতে মোদী, শিশু সন্তানক উপহাৰ ‘ৰবীন্দ্ৰ ৰচনা’
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ ফেব্ৰুৱাৰীঃ আমেৰিকা ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিয়াল লৈ সাক্ষাৎ কৰিলে বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি ইলন মাস্কে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী থকা ব্লেয়াৰ পেলেচ নামৰ ৰাষ্ট্ৰপতিৰ অতিথিশালালৈ ইলন মাস্কে লগত লৈ আহিল তেওঁৰ বান্ধবী ছিভন ড্ৰিলিছ আৰু তেওঁৰ তিনিটি শিশু সন্তানক৷ মোদীৰ সৈতে সাক্ষাতৰ সময়ছোৱাত ইলন মাস্কেই নহয়, তেওঁৰ পৰিয়ালেও বেছ উপভোগ কৰিলে৷
মোদীৰ হাতত মাস্কে তুলি দিলে এক অদ্ভূত উপহাৰ৷ তেওঁৰ সংস্থা স্পেচ এক্সৰ এখন মহাকাশ যানৰ এটি অংশ মোদীক উপহাৰ দিলে এলন মাস্কে৷ আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে এলন মাস্কৰ তিনিটি সন্তানক উপহাৰ দিলে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত গ্ৰন্থ আৰু আন আন বিভিন্ন উপহাৰ৷ মাস্কৰ তিনি সন্তানক মোদীয়ে দিয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘দ্য ক্ৰিছেণ্ট মুন’, ‘দ্য আৰ কে নাৰায়ণ কালেকচন’, বিষ্ণু শৰ্মা ৰচিত ‘পঞ্চতন্ত্ৰ’৷ উল্লেখ্য, ২০২৪ চনৰ ১৩ অক্টোবৰত মহাকাশলৈ উৰা মৰা ইলন মাস্কৰ মহাকাশ যানখনৰ অংশটোত লিখা আছে ষ্টাৰশ্বিপ ফ্লাইট টেষ্ট-৫৷ মাস্কৰ সৈতে সাক্ষাতৰ বিষয়টো প্ৰধানমন্ত্ৰী মোদীয়ে মাস্কৰ মালিকানাধীন এক্স হেণ্ডেলত লিখি বিশদ বৰ্ণনা কৰিছে৷ তাত তেওঁ কেইবাখনো ফটোও দিছে৷ মোদীয়ে জনোৱা মতে মাস্কৰ সৈতে তেওঁৰ বিভিন্ন বিষয়ত আলোচনা হৈছে৷ ব্যৱসায়িক, কূটনীতি, ৰাজনীতিৰ লগতে পাৰিবাৰিক কথাও মাস্কৰ সৈতে আলোচনা কৰা বুলি মোদীয়ে জনাইছে৷