'জিলেলে জিলেলে' গীতৰ বিতৰ্ক প্ৰসংগত মুখ খুলিলে কণ্ঠশিল্পী সীমান্ত শ্বেখৰে
'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ সামাজিক মাধ্যমত 'জিলেলে জিলেলে' নামৰ শীৰ্ষক গীতৰ বিতৰ্কক লৈ সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিলে কণ্ঠশিল্পী তথা অসম ৰাজ্যিক বিত্তীয় নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ পাছতো 'জিলেলে' গীতটো সীমান্ত শেখৰে ৰাজীৱৰ পৰা চুৰি কৰা বুলি সামাজিক মাধ্যমত ব্যাপক ৰূপত সমালোচিত হৈ পৰিছে সীমান্ত শেখৰ। বিষয়টোৰ সন্দৰ্ভত আজি ডিব্ৰুগড়ত কণ্ঠশিল্পী সীমান্ত শেখৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, 'জিলেলে' গীতটোৰ মালিকীস্বত্ব হ'ল তিনিচুকীয়াৰ কিশোৰ বৰুৱা নামৰ এজন প্ৰযোজকৰ। কিশোৰ বৰুৱাই 'জিলেলে' গীতটো ৰাজীৱ শদিয়াকো গাবলৈ দিছিল আৰু মোৰ কণ্ঠটো বাণীবদ্ধ কৰিছিল। য'ত কম্প'জাৰ হিচাপে আছিল সঞ্জয় আৰু এলবাৰ্ট। ৰাজীৱ শদিয়াও গায়ক আৰু ময়ো গায়ক। এজনেই যিহেতু প্ৰযোজক মই ৰাজীৱ শদিয়াৰ পৰা গানটো কেনেকৈ চুৰি কৰিব পাৰোঁ। এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। গতিকে এইটো ভুল বুজাবুজি এটা হ'ল। মোৰ কণ্ঠত বাণীবদ্ধ হোৱা 'জিলেলে' গীতটি মুক্তিৰ ১৫ বছৰ আগতে ৰাজীৱ শদিয়াৰ সৈতে কথা হৈ গৈছিল। শেহতীয়াকৈ দিয়া মোৰ ফেচবুক পোষ্টটো ৰাজীৱে ভালদৰে পঢ়া হোৱা নাছিল। সেই পোষ্টটোত মই লিখিছিলোঁ 'আমাৰ গান' বুলি। 'আমাৰ' আৰু 'মোৰ' মাজত নিশ্চয় পাৰ্থক্য আছে। যিসকলে সেই বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে সেইসকলে সেই পোষ্টটো ভালদৰে যদি পঢ়ি চাই তাত 'আমাৰ' শব্দটো লিখা আছে। ফেচবুক পোষ্টটোত ৰাজীৱে দিয়া কমেন্টৰ পাছতে যোগাযোগ কৰিছিলোঁ। আৰু বিষয়টোৰ সন্দৰ্ভত বুজাবলৈ চেষ্টা কৰিছিলোঁ। হয়তো ৰাজীৱে সেই কমেন্টটো ডিলিট কৰিবলৈ পাহৰিল। ৰাজীৱ শদিয়াৰ মৃত্যুৱে অসমৰ সাংস্কৃতিক জগতখনত যথেষ্ট পৰিমাণে ক্ষতি হোৱা বুলি উল্লেখ কৰি সীমান্ত শেখৰে কয়, ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত আমাৰ পৰা আগবঢ়াবলগীয়া প্ৰয়োজনীয় সহায়খিনি আগবঢ়াব লাগে। তাকে নকৰি যদি বিতৰ্কলৈ টানি অনা হয়, তেনেহ'লে ৰাজীৱ শদিয়াৰ আত্মাই শান্তি নাপাব। ৰাজীৱ শদিয়াই জাতিটোৰ কাৰণে যথেষ্ট দি থৈ গৈছে।
আমি যিমান পাৰোঁ সকলোৱে ৰাজীৱ শদিয়াৰ পৰিয়ালক সহায় কৰিব লাগে। ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধলৈ যোৱা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক নাম নোলোৱাকৈ সমালোচনা কৰে সীমান্ত শেখৰে। কণ্ঠশিল্পী সীমান্ত শেখৰে কয়, ৰাজীৱ শদিয়া মৃত্যুৰ পূৰ্বৰে পৰা মোৰ লগত যোগাযোগত আছিল। ব্যক্তিগতভাৱে মোৰ লগত ৰাজীৱ যথেষ্টখিনি ভাল। ৰাজীৱৰ মৃত্যুৰ চাৰি-পাঁচ ঘন্টাৰ পাছত প্ৰথম ফেচবুক পোষ্টটো মোৰ পৰাই গৈছিল। কিন্তু ৰাজীৱ শদিয়াৰ ঘৰলৈ গৈ দিনে-ৰাতিয়ে ফটো দিয়াসকলৰ ফেচবুক পোষ্টত ৪৮ ঘন্টাৰ পাছতো ৰাজীৱ শদিয়াৰ মৃত্যুক লৈ ফেচবুক পোষ্ট দিয়া হোৱা নাছিল। তাৰ পাছতো তেওঁলোকৰ মাজত হঠাৎ ৰাজীৱ শদিয়াৰ মৃত্যুক লৈ আৱেগ-অনুভূতি ক'ৰপৰা আহিল। সেইটোও এটা প্ৰশ্নবোধক। ৰাজীৱ শদিয়া জীয়াই থকাৰ সময়ত ৰাজীৱ আৰু তেওঁৰ পৰিয়ালটোৰ কাৰণে কি কৰিলে সেয়াও প্ৰশ্নৰ বিষয়। আজি ৰাজীৱ শদিয়া মৃত্যুৰ পাছত নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে তালৈ গৈ যদি ফটো দিয়ে, ভাত ৰান্ধে, ৰাজীৱক ভাল পাই টুপচিঙাৰ ঘৰলৈ যোৱা এক-ডেৰলাখ মানুহৰ ওচৰত নেতা হ'ব খোজাটো কিমান সমিচীন, সেইবোৰ আজিৰ তাৰিখত অসমৰ ৰাইজে ভালকৈ বুজি পায়। একেদৰে কাৰো নাম উল্লেখ নকৰাকৈ 'কা' আন্দোলনত মৃত্যু হোৱা পঞ্চ শ্বহীদৰ প্ৰসংগও টানি আনিলে সীমান্ত শেখৰে। বিষয়টোক লৈ তেওঁ কয়, আগৰ আন্দোলনসমূহত আমি দেখিছোঁ যে, কাৰোবাৰ উচতনিত আমাৰ মাজৰ পৰা ডেকা ল'ৰা নোহোৱা হৈ গ'ল। কিন্তু ডেকা ল'ৰাবিলাকৰ পৰিয়ালৰ লগত সেই নেতাসকল আজিৰ তাৰিখত কিন্তু নাই। শিল্পীক সদায় শিল্পী হিচাপে থাকিবলৈ দিব লাগে বুলি উল্লেখ কৰি কয়, শিল্পীৰ লগত ৰাজনীতি কেতিয়াও একাকাৰ কৰিব নালাগে। শিল্পীক শিল্প কৰ্মত ব্যস্ত থাকিব দিব লাগে। অসমৰ ৰাইজে প্ৰতিজন শিল্পীক শিল্পী হিচাপে ভাল পায়। যিসকলে শিল্পীক লৈ ৰাজনীতি কৰিছে সেইসকলৰ ৰাজনীতি একেবাৰে ঋণাত্মক বুলি প্ৰসংগত উল্লেখ কৰে সীমান্ত শেখৰে।






